ETV Bharat / city

স্বাস্থ্য বিভাগত চাকৰি ওলালে চোকা মানুহ জালুকবাৰী সমষ্টিত ওলাই : লুৰীণজ্যোতি গগৈ

author img

By

Published : Sep 16, 2022, 8:16 PM IST

‘‘OMR চিটৰ যোগেদি চাকৰি সমূহ দলীয় নেতা তথা বিধায়ক সকলৰ পৰিয়াল আৰু অঙহী-বঙহীক দিয়াত সহায় কৰিছে ৷ মানৱ ডেকা আৰু ৰামেশ্বৰ তেলীৰ অঙহী-বঙহীয়ে চাকৰি পাইছে’’ ৷ সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে সৰব লুৰীণজ্যোতি গগৈ (Lurinjyoti Gogoi on recruitment scam)৷

Lurinjyoti Gogoi on recruitment scam
Lurinjyoti Gogoi on recruitment scam

তেজপুৰ, 16 ছেপ্টেম্বৰ: শেহতীয়াকৈ ৰাজ্যত উত্থাপিত হোৱা চাকৰি নিযুক্তিৰ দুৰ্নীতি সন্দৰ্ভত সৰৱ হৈ পৰিল লুৰীণজ্যোতি গগৈ ৷ ‘‘OMR চিটৰ যোগেদি চাকৰি সমূহ দলীয় নেতা তথা বিধায়ক সকলৰ পৰিয়াল আৰু অঙহী-বঙহীক দিয়াত সহায় কৰিছে ৷ মানৱ ডেকা আৰু ৰামেশ্বৰ তেলীৰ অঙহী-বঙহীয়ে চাকৰি পাইছে ৷ OMR চিটৰ যোগেদি দুৰ্নীতি কৰা সহজ’’ । সংবাদমেল যোগে এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi on recruitment scam) ৷

তেওঁ কয় যে, চিকিৎসা মহাবিদ্যালয় সমূহ পুতলা চিকিৎসা মহাবিদ্যালয়লৈ পৰ্যবসিত হৈছে । মেডিকেল কলেজ সমূহত চিকিৎসাৰ অভাৱ (Medical colleges in Assam) ৷ তেজপুৰ মেডিকেল কলেজত বৰ্তমানেও চিকিৎসক নাই, যাৰ বাবে ৰোগীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে । কেঞ্চাৰ হাস্পতাল উদ্বোধনী অনুষ্ঠানত ১০০ কোটি টকা খৰচ কৰিছে কিন্তু তাৰ পৰিৱৰ্তে পৰ্যাপ্ত সঁজুলি নাই চিকিৎসালয়ত (Facilities in medical colleges) ।

সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে সৰব লুৰীণজ্যোতি গগৈ

লগতে পঢ়ক: গৰম বঢ়াৰ বাবেহে হেনো বিদ্যুৎ মাচুল বাঢ়িছে

আনহাতে চাহ বাগিছাৰ মডেল স্কুলত প্ৰয়োজনীয় শিক্ষক নিযুক্তি দিব পৰা নাই নাই বুলিও কয় লুৰীণজ্যোতি গগৈয়ে (Education in tea garden) ৷

তেওঁ লগতে কয় যে, অসমত চাকৰিৰ বজাৰ চলিছে (Recruitment scam in Lakhimpur medical college)। দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল বুলি কোৱা বিজেপি দলৰ চৰকাৰে দুৰ্নীতিৰ প্ৰতি পূৰ্ণ সহযোগিতা দেখুৱাইছে । মানৱ ডেকা আৰু ৰামেশ্বৰ তেলীৰ অঙহী-বঙহীয়ে চাকৰি পাইছে । OMR চিটৰ যোগেদি দুৰ্নীতি কৰা সহজ । স্বাস্থ্য বিভাগত চাকৰি ওলালে চোকা মানুহ জালুকবাৰী সমষ্টিত ওলাই । বেছি চাকৰি পায় জালুকবাৰী সমষ্টিৰ মানুহে । বৰ্তমান অসমত চাকৰিৰ চিণ্ডিকেট চলিছে (Allegation of scam in recruitment) ।

গোঁসাই ঘৰত কোন ? মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী সকলে কৈছে আমি কল খোৱা নাই বুলি কটাক্ষ কৰে গগৈয়ে ৷ লগতে বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰাৰো দাবী কৰে লুৰীণ জ্যোতি গগৈয়ে ৷

লগতে পঢ়ক: নিযুক্তি কেলেংকাৰীক লৈ উত্তাল লখিমপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.