ETV Bharat / city

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱম সংযোজনৰ সৈতে সংযুক্ত হ’ব নামেৰী ৰাষ্ট্ৰীয় উদ্যান

author img

By

Published : Jan 25, 2022, 8:33 PM IST

Kaziranga National Park to be connect with Nameri National Park
Kaziranga National Park to be connect with Nameri National Park

এতিয়াৰে পৰা গঁড় দেখিবলৈ পোৱা যাব নামেৰী ৰাষ্ট্ৰীয় উদ্যানত (Rhino in Nameri National Park)৷ কিয়নো নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংযুক্ত হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱম সংযোজন ।

তেজপুৰ, ২৫ জানুৱাৰী : এতিয়াৰ পৰা শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংযুক্ত হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱম সংযোজন । অৰ্থাৎ শোণিতপুৰ জিলাত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱম সংযোজনৰ মোকোৱা চাপৰিৰ পৰা জীয়া ভৰলী নদীয়েদি নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংযুক্ত হোৱাৰ কথা জনালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে (Kaziranga National Park to be connect with Nameri National Park) ৷

Kaziranga National Park to be connect with Nameri National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱম সংযোজনৰ সৈতে সংযুক্ত হ’ব নামেৰী ৰাষ্ট্ৰীয় উদ্যান

তেওঁ জনায় যে, এতিয়াৰে পৰা গঁড় দেখিবলৈ পোৱা যাব নামেৰী ৰাষ্ট্ৰীয় উদ্যানত আৰু নামেৰীলৈ গঁড়ৰ স্থানান্তৰ হ’ব (Translocation of Rhino to Nameri National Park) । শিৱ কুমাৰে কয় যে, নৱম সংযোজনৰ মুঠ 2,570 হেক্টৰ এলেকা সামৰি ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কাম-কাজ কৰা হৈছে ৷ বাকী যাৱতীয় কাম সমূহ শোণিতপুৰ জিলাৰ উপায়ুক্তই তদাৰক কৰি আছে ।

জীয়া ভৰলী নদীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ সংগমস্থলী তেজপুৰৰ ভোমোৰাগুৰিৰ পৰা চকীঘাটৰ কাষেৰে কাজিৰঙাক নামেৰীত যোগাযোগৰ ব্যৱস্থা কৰা হৈছে ।

Kaziranga National Park to be connect with Nameri National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱম সংযোজনৰ সৈতে সংযুক্ত হ’ব নামেৰী ৰাষ্ট্ৰীয় উদ্যান

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাণকেন্দ্ৰ জীয়া ভৰলী নদী (Life line of Nameri National Park Jiya Bharali river)৷ ৰাষ্ট্ৰীয় উদ্যানখন পূৱ দিশে থকা বৰ দিকৰাই নদীৰ সমীপত অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ ছিজুছাঁ ৰাজহ চক্ৰৰ পাকে বন্য প্ৰাণী সংৰক্ষিত এলেকাৰ সৈতে মুঠ ১০০০ বৰ্গ কিলোমিটাৰ বিয়পি আছে । ইয়াৰ ভিতৰত নামেৰী হৈছে ২০০ বৰ্গ কিলোমিটাৰ আৰু নামেৰী ব্যঘ্ৰ প্ৰকল্প শোণিতপুৰ জিলাৰ সোনাই ৰূপাই সংৰক্ষিত বনাঞ্চলৰ লগত সংযুক্ত ।

নামেৰী ৰাষ্ট্ৰীয় উদ্যানে ১৯৯৯-২০০০ চনত অসমৰ দ্বিতীয় ব্যঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি লাভ কৰিছিল (Second tiger project of Assam)। বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯ টা সংযোজন আছে । পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ টা সংযোজন আছিল ৷ ৰাষ্ট্ৰীয় উদ্যানৰ আন তিনিটা সংযোজন সংযুক্ত কৰা হ’ল ২০২০ চনৰ ছেপ্টেম্বৰ মাহত ৷ ইয়াৰ পিছতে তেজপুৰৰ ভোমোৰাগুৰি নদী পৰ্যটন (River tourism in Bhumuraguri) আৰু জামুগুৰিহাটৰ পানপুৰ এলেকাত পৰ্যটকৰ বাবে জীপ চাফাৰী আৰম্ভ কৰা হৈছিল ।

লগতে পঢ়ক : Guwahati traffic problem: ধোঁৱাচাঙত GMDAৰ 'Comprehensive Mobility Plan'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.