ETV Bharat / bharat

ভাৰত ত্যাগ আন্দোলনৰ 79 বছৰ : কি ক'লে প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : Aug 9, 2021, 1:19 PM IST

Spirit of Quit India Movement energised youth of our nation: PM Modi
Spirit of Quit India Movement energised youth of our nation: PM Modi

আজি ভাৰত ত্যাগ আন্দোলনৰ ৭৯ তম বাৰ্ষিকী ৷ ভাৰত ত্যাগ আন্দোলনৰ ৭৯ বছৰ উপলক্ষে আন্দোলনত অংশগ্ৰহণ কৰা মহান ব্যক্তিসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শ্ৰদ্ধাঞ্জলি ৷ 1942 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 9 আগষ্টত মুম্বাই(Mumbai)ৰ Gawalia Tank ৰ পৰা আৰম্ভ হৈছিল এই আন্দোলন ৷

নেশ্যনেল ডেস্ক, 9 আগষ্ট : আজি ভাৰত ত্যাগ আন্দোলনে(Quit India Movement) 79 বছৰ সম্পূৰ্ণ কৰিলে ৷ ভাৰত ত্যাগ আন্দোলনৰ ৭৯ তম বাৰ্ষিকী উপলক্ষে মন্তব্য আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, সমগ্ৰ ভাৰততে আন্দোলনৰ মনোভাৱ প্ৰতিধ্বনিত হৈছে ৷ ই দেশৰ যুৱপ্ৰজন্মক উৎসাহিত কৰিছে ৷ উপনিৱেশিকতাৰ(colonialism) বিৰুদ্ধে যুঁজখনত এক শক্তিশালী ভূমিকা পালন কৰা ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা মহান ব্যক্তিসকলক প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধা জ্ঞাপন কৰে ৷

টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত ত্যাগ আন্দোলনত অংশ লোৱা ব্যক্তিসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ তেওঁ কয় যে, মহাত্মা গান্ধীৰ দ্বাৰা অনুপ্ৰাণিত হৈ সমগ্ৰ দেশতে ভাৰত ত্যাগ আন্দোলনৰ আত্মা প্ৰতিধ্বনিত হয় ৷ যিয়ে দেশৰ যুৱ প্ৰজন্মক উৎসাহিত কৰে ৷ উল্লেখ্য যে, ভাৰত ত্যাগ আন্দোলন ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ(Indian freedom struggle) এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আছিল ৷

  • Tributes to the greats who took part in the Quit India Movement, which played a crucial role in strengthening the fight against colonialism. Inspired by Mahatma Gandhi, the spirit of the Quit India movement reverberated across India and energised the youth of our nation.

    — Narendra Modi (@narendramodi) August 9, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

মহামানৱ মহাত্মা গান্ধীৰ সবল নেতৃত্বত সমগ্ৰ ভাৰতৰ লোকসকল একত্ৰিত হৈ দেশৰ পৰা সাম্ৰাজ্যবাদ উৎখাত কৰাৰ বাবে উঠি-পৰি লাগিছিল ৷ অৱশেষত 1942 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 9 আগষ্টত দেশৰ পৰা ব্ৰিটিছক সম্পূৰ্ণৰূপে উৎখাত কৰাৰ বাবে মহাত্মা গান্ধীয়ে সকলো ভাৰতীয়ক 'Do or Die' শীৰ্ষক মন্ত্ৰ লৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷ মুম্বাই(Mumbai) ৰ Gawalia Tankৰ পৰা এই আন্দোলন আৰম্ভ হৈছিল ৷ ইয়াৰ পাচৰে পৰা প্ৰতি বছৰে 9 আগষ্টৰ দিনটো আগষ্ট ক্ৰান্তি দিৱস(August Kranti Day) হিচাপে পালন কৰা হয় ৷

লগতে পঢ়ক: নাগাচাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ 76 বছৰ : পীড়িতলৈ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.