ETV Bharat / entertainment

টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হ’ব কপিল শৰ্মাৰ Zwigato

author img

By

Published : Aug 19, 2022, 10:40 AM IST

Kapil Sharma
47 তম টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

Firangi ছবিখনৰ পিছত নতুন ছবি Zwigato ত সুকীয়া ৰূপত দেখিবলৈ পোৱা গৈছে কপিল শৰ্মাক ৷ এই ছবিখনত কপিলে এটা চিৰিয়াছ চৰিত্ৰত অভিনয় কৰিছে ৷ গৌৰৱৰ কথাটো হ’ল যে Zwigato ছবিখন 47 সংখ্য়ক টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হ’ব ৷

চিটাৰা ডেস্ক, 19 আগষ্ট : ‘কমেডী কিং’ বুলিলেই মনলৈ আহে কপিল শৰ্মাৰ নাম ৷ এক দীঘলীয়া সময় ধৰি কপিলে হাঁহিৰ মাজেৰে দৰ্শক আমোদ দি আহিছে ৷ বিশ্বজুৰি জনপ্ৰিয় কপিলৰ কমেডী শ্ব’ Comedy Nights With Kapil ৷

পিছে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে কপিলৰ আন এটা ৰূপ ৷ Zwigato শীৰ্ষক এখন ছবিত সম্পূৰ্ণ এটা চিৰিয়াছ চৰিত্ৰত অভিনয় কৰিছে কপিল শৰ্মাই ৷ ছবিখনৰ টিজাৰটোত দৰ্শকে অন্য এক কপিল শৰ্মাক দেখিবলৈ পাইছে ৷

কপিল শৰ্মা অভিনীত এই ছবিখনৰ প্ৰিমিয়াৰ হ’ব 47 তম টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৷ ছবিখনত কপিলে ৰূপায়ন কৰিছে এজন ডেলিভাৰী বয়ৰ চৰিত্ৰ ৷ দাৰিদ্ৰতাৰ ওপৰত আধাৰিত এই ছবিখনে গৌৰৱ কঢ়িয়াই আনিছে ভাৰতীয় চলচ্চিত্ৰ জগতলৈ ৷

ছবিখনত অভিনেত্ৰী শ্বাহনা গোস্বামীয়ে কপিল শৰ্মাৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ছবিখন অভিনেত্ৰী নন্দিতা দাসে নিৰ্মাণ কৰিছে ৷ নন্দিতাই এই ছবিখনৰ জৰিয়তে সমাজৰ দাৰিদ্ৰতা আৰু দৰিদ্ৰ লোকসকলৰ দৈনন্দিন সমস্যা দেখুৱাবলৈ চেষ্টা কৰিছে ।

কপিল শৰ্মাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কৈছে যে তেওঁৰ ছবিখন 47 সংখ্য়ক টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হ'ব । কপিল শৰ্মাৰ কমেডী শ্ব'টোৰ নতুন চিজন অতি সোনকালেই দৰ্শকৰ মাজলৈ আহিব ।

লগতে পঢ়ক : শ্বাহিদ মীৰাৰ নৃত্যৰ নতুন ভিডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.