ETV Bharat / city

শিৱসাগৰত বাওঁপন্থীৰ নেতৃত্বত ভাৰত বচাও দিৱস

author img

By

Published : Aug 9, 2021, 4:47 PM IST

left-party-protest-at-sivasagar
শিৱসাগৰত ভাৰত বচাও দিৱস কাৰ্যসূচী ৰূপায়ণ

আজি ভাৰত ত্যাগ আন্দোলনৰ ৭৯ তম বাৰ্ষিকী ৷ 1942 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 9 আগষ্টত মুম্বাই (Mumbai)ৰ Gawalia Tank ৰ পৰা আৰম্ভ হৈছিল এই আন্দোলন ৷ এই উপলক্ষ্যে সোমবাৰে শিৱসাগৰত বাওঁপন্থী দলে বিজেপি দলৰ পৰা ভাৰত বচাও কাৰ্যসূচী ৰূপায়ন কৰে ৷

শিৱসাগৰ, 9 আগষ্ট : শিৱসাগৰত বাওঁপন্থী দলসমূহৰ লগতে বিভিন্ন শ্ৰমিক আৰু কৃষক সংগঠনৰ যৌথ উদ্যোগত সোমবাৰে "ভাৰত বচাও দিৱস" কাৰ্যসূচী ৰূপায়ণ কৰা হয় । শাসনত থকা বিজেপি চৰকাৰৰ শ্ৰমিক-কৃষক নীতিক বিৰোধিতা কৰি বিগত প্ৰায় আঠমাহে কৃষি আইন বাতিলৰ দাবীত পালন কৰি অহা প্ৰতিবাদৰ এক অংশ হিচাপে এই "ভাৰত বচাও দিৱস" পালন কৰে বাওঁপন্থী দলসমূহ ।

উল্লেখ্য যে, ১৯৪২ চনৰ ৯ আগষ্টৰ দিনটোত বৃটিছৰ বিৰুদ্ধে ঘোষণা কৰা হৈছিল ভাৰত ত্যাগ আন্দোলন । সেয়েহে আজিৰ দিনটোত বিভিন্ন শ্ৰমিক-কৃষক সংগঠনে আৰম্ভ কৰিছে বিজেপি দলৰ পৰা ভাৰত বচাও কাৰ্যসূচী । চিপিআইৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক কনক গগৈয়ে বিজেপি চৰকাৰে শাসনলৈ আহি বিভিন্ন শ্ৰমিক-কৃষক বিৰোধী নীতি বলৱৎ কৰাৰ লগতে এক সৰ্বনাশী কৃষক আইন প্ৰণয়ন কৰাৰ অভিযোগ কৰে ।

শিৱসাগৰত ভাৰত বচাও দিৱস কাৰ্যসূচী ৰূপায়ণ

প্ৰতিবাদকাৰীসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক এই আইনসমূহ বাতিল কৰাৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ ব্যক্তিগতকৰণৰ বিৰোধ কৰে ৷ সমগ্ৰ ভাৰতত পালন হোৱা এই কাৰ্যসূচী শিৱসাগৰ জিলা কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পালন কৰা হয় । এই প্ৰতিবাদী কাৰ্যসূচীত বাওঁপন্থী দলৰ লগতে বহু শ্ৰমিক-কৃষক সংগঠনে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : ভাৰত ত্যাগ আন্দোলনৰ 79 বছৰ : কি ক'লে প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.