ETV Bharat / city

চৰকাৰ তথা সেনাবাহিনীৰ বিৰুদ্ধে অসন্তুষ্ট চীনা সীমান্তত নিৰুদ্দিষ্ট তাপৰ পুলমৰ পৰিয়াল

author img

By

Published : Aug 17, 2022, 8:39 PM IST

Updated : Aug 17, 2022, 9:53 PM IST

Tapor Pullom missing news
Tapor Pullom missing news

বিগত সাত বছৰৰ চীনৰ কৱলত এজন ভাৰতীয় (Tapor Pullom missing news) ৷ আজিও সন্ধান নাই অৰুণাচল প্ৰদেশৰ তাপৰ পুলমৰ ৷ ছেপ্টেম্বৰ মাহত যন্ত্ৰৰ মন্তৰত ধৰ্ণাত বহিব পৰিয়াল ।

তেজপুৰ, ১৭ আগষ্ট: অৰুণাচল প্ৰদেশৰ চি-য়মী জিলাৰ পৰা ৭ বছৰ পূৰ্বে চীনা সৈন্যই তাপৰ পুলম নামৰ লোকজনক অপহৰণ কৰি লৈ যোৱা ঘটনাৰ পিছত পৰিয়ালৰ লোকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত চীনৰ কবলৰ পৰা লোক জনক ঘূৰাই অনাৰ বাবে আবেদন কৰি কৰিও ব্যৰ্থ হৈ পৰিছে (PLA abducted Arunachal man Tapor Pullom) ।

দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰাৰ সময় এই পৰিয়ালটো স্বাধীনতা দিৱস উদযাপনৰ পৰা বিৰত থাকিল (Tapor Pullom family refrained from celebrating Independence Day)। ইটিভি ভাৰতৰ লগত হোৱা এক বাৰ্তাত পৰিয়ালটোৰ বোৱাৰী আমনী দিৰোয়ে (Tapor Pullam daughter in law) ক্ষোভ প্ৰকাশ । সম্প্ৰতি নতুন দিল্লীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎকাৰ বাবে ধন যোগাৰ কৰিছে আমনীয়ে ।

Tapor Pullom missing news
তাপিৰ গাৱলৈ এছ জয় শংকৰৰ পত্ৰ

ঘটনা অনুসৰি ৭ বছৰ পূৰ্বে ২০১৫ চনত ভাৰত-চীন সীমান্ত চি-য়মী জিলাৰ মনিগং গাঁৱৰ তাপৰ পুলম নামৰ এজন লোকক চীনা সৈন্যই সীমান্তৰ তাগি বগু পাছ নামৰ ঠাইৰ পৰা অপহৰণ কৰি যোৱাৰ অভিযোগ উত্থাপন কৰিছে তাপৰ পুলমৰ বোৱাৰী আমনী দিৰোৱে (Tapor Pullom missing from China border) । এই বছৰতে উজনি চিয়াং জিলাৰ মিৰাম নামৰ এজন যুৱকক মিৰাম টেৰণক চীনা সৈন্যই অপহৰণ কৰি নিয়াৰ পিছত ১২ দিনৰ দিনা ভাৰতীয় সেনাৰ হস্তক্ষেপত পুনৰ উভতাই অনা হৈছিল (Arunachal youth kidnapped by PLA) ৷ এই ঘটনাৰ পাচত আমনীয়ে এক আশাৰ ৰেঙণি দেখিছিল ।

যোৱা এপ্ৰিল মাহত সংসদত পূৱ অৰুণাচল প্ৰদেশৰ সাংসদ তাপীৰ গাৱে এই বিষয়ে উত্থাপন কৰাত, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে গাৱক এখন পত্ৰৰ জৰিয়তে ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা চীনা সৈন্যৰ লগত বিষয় সম্পৰ্কে আলোচনা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে । ইয়াৰ পিছত আমনীয়ে স্থানীয় সেনাৰ ব্ৰিগেদৰ ওচৰত খবৰ বিচাৰি হাবাথুৰি খাই এইবাৰ দিল্লীত যন্ত্ৰৰ মন্তৰত পৰিয়ালৰ সৈতে ধৰ্মঘটত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি কয় ।

