ETV Bharat / city

নিৰ্মাণৰ চাৰিদিন পিচতে খহিল পথ

author img

By

Published : Nov 20, 2019, 7:31 PM IST

নিৰ্মাণৰ চাৰিদিনত খহিলে পথ

শিৱসাগৰ জিলাৰ নাজিৰাৰ অন্তৰ্গত হাঁহচৰাত 13 লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল এটা পথ ৷ দুৰ্নীতিৰ বিষয়ে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰে ৰাজ্যত উন্নয়ন সাধিবলৈ সক্ষম হৈছে যদিও এতিয়াও ৰোধ কৰিব পৰা নাই নিম্নস্তৰত সংঘটিত হৈ থকা দুৰ্নীতি ৷ পথটো নিৰ্মাণৰ চাৰিদিন পিচতে চপৰা-চপৰে এৰাই যোৱা দৃশ্যই প্ৰমাণ কৰিছে এই কথা ৷

নাজিৰা, 20 নৱেম্বৰঃ দুৰ্নীতিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰা বিজেপি চৰকাৰে এতিয়াও সম্পূৰ্ণৰূপে নিশেষ কৰিব পৰা নাই দুৰ্নীতি ৷ ৰাজ্যৰ বিভিন্ন অঞ্চলত নিম্মস্তৰত এতিয়াও সংঘটিত হৈ আছে ভয়ানক দুৰ্নীতি ৷ শিৱসাগৰ জিলাত 13 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এটা পথৰ অৱস্থাই এই কথা প্ৰমাণ কৰিছে ৷ কেৱল শিৱসাগৰ জিলাতে নহয়, ৰাজ্যৰ বহুটো প্ৰান্তত এতিয়াও পথ নিৰ্মাণৰ নামত সংঘটিত হৈ আছে ভয়ানক দুৰ্নীতি ৷

হাঁহচৰাত নিৰ্মাণৰ চাৰিদিনত খহিলে পথ

লগতে পঢ়কঃ জোনাইৰ গ্ৰাম্য পথ নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ অভিযোগ

জিলাখনৰ নাজিৰা অঞ্চলৰ অন্তৰ্গত হাঁহচৰাত বিগত 9 বছৰ ধৰি ৰাইজে হাবাথুৰি খাই আহিছিল এটা পথৰ বাবে ৷ অৱশেষত বিজেপি চৰকাৰে উক্ত পথটোৰ নিৰ্মাণৰ বাবে আবন্টন দিয়ে সৰ্বমুঠ 13লাখ টকা ৷ পথটো নিৰ্ধাৰিত সময়তে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠে ৷ কিন্তু নিৰ্মাণৰ চাৰিদিন পিচতেই ঠিকাদাৰৰ দুৰ্নীতি ৰাইজৰ দৃষ্টিগোচৰ হয়,যেতিয়া পথটোৰ ওপৰৰ স্তৰটো চপৰা-চপৰে উঠি যায় ৷ হাঁহচৰাৰ লংকাক গোহাঁই গাওঁ সংযোগী প্ৰায় ৭০০ মিটাৰ দৈৰ্ঘৰ পথটোৰ নিৰ্মাণত ব্যয় হৈছিল 13 লাখ টকা ৷ শিৱসাগৰ PWD বিভাগৰ তৰফৰ পৰা লখিমপুৰৰ জনৈক বৰশইকীয়া উপাধিৰ ঠিকাদাৰে নিৰ্মাণ কৰা পথটো নিৰ্মাণৰ চাৰিদিন পিচতে চকলা চকলকৈ এৰাই যোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ চৰকাৰৰ বহু লাখটকীয়া আঁচনিৰ ধন এইদৰে শৰাধ কৰি একাংশ ঠিকাদাৰে দুৰ্নীতিত লিপ্ত হৈ পৰাৰ বাবেই এইদৰে পথটো নিৰ্মাণৰ পিচতে এই অৱস্থা হয় বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷ গ্ৰাম্য অঞ্চলৰ সাধাৰণ ৰাইজক ঠগি খোৱা এইসকল ঠিকাদাৰক নাকী লগাবলৈ সক্ষম হ'বনে ৰাজ্য চৰকাৰ ? ৰাইজৰ প্ৰশ্ন ৷

লগতে পঢ়কঃ তিনিচুকীয়াৰ বাদলাভেটা-দুৱাৰমৰাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি!

Intro:Body:NABUL KONWAR
DATE-20/11/2019
NAZIRA, ASSAM.

নাজিৰা, ২০ নবেম্বৰ- পথ নিৰ্মানত বিসংগতি । ঠিকাদাৰে সৰকালে লাখ লাখ টকা । কোৰোনাৰে চপাইছে ধন ।
পথ নিৰ্মাণৰ নামত ৰাজ্য চৰকাৰে বহু আচনি গ্ৰহণ কৰিছে যদিও বৰ্তমান সেয়া ফুটোকাৰ ফেনত পৰিণত হৈছে । ইয়াৰ উৎকৃষ্ট উদাহৰণ শিৱসাগৰ জিলাৰ হাঁহচৰাত দেখা পোৱা গৈছে । হয়,শিৱসাগৰ জিলাৰ হাঁহচৰাৰ লংকাক গোহাঁই গাওঁ সংযোগী পথটোৰ দৃশ্য এইয়া ৷প্ৰায় ৭০০ মিটাৰ পথ আজিৰ পৰা মাত্ৰ দুদিন পূৰ্বে নিৰ্মাণ কৰিছিল শিৱসাগৰ PWD বিভাগৰ তৰফৰ পৰা । কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে নিৰ্মাণ কৰা এদিনৰ পাছতেই বখলা বখলে এৰিবলৈ ধৰিছে পথটো। ১৩ লাখ টকাৰ নিবিদা লাভ কৰা লক্ষীমপুৰৰ জনৈক বৰশইকীয়া উপাধিৰ ঠিকাদাৰ জনে কৰা কামত সন্তোষ্ট নহয় স্থানীয় ৰাইজ। ঠিকাদাৰৰ অৱহেলা আৰু টকাৰ মোহত বন্দী হৈ এনে কাৰ্য সংঘটিত কৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । এনেকৈ গ্ৰাম্য অঞ্চলৰ ৰাইজক পথ নিৰ্মাণৰ নামত ঠগি খোৱা ঠিকাদাৰ সকলক নাকি লগাবলৈ সক্ষম হবনে ৰাজ্য চৰকাৰ ।৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.