ETV Bharat / city

Bubu Konwar encounter : আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ শুনানিৰ দিন ঘোষণা

author img

By

Published : Mar 17, 2022, 7:44 AM IST

Bubu Konwar encounter case
Bubu Konwar encounter case

শিৱসাগৰত আৰক্ষীৰ এনকাউণ্টাৰত বুবু কোঁৱৰ নিহত হোৱা সন্দৰ্ভত (Bubu Konwar encounter in Sivsagar) ৰাজ্যিক মানৱ অধিকাৰ আয়োগত ৰুজু হোৱা গোচৰৰ শুনানিৰ দিন ঘোষণা কৰা হৈছে । বুধবাৰে গোচৰটোৰ সন্দৰ্ভত ৰাজ্যিক মানৱ অধিকাৰ আয়োগে চলিত বৰ্ষৰ ১৮ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন ঘোষণা কৰিছে (Hearing of Bubu Konwar encounter case) ৷

গুৱাহাটী, 17 মাৰ্চ : শিৱসাগৰৰ বুবু কোঁৱৰ এনকাউন্টাৰ (Bubu Konwar encounter) সন্দৰ্ভত ৰাজ্যিক মানৱ অধিকাৰ আয়োগত ৰুজু হোৱা গোচৰৰ শুনানিৰ দিন ঘোষণা কৰা হৈছে । বুধবাৰে গোচৰটোৰ সন্দৰ্ভত ৰাজ্যিক মানৱ অধিকাৰ আয়োগে চলিত বৰ্ষৰ ১৮ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন ঘোষণা কৰিছে (Hearing of Bubu Konwar encounter case)। অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগত বুবু কোঁৱৰৰ পিতৃয়ে ২০২১ চনৰ জুলাইত ৰুজু কৰিছিল গোচৰ ।

২০২১ চনৰ জুন মাহত শিৱসাগৰত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল বুবু কোঁৱৰ । হত্যা, ধৰ্ষণ, ডকাইতিকে ধৰি ১৫ টাৰো অধিক অভিযোগত অভিযুক্ত আছিল বুবু কোঁৱৰ । তেওঁৰ মৃত্যু সন্দৰ্ভত প্ৰকৃত ঘটনাৰ তদন্ত বিচাৰি বুবু কোঁৱৰৰ পিতৃ লােহিত কোঁৱৰে কৰা আবেদনখনত উল্লেখ কৰে যে, যোৱা ২০২১ চনৰ ২৩ জুনৰ আবেলি প্রায় তিনিবজালৈকে বুবু কোঁৱৰ ঘৰত থকা অৱস্থাত কোনাে লােকে টেলিফোনেৰে মাতি নিছিল ।

এজন অজ্ঞাত ব্যক্তিৰ লগত এখন স্কুটিত যােৱা বুবু কোঁৱৰৰ ঘৰৰ পৰা প্ৰায় ৩০/৩৫ কিঃমিঃ দূৰত্বত অৱস্থিত গেলেকীত বিয়লি ৬.৩০ মান বজাত আৰক্ষীৰ লগত সংঘৰ্ষত লিপ্ত হৈ মৃত্যু হৈছিল বুলি তেওঁলোকে খৱৰ পাইছিল (Bubu Konwar shot to dead by police)।

বুবু কোঁৱৰৰ বুকুত তিনিটাকৈ বন্দুকৰ গুলী প্রত্যক্ষ কৰাৰ পাছত পিতৃৰ মনত সন্দেহ উপজিছিল যে বুবুৰ প্ৰকৃততে আৰক্ষীৰ লগত সংঘৰ্ষত লিপ্ত হৈ মৃত্যু হ’ল নে শীতল মস্তিৰে বুবুক আৰক্ষীয়ে হত্যা কৰিলে ? বন্দুকৰ গুলীৰ আঘাত নােহােৱাকৈ কেনেকৈ বুবুৰ লগত যােৱা ব্যক্তিজন নির্বিঘ্নে আঁতৰি গ’ল বুলিও লোহিত কোঁৱৰে প্ৰশ্ন কৰে ৷

বুবুৰ মৃতদেহ চিতাত তােলালৈকে আৰক্ষী কর্তৃপক্ষই মৃতদেহৰ ফটো হস্তক্ষেপ কৰাত মৃত্যুৰ কোনাে ৰহস্য লুকাই থকাতাে সন্দেহ হ’ল পিতৃৰ । তেওঁ কয় যে, আৰক্ষীৰ লগত সংঘৰ্ষত লিপ্ত হােৱা হ'লে বুবু কোঁৱৰৰ বুকুত সমান্তৰালভাৱে কেতিয়াও তিনিটাকৈ বন্দুকৰ গুলী নালাগিলহেঁতেন আৰু আৰক্ষী কর্তৃপক্ষই মৃত বুবু কোঁৱৰৰ ফটো লােৱাত কোনাে বাধাৰো সৃষ্টি নকৰিলেহেঁতেন ।

তাৰােপৰি লগত যােৱা ব্যক্তিজনাে সংঘৰ্ষত কোনাে আঘাত নােহােৱাকৈ পলাই যােৱাতােৰো যুক্তি নাছিল । সেয়েহে বুবু কোঁৱৰৰ আৰক্ষীৰ লগত সংঘৰ্ষত লিপ্ত হৈ মৃত্যু হ’ল নে শীতল মতিস্কৰে আৰক্ষীয়ে হত্যা কৰিলে বিষয়তাে নিশ্চিত কৰিবৰ বাবে আৰু বুবুক ফোন কৰি মাতি নিয়া ব্যক্তিজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ পিতৃয়ে মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছে ৷

ইয়াৰ লগতে বুবু কোঁৱৰৰ ম'বাইলটো উদ্ধাৰ কৰি পৰীক্ষা কৰিবলৈ, আৰক্ষীয়ে সংঘর্ষত উদ্ধাৰ কৰা বুলি ঘােষণা কৰা বুবু কোঁৱৰৰ পিষ্টলটো ফৰেনছিক বিজ্ঞানাগাৰত পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ আৰু বুবুৰ লগত যােৱা ব্যক্তিজনক কিয় কৰায়ত্ব নকৰিলে, এই দিশসমূহ উন্মােচিত কৰিবলৈ বুবুৰ পিতৃয়ে ৰাজ্যিক মানৱ অধিকাৰ আয়ােগ অসমৰ ওচৰত আবেদন জনায় ৷

লগতে পঢ়ক : Encounter in Guwahati: আৰক্ষীয়ে ৪ টা কিয়, ১০টা গুলীও মাৰিব পাৰে: মৃণাল শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.