ETV Bharat / city

শিৱসাগৰত কা' বিৰোধী সমন্বয় সমিতিৰ প্ৰতিবাদ

author img

By

Published : Nov 18, 2020, 2:22 PM IST

শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে কা' বিৰোধী সমন্বয় সমিতিয়ে ৷

শিৱসাগৰত কা' বিৰোধী সমন্বয় সমিতিৰ প্ৰতিবাদ
শিৱসাগৰত কা' বিৰোধী সমন্বয় সমিতিৰ প্ৰতিবাদ

শিৱসাগৰ, 18 নবেম্বৰ : শিৱসাগৰ নগৰত কা' বিৰোধী সমন্বয় সমিতিয়ে প্ৰতিবাদী সমদল আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । একাধিক দল-সংগঠনৰ দ্বাৰা গঠিত কা' বিৰোধী সমন্বয় সমিতিয়ে স্থানীয় তাই-আহোম কৃষ্টি বিকাশ কেন্দ্ৰৰ খেলপথাৰৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । কা' বিৰোধী সমন্বয় সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন বাতিল, চূড়ান্ত এন.আৰ.চি. প্ৰকাশ প্ৰক্ৰিয়া অনতি পলমে সম্পূৰ্ণ কৰা, কা' বিৰোধী আন্দোলনৰ কাৰাবন্দী সকলক অনতি পলমে মুকলি দিয়া আৰু বিজেপি-এ.ইউ.আই.ডি.এফ.দলৰ সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

শিৱসাগৰত কা' বিৰোধী সমন্বয় সমিতিৰ প্ৰতিবাদ

লগতে পঢ়ক : বিহাৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী ৰেণু দেৱী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.