ETV Bharat / bharat

ৰাষ্ট্ৰীয় পথ সুৰক্ষা মিছনৰ বাবে অমিতাভ বচ্চনৰ সহায় বিচাৰিলে নিতিন গাডকাৰীয়ে

author img

By

Published : Aug 19, 2022, 12:45 PM IST

Gadkari seeks Amitabh support for national road safety mission
ৰাষ্ট্ৰীয় পথ সুৰক্ষা মিছনৰ বাবে অমিতাভ বচ্চনৰ সহায় বিচাৰিছে নিতিন গাডকাৰীয়ে

মন্ত্ৰী নিতিন গাডকাৰীৰ কাৰ্যালয়ত বিগ বি আৰু তেওঁৰ পুত্ৰ অভিষেক বচ্চন ৷ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মিছনৰ বাবে সমৰ্থন বিচাৰি বৃহস্পতিবাৰে মুম্বাইত বিগ বি অমিতাভ বচ্চনক সাক্ষাৎ কৰে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীয়ে (Nitin Gadkari met Amitabh Bachchan)৷

নেশ্যনেল ডেস্ক, 19 আগষ্ট: ৰাষ্ট্ৰীয় পথ সুৰক্ষা মিছনৰ বাবে সমৰ্থন বিচাৰি বৃহস্পতিবাৰে মুম্বাইত বিগ বি অমিতাভ বচ্চনক সাক্ষাৎ কৰে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীয়ে (Nitin Gadkari met Amitabh Bachchan)৷ "ৰাষ্ট্ৰীয় পথ সুৰক্ষা মিছনৰ উদ্দেশ্যত চেম্পিয়ন হ'বলৈ সমৰ্থন(Support to champion the cause of National Road Safety Mission)" শীৰ্ষক অভিযানত সহায় কৰিবলৈ অভিনেতাগৰাকীক আহ্বান জনায় মন্ত্ৰী গাডকাৰীয়ে (Gadkari seeks Amitabh Bachchan support for National Road Safety Mission)৷ মন্ত্ৰী নিতিন গাডকাৰীৰ কাৰ্যালয়ত বিগ বি আৰু তেওঁৰ পুত্ৰ অভিষেক বচ্চনৰ উপস্থিতিত এই অভিযানৰ সন্দৰ্ভত বৈঠকত মিলিত হয় ৷

মন্ত্ৰীগৰাকীয়ে এক টুইটযোগ এই বৈঠকৰ ফটো শ্বেয়াৰ কৰে ৷ এই টুইটত কোৱা হৈছিল যে নিতিন গাডকাৰীয়ে মুম্বাইত অমিতাভ বচ্চনক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মিছনৰ বাবে সমৰ্থন বিচাৰি সাক্ষাৎ কৰিছিল (Union Roads and Transport Minister Nitin Gadkari)৷ এই বৈঠকত অমিতাভ বচ্চনে মুম্বাইৰ যান-বাহনৰ সমস্যাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে ৷ লগতে চৰকাৰক সকলোৱে সহায় সহযোগ কৰি দেশৰ পথ সুৰক্ষা উন্নত কৰাৰ অভিযানত সমৰ্থন কৰিবলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে প্ৰতি বছৰে পথ দুৰ্ঘটনাত ১.৫ লাখৰো অধিক লোকৰ মৃত্যু হয় ৷ সেয়েহে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিবলৈ, বিভিন্ন পদক্ষেপ লোৱা হৈছে ৷ দুৰ্ঘটনা প্ৰৱণ এলেকাবোৰ চিনাক্ত কৰি ক'লা অঞ্চল বুলি অভইহিত কৰিছে৷ তেনে অঞ্চলসমুহত দুৰ্ঘটনা হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

মন কৰিবলগীয়া যে পথ দুৰ্ঘটনাৰ এক প্ৰতিবেদন অনুসৰি, 2019 চনত দেশত 4.49 লাখ দুৰ্ঘটনা সংঘটিত হৈছিল ৷ এই দুৰ্ঘটনাত প্ৰায় ১.৫১ লাখ লোকৰ মৃত্যু হৈছিল আৰু আন ৪.৫১ লাখ লোক আহত হয় ৷ এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি পথ দুৰ্ঘটনাত মৃত্যু হোৱা 84 % তকৈও অধিক লোক 18 ৰ পৰা 60 বছৰ বয়সৰ ৷ আনহাতে দুৰ্ঘটনাত নিহত আৰু গুৰুতৰভাৱে আহত হোৱা ৫৪ % লোক পথচাৰী, চাইকেল আৰোহী আৰু দুচকীয়া বাহন আৰোহী ৷ দেশত প্ৰতি চাৰি মিনিটত এটাকৈ দুৰ্ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক: দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহত চিবিআইৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.