ETV Bharat / city

ভাৰতীয় নৌ সেনাত নিচি সম্প্ৰদায়ৰ প্ৰথমগৰাকী চাব-লেফটেনেন্ট

author img

By

Published : May 31, 2022, 8:56 PM IST

dongche-bapu-first-sub-lieutenant-from-nyishi-community
dongche-bapu-first-sub-lieutenant-from-nyishi-community

কুৰুং কুমে জিলাৰ ডংচে বাপুয়ে আজি পাহাৰীয়া ৰাজ্যখনৰ নিচি (Nyishi) সম্প্ৰদায়ৰ মাজলৈ এই আনন্দৰ খবৰ কঢ়িয়াই আনিছে । ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ এই সম্প্ৰদায়ৰ পৰা ভাৰতীয় নৌ সেনাত এনে এক উচ্চ পদত কোনেও নিযুক্তি লাভ কৰা নাছিল ।

তেজপুৰ, ৩১ মে' : ভাৰতীয় নৌ সেনাত চাব-লেফটেনেণ্ট (Sub-Lieutenant)পদত নিযুক্তি লাভ কৰা প্ৰথম গৰাকী নিচি (Nyishi) সম্প্ৰদায়ৰ লোক হিচাপে চিহ্নিত হৈছে অৰুণাচল প্ৰদেশৰ ডংচে বাপু ৷ কুৰুং কুমে জিলাৰ ডংচে বাপুয়ে আজি পাহাৰীয়া ৰাজ্যখনৰ নিচি (Nyishi) সম্প্ৰদায়ৰ মাজলৈ এই আনন্দৰ খবৰ কঢ়িয়াই আনিছে ।

  • Son of Arunachal Pradesh Brings Pride.

    It's heartening that Dongche Bapu has been inducted as Sub-Lieutenant in the Indian Navy, becoming first Naval officer from the Nyishi community.

    My best wishes for his dedicated services to Maa Bharti.@indiannavy pic.twitter.com/9pvB5kY6YJ

    — Pema Khandu པདྨ་མཁའ་འགྲོ་། (@PemaKhanduBJP) May 31, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ এই সম্প্ৰদায়ৰ পৰা ভাৰতীয় নৌ সেনাত এনে এক উচ্চ পদত কোনেও নিযুক্তি লাভ কৰা নাছিল । অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাৰ আৰ কে মিছন নৰোত্তম নগৰ বাসিন্দা ডংচে বাপুৱে আজি ভাৰতীয় নৌ সেনাত চাব-লেফটেনেণ্ট হিচাপে যোগদান কৰিছে ।

ভাৰতীয় নৌ সেনাত নিচি সম্প্ৰদায়ৰ প্ৰথমগৰাকী Sub-Lieutenant
ভাৰতীয় নৌ সেনাত নিচি সম্প্ৰদায়ৰ প্ৰথমগৰাকী Sub-Lieutenant

ডংচে তাজুক আৰু ডংচে য়ানাঙৰ পুত্ৰ বাপুৱে ভাৰতীয় নৌ সেনাৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আই এন এত যোগদান কৰে । অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে টুইটাৰ যোগে বাপুক প্ৰশংসা কৰাৰ লগতে ৰাজ্যখনৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ।

লগতে পঢ়ক: পুনৰ অসমৰ ৰাজনীতিত 'কবিতা'ৰ চৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.