ETV Bharat / city

শিৱসাগৰত পুণৰ সক্ৰিয় হৈছে হানি ট্ৰেপিং চক্ৰ: আটক-2

author img

By

Published : May 4, 2022, 7:47 PM IST

শিৱসাগৰ আৰক্ষীৰ জালত দুই হানি ট্ৰেপাৰ-দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাস(Sivasagar Police nab two in honey trap racket) । পলাতক হৈ আছে চাবিনা বেগম আৰু ৰুবুল আলি ৷ এজন যুৱকৰ অশ্লীল ভিডিঅ’ বনাই ধন সৰকাইছিল চক্ৰটোৱে ।

sivasagar-police-arrests-two-in-honey-trap-case
শিৱসাগৰত পুনৰ সক্ৰিয় হৈছে হানি ট্ৰেপিং চক্ৰ

শিৱসাগৰ, 4 মে’ : শিৱসাগৰ আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই হানি ট্ৰেপিঙৰ দুই মাষ্টাৰ মাইণ্ডক আটক কৰিবলৈ সক্ষম হয়(Sivasagar Police arrests two in honey trap case) ৷ আটকাধীন হানি ট্ৰেপাৰ দুটা ক্ৰমে দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাস বুলি জানিব পৰা হৈছে । দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাসে ৰুবুল আলি নামৰ আন এটা হানি ট্ৰেপাৰৰ সহযোগত ১৯ ডিচেম্বৰত এজন যুৱকৰ অশ্লীল ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰিছিল ৷

অভিযুক্ত কেইটাই এগৰাকী যুৱতীৰ লগত যুৱকজনৰ কেতবোৰ আপত্তিজনক ফটো আৰু ভিডিঅ' সংগ্ৰহ কৰি পাছত ধনদাবী কৰিছিল । হানি ট্ৰেপিং চক্ৰটোৱে(Honey trapping racket) যুৱকজনক জালত পেলাই 22 এপ্ৰিলত প্ৰায় ৪ লাখ টকা সৰকাইছিল । ইয়াৰ পাছতো চক্ৰটোৱে অধিক টকা দাবী কৰাত উপায়ন্তৰ হৈ যুৱকজনে শিৱসাগৰ সদৰ থানাত ৩ মে'ত এখন এজাহাৰ দাখিল কৰে ।

উপ আৰক্ষী অধীক্ষক ডেইজি গগৈ

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চাবিনা বেগম, ৰুবুল আলি, দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাসৰ বিৰুদ্ধে CASE NO: 197/22 u/s 120b 387 323 506 ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত(Indian Penal Code Act) গোচৰ ৰুজু কৰে । শিৱসাগৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত চলাই 3 মে’ত দিপাঙ্কৰ দাস আৰু অমৰদ্বীপ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

আনহাতে এতিয়াও পলাতক অৱস্থাত আছে চক্ৰটোৰ মাষ্টাৰ মাইণ্ড চাবিনা বেগম আৰু ৰুবুল আলি । অমৰদ্বীপ দাসক সম্প্ৰতি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে আৰু দিপাঙ্কৰ দাসক আৰক্ষীয়ে চাৰিদিনৰ বাবে নিজৰ জিম্মাত লয় । শিৱসাগৰ আৰক্ষীয়ে এই হানি ট্ৰেপিং চক্ৰটোত আৰু লোক জড়িত থকাৰ সন্দেহ কৰিছে ৷ সম্প্ৰতি আৰক্ষীয়ে পলাতক কেইজনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী ড৹ হিমন্তৰ ঘৰত ড‘নাৰ মন্ত্ৰীসহ 7 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নৈশভোজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.