ETV Bharat / city

মণিপুৰত আছাম ৰাইফলছৰ বিনামূলীয়া চিকিৎসা শিবিৰ

author img

By

Published : Oct 10, 2022, 10:45 PM IST

আছাম ৰাইফলছৰ উদ্যোগত মণিপুৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ (Assam Rifles organises medical camp in Manipur) ৷ মোডী বেটেলিয়নৰ চিকিৎসা বিষয়াই পৰিচালনা কৰে স্বাস্থ্য শিবিৰটো ৷ মুঠ ৬৫ গৰাকী লোকে চিকিৎসা গ্ৰহণ কৰে এই শিবিৰটোত ৷

Assam Rifles organises medical camp in Manipur
মণিপুৰত আছাম ৰাইফলছৰ বিনামূলীয়া চিকিৎসা শিবিৰ

তেজপুৰ,১০ অক্টোবৰ: স্পেয়াৰ কৰ্পছৰ তত্বাৱধানত IGAR(S)ৰ মোদী বেটেলিয়নে সোমবাৰে মণিপুৰত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে(Assam Rifles holds medical camp) ৷ মণিপুৰৰ চান্দেল জিলাৰ আনল খুলেন গাঁৱত এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয় ৷

Assam Rifles organises medical camp in Manipur
মণিপুৰত আছাম ৰাইফলছৰ বিনামূলীয়া চিকিৎসা শিবিৰ

আছাম ৰাইফলছৰ উদ্যোগত আনল খুলেন আৰু নিকটৱৰ্তী গাঁৱৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰা বাবে এই বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় । চিকিৎসা শিবিৰত স্বাস্থ্য পৰীক্ষা আৰু অত্যাৱশ্যকীয় ঔষধ বিতৰণকে ধৰি একাধিক সেৱা সামৰি লোৱা হয় ।

Assam Rifles organises medical camp in Manipur
মণিপুৰত আছাম ৰাইফলছৰ বিনামূলীয়া চিকিৎসা শিবিৰ

এই বিনামূলীয়া স্বাস্থ্য শিবিৰটো পৰিচালনা কৰে মোডী বেটেলিয়নৰ চিকিৎসা বিষয়াই । মোডী বেটেলিয়ন ইউনিট হাস্পতালৰ দলটোৱে অঞ্চলটোৰ মুঠ ৬৫ গৰাকী লোকক চিকিৎসা প্ৰদান কৰে(Assam Rifles organises medical camp at remote area) ।

লগতে পঢ়ক: আগৰতলা পর্যন্ত সম্প্ৰসাৰণ গুৱাহাটী-কলকাতা-গুৱাহাটী এক্সপ্ৰেছ ৰেলসেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.