ETV Bharat / city

ধোঁৱা চাঙত যান-বাহন আইন: নলবাৰীত পথ বন্ধ ৰাখি বীৰত্ব প্ৰদৰ্শন একাংশ পাইকাৰী ব্যৱসায়ীৰ

author img

By

Published : Sep 12, 2022, 8:15 PM IST

যান-বাহন আইন উলংঘা (Violation of traffic rules) কৰি একাংশ পাইকাৰী ব্যৱসায়ীয়ে নিজৰ খেয়াল খুচিমতে জিলা সদৰৰ ভকতপাৰা ৰোডত ১২ চকীয়া আলু ভৰ্ত্তি ট্ৰাক ৰখাই ৰাজপথত একপ্ৰকাৰ বীৰত্ব দেখুৱাইছে (Wholesalers in Nalbari disobeying Traffic rules) ৷ তাৰ পিছতো নিৰৱ নলