3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 19, 2022, 3:11 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

চৰকাৰৰ চৰম বিত্তীয় সংকট উদঙালে শিক্ষামন্ত্ৰীৰ পত্ৰই

চৰম বিত্তীয় সংকটতত ভূগি আছে ৰাজ্যৰ শিক্ষা বিভাগ ৷ যাৰ বাবে বহু বিদ্যালয়ত নাই চকী-মেজ, ফেন, পানী ফিল্টাৰ পৰ্যন্ত ৷ এইসমূহ কিনাৰ বাবে নাই বিভাগৰ হাতত ধন ৷ যাৰ বাবে বিধায়কৰ জৰিয়তে স্থানীয় লোকৰ পৰা বৰঙনি তোলাৰ বাবে আগবাঢ়িছে শিক্ষা বিভাগ ৷

ৰাষ্ট্ৰীয় পথ সুৰক্ষা মিছনৰ বাবে অমিতাভ বচ্চনৰ সহায় বিচাৰিলে নিতিন গাডকাৰীয়ে

মন্ত্ৰী নিতিন গাডকাৰীৰ কাৰ্যালয়ত বিগ বি আৰু তেওঁৰ পুত্ৰ অভিষেক বচ্চন ৷ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মিছনৰ বাবে সমৰ্থন বিচাৰি বৃহস্পতিবাৰে মুম্বাইত বিগ বি অমিতাভ বচ্চনক সাক্ষাৎ কৰে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীয়ে (Nitin Gadkari met Amitabh Bachchan)৷

মূৰ্কংচেলেক মহাবিদ্যালয় প্ৰাংগণত 154 জোপা গছপুলি ৰোপণ

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু মূৰ্কংচেলেক মহাবিদ্যালয়ৰ সহযোগত "মুহি চন্দ্ৰ মিৰি বনানীকৰণ অভিযান ২০২০-৩০" লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰাংগনত ১৫৪ জোপা গছপুলি ৰোপণ কৰা হয় (154 trees planted in Murkangchelek College) ৷ এই অনুষ্ঠানত মূৰ্কংচেলেক মহাবিদ্যালয়ৰ চৌহদত নাচপতি, কঁঠাল, শিলিখা , সোণাৰু , জলফাই , আমলখি আৰু বগৰীকে ধৰি কেইবাটাও জাতৰ গছ পুলি ৰোপন কৰে ৷

তিনিচুকীয়াৰ পৰা সন্ধানহীন যুৱক

তিনিচুকীয়াৰ বৰদলৈ নগৰৰ পৰা সন্ধানহীন হৈ আছে এজন যুৱক(Youth From Tinsukia Goes Missing) ৷ বৃহস্পতিবাৰে এজন বন্ধুক সাক্ষাৎ কৰাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে যুৱকজন । গুইজান ঘাটত তলা মাৰি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ চাইকেল ৷

হোজাইত বৈদ্যুতিক উপ-সংমণ্ডলৰ কৰ্মচাৰীৰ দ্বাৰা কৃষ্ণ জন্মাষ্টমী পালন

আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী । সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাটো আজি নামঘৰ,মন্দিৰত উৎযাপন কৰা হৱ জন্মাষ্টমী । তাৰ সমান্তৰাল ভাবে আজি লংকাৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কলনীস্থিত সৰ্ব্বজনীন নামঘৰতো বৈদ্যুতিক উপ-সংমণ্ডলত কৰ্মৰত কৰ্মচাৰী সকলে নিজৰ কৰ্ম ব্যস্ততাৰ মাজতেই উৎযাপন কৰিছে জন্মাষ্টমী(Krishna Janmashtami celebrated at Hojai Namghar) । ইতিমধ্যেই পুৱাই ধৰ্মীয় ৰীতি-নীতি অনুসৰি নামঘৰ ভাগত বন্তি প্ৰজ্বলনকে ধৰি আৰম্ভ হয় বিভিন্ন কাৰ্যসূচী ।

ৰঙাপৰাত বন্যহস্তীৰ তাণ্ডৱ

শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে (Wild elephant terror in Rangapara)। ৰৌনাথপুৰ প্ৰাথমিক বিদ্যালয়ৰ পকী বেৰ ভাঙি লণ্ডভণ্ড কৰিলে শ্ৰেণী কোঠা । বিদ্যালয়ৰ বহু সামগ্ৰীৰ বিস্তৰ ক্ষতি ।

বিহপুৰীয়া নবোদয় বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত ছাত্ৰ

জৱাহৰ নৱোদয় বিদ্যালয়ত এটাৰ পাছত আনটোকৈ সংঘটিত হৈছে মাৰপিটৰ ঘটনা ৷ মৰাণৰ(Dibrugarh Jawahar Navodaya Vidyalaya) পাছত এইবাৰ বিহপুৰীয়াৰ জৱাহৰ নবোদয় বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত আন এজন ছাত্ৰ গুৰুতৰভাৱে আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে(Brutal torture with Student of JNV)। বিদ্যালয় কৰ্তৃপক্ষই নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ আহত ছাত্ৰজনৰ পৰিয়ালৰ ৷

আমগুৰিত বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

বিদ্যালয় একত্ৰীকৰণৰ প্ৰসংগক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ হৈ আহিছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ আমগুৰিৰ এখন বিদ্যালয় একত্ৰীকৰণক লৈ জাঙুৰ খাই উঠিছে অঞ্চলটোৰ ৰাইজ(School amalgamation at Amguri) ।

ৰাষ্ট্ৰীয় পথ সুৰক্ষা মিছনৰ বাবে অমিতাভ বচ্চনৰ সহায় বিচাৰিলে নিতিন গাডকাৰীয়ে

মন্ত্ৰী নিতিন গাডকাৰীৰ কাৰ্যালয়ত বিগ বি আৰু তেওঁৰ পুত্ৰ অভিষেক বচ্চন ৷ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মিছনৰ বাবে সমৰ্থন বিচাৰি বৃহস্পতিবাৰে মুম্বাইত বিগ বি অমিতাভ বচ্চনক সাক্ষাৎ কৰে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীয়ে (Nitin Gadkari met Amitabh Bachchan)৷

টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হ’ব কপিল শৰ্মাৰ Zwigato

Firangi ছবিখনৰ পিছত নতুন ছবি Zwigato ত সুকীয়া ৰূপত দেখিবলৈ পোৱা গৈছে কপিল শৰ্মাক ৷ এই ছবিখনত কপিলে এটা চিৰিয়াছ চৰিত্ৰত অভিনয় কৰিছে ৷ গৌৰৱৰ কথাটো হ’ল যে Zwigato ছবিখন 47 সংখ্য়ক টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.