ETV Bharat / city

তেজপুৰস্থিত সেনাৰ গজৰাজ ক'ৰৰ 58তম প্ৰতিষ্ঠা দিৱস পালন

author img

By

Published : Oct 4, 2020, 5:22 PM IST

সেনাৰ চতুৰ্থ ক'ৰ ওৰফে তেজপুৰস্থিত গজৰাজ ক'ৰে আজি পালন কৰে ইয়াৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷

তেজপুৰস্থিত সেনাৰ গজৰাজ ক'ৰৰ 58তম প্ৰতিষ্ঠা দিৱস পালন
তেজপুৰস্থিত সেনাৰ গজৰাজ ক'ৰৰ 58তম প্ৰতিষ্ঠা দিৱস পালন

তেজপুৰ, 4 অক্টোবৰ : ভাৰতীয় সেনাবাহিনীৰ 4ৰ্থ ক'ৰৰ 58তম প্ৰতিষ্ঠা দিৱস উদযাপন । গৌৰৱোজ্জ্বল 58 টা বছৰ ভাৰতীয় সেনা বাহিনীৰ গজৰাজ ক'ৰৰ ৷ উত্তৰ পূৰ্বাঞ্চলত সেনাৰ একমাত্ৰ বৃহত্তৰ মুখ্যালয় যিয়ে 1962 চনৰ ভাৰত চীনৰ যুদ্ধৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আজিও নিজৰ গৌৰৱেৰে ঠিয় দি আছে ৷ আজিৰ দিনটোত গজৰাজ ক'ৰ অৰ্থাৎ 4 ক'ৰ স্থাপন হৈছিল 1962 চনত, ভাৰত-চীনৰ যুদ্ধৰ মাজভাগত আৰু তেতিয়াৰ পৰাই উগ্ৰপন্থী বিৰুদ্ধে অভিযানকে ধৰি বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সেনাৰ অন্যতম অংগটোৱে । কেৱল এয়াই নহয় 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত গজৰাজ ক'ৰে আগবাঢ়ি গৈ ঢাকাৰ মেঘনা হেলি ব্ৰীজ অপেৰেচন আৰু লিবাৰেচন অৱ বাংলাদেশত ভাগ লৈছিল । তেতিয়াৰ ক'ৰ কামাণ্ডাৰে MI-4 হেলিকপ্টাৰ ৰ সহায়ত মেঘনা নদী পাৰ হৈ এই 4 ৰ্থ ক'ৰৰ সেনাক পাকিস্তানী সৈন্যক পৰাভূত কৰাত সহায় কৰিছিল আৰু প্ৰথম ঢাকাত উপস্থিত হৈছিল । আজিৰ এই বিশেষ দিনটোত গজৰাজ ক'ৰৰ জি অ চি লেফ্টনেণ্ট জেনেৰেল শান্তনু দয়ালে গজৰাজ ক'ৰত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি বীৰ শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু বীৰ সৈনিক বিষয়া সকলক স্মৰণ কৰে । এই ক'ৰৰ সকলো সৈনিক বিষয়া লাইন অব একছুৱেল কট্ৰ'লত থকা সকলোৱে স্মৰণ কৰে বুলি জনায় প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে. কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডে ।

লগতে পঢ়ক : এনএছচিএন আলফাৰে ভয়াৱহ সংঘৰ্ষত শ্বহীদ আছাম ৰাইফলছৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.