ETV Bharat / city

নৈপৰীয়াৰ বিলৈ : শৰণাপন্ন হৈছে নেদেখাজনৰ ওচৰত

author img

By

Published : Sep 4, 2021, 12:01 PM IST

Erosion by Brahmaputra poses serious threat to amguri
নৈপৰীয়াৰ বিলৈ: চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই শৰণাপন্ন হৈছে নেদেখাজনৰ ওচৰত

চৰকাৰে নেদেখে, ভগৱানেহে যদি কৃপা কৰে । লুইতৰ গৰাত আঁঠু ল'লে ৰাইজে ।

আমগুৰি, 4 ছেপ্তেম্বৰ : বিলাই-বিপত্তি নোহোৱা হৈছে নৈপৰীয়া ৰাইজৰ । এফালে যদি বানৰ সমস্যা, আনফালে আকৌ অব্যাহত আছে খহনীয়া । বান আৰু গৰাখহনীয়াই বিধ্বস্ত কৰি পেলাইছে নৈপৰীয়া ৰাইজক । শেহতীয়াকৈ শিৱসাগৰ জিলাৰ দিখৌমুখ, ৰূপহীমুখ, দিচাংমুখ, দিখৌমুখ আলিমূৰ, তেলিয়াডোঙা, পুৰণিগুদাম, ৰূপহীমুখ কুমাৰ গাঁও, দেওঘৰীয়া, ঐতিহাসিক স'ৰাগুৰি চাপৰিৰ লগতে বিশখনৰো অধিক গাঁও বানত বুৰ গৈছে ।

বিলাই-বিপত্তি নোহোৱা হৈছে নৈপৰীয়া ৰাইজৰ

ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ গুৰুত্বহীনতাৰ বাবে এতিয়া আমগুৰি সমষ্টিত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান আৰু খহনীয়া সমস্যাই । যাৰ কাৰণে লুইতৰ গৰাত আঁঠু লৈ ভগৱানক স্মৰণ কৰি সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰিলে ৰাইজে । আশীৰ দশকৰ পৰা বান আৰু গৰাখহনীয়া সমস্যাত আক্ৰান্ত হৈ আছে এইসকল লোক ৷

উল্লেখ্য যে, পূৰ্বে বহুবাৰ স্থানীয় জন প্ৰতিনিধিৰ লগতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে স্থানীয় ৰাইজে অৱগত কৰি সমাধানৰ উপায় বিচাৰিছিল ৷ কিন্তু কোনোৱে তেওঁলোকৰ সমস্যা সমাধানৰ প্ৰতি আজিকোপতি গুৰুত্ব আৰোপ নকৰিলে ৷ যাৰ ফলত ভগৱানকে একমাত্ৰ সাৰথি কৰি অঞ্চলবাসীয়ে দীৰ্ঘদিনীয়া সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰিবলগীয়া হ’ল ৷

Erosion by Brahmaputra poses serious threat to amguri
বান আৰু গৰাখহনীয়াই বিধ্বস্ত কৰি পেলাইছে নৈপৰীয়া ৰাইজক

মহাবাহু ব্ৰহ্মপুত্ৰই প্ৰতিবছৰে কালৰূপ ধাৰণ কৰি বহু পৰিয়ালৰ ঘৰ-মাটি-ভেঁটি উচন কৰি আহিছে । বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা । ইয়াৰ পিছতো গুৰুত্ব নাই ৰাজ্যৰ জলসম্পদ বিভাগৰ । বিভাগটোৰ সম্পূৰ্ণ গুৰুত্বহীনতাৰ বাবেই বিশ্বাসত নোলোৱা হৈছে নৈপৰীয়া লোকসকলে ৷

লগতে পঢ়ক : বানে বিধ্বস্ত কৰা লাইকা-দধিয়াবাসীৰ খবৰ ল’বলৈ আহৰি নাই চৰকাৰৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.