Tapor Pullom missing news
চৰকাৰলৈ পৰিয়ালৰ আবেদন

ঘটনা অনুসৰি পুলমৰ বন্ধু তা'ক য়ৰচিৰ লগত ২০১৫ চনৰ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত চিকাৰৰ বাবে গৈছিল ৷ দুয়োজন ছেপ্টেম্বৰ মাহৰ ২১ তাৰিখে ঘূৰি অহাৰ কথা আছিল যদিও কেৱল তা'ক য়ৰচিহে ঘূৰি আহিল । প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে এই কথা সেনা আৰু পুলিচৰ ভয়ত ৰাজহুৱা কৰা নাছিল । পৰৱৰ্তী সময়ত তাপৰ পুলমে চিকাৰ কৰিবলৈ যোৱা স্থানত পৰিয়ালৰ লোক উপস্থিত হৈ এটা কেম্পত খাদ্য বনোৱা দুখন চামুচ, কিছু পৰিমাণৰ চিকাৰ কৰি অনা শুকান মাংস দেখিবলৈ পায় । ইয়াৰোপৰি তাপৰ পুলমে ব্যৱহাৰ কৰা এটা জেকেট আৰু চিকাৰ কৰা বন্দুকটোও উদ্ধাৰ কৰা হয় বুলি বোৱাৰীয়েক আমনী দিৰোৱে ইটিভি ভাৰতক জানিবলৈ দিয়ে (Tapor Pullom latest news)।

চৰকাৰ তথা সেনাবাহিনীৰ বিৰুদ্ধে অসন্তুষ্ট চীনা সীমান্তত নিৰুদ্দিষ্ট তাপৰ পুলমৰ পৰিয়াল

নিৰুদ্দিষ্ট তাপৰ পুলমৰ বন্ধুৱে পৰিয়ালক জনায় যে, চীনা সৈন্যৰ কেইজনমান লোকে পুলমক মুখত কাপোৰ বান্ধি কোনো কথা ক’বলৈ নিদিয়াকৈ ধৰি লৈ যায় ৷ তাৰ পিছত দিৰো আৰু পৰিয়ালৰ লোকে আলো অঞ্চলত থকা ভাৰতীয় সেনাক সম্পূৰ্ণ ঘটনাৰ বিৱৰণ দিয়ে ৷ ঘটনাৰ বিষয়ে জনাৰ পিছত সেই বছৰৰে ডিচেম্বৰ মাহত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক সাক্ষাৎ কৰি ঘটনা সম্পৰ্কে লিখিত আবেদন জনায় । বৰ্তমান আইন বিভাগত অধ্যয়ন কৰি থকা নিৰুদ্দিষ্ট অৰুণাচলী লোকজনৰ বোৱাৰী দিৰোৱে শেহতীয়াকৈ অন্য এজন অৰুণাচলী যুৱকক চীনা সৈন্যই মুকলি কৰি দিয়াত তাপৰ পুলমৰ সন্দৰ্ভত পুনৰ চৰকাৰলৈ আবেদন জনাইছে ।

Tapor Pullom missing news
সেনালৈ আবেদন

আনহাতে পূৰ্বতে অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ কংগ্ৰেছৰ বিধায়ক তথা পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙে এই ঘটনা সম্পৰ্কে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক এখন পত্ৰ প্ৰেৰণ কৰাৰ কথা জনায় ইটিভি ভাৰতক । আমনী দিৰোৱে লগতে কয় যে, চৰকাৰে তেওঁৰ শহুৰেকৰ বিষয়ে আলোচনা কৰি পৰিয়ালক উত্তৰ দিব লাগে যে তাপৰ পুলমক চীনা সৈন্যই মৃত্যুদণ্ড দিলে নেকি ? যদি দিয়া নাই তেন্তে তেওঁক ঘূৰাই আনিব লাগে ৷ বিগত সাতটা বছৰে তেওঁলোক এক বৃহৎ মানসিক সমস্যাৰ মাজত আছে ৷ আনহাতে ইতিমধ্যে পুলমৰ পত্নীৰো মৃত্যু হৈছে ।

লগতে পঢ়ক : ভাৰত চীন যুদ্ধকে ধৰি বহুকেইখন যুদ্ধৰ অভিজ্ঞতা বৰ্ণনা কৰিলে প্ৰাক্তন সেনা বিষয়া ডি বি লামাই

Last Updated :Aug 17, 2022, 9:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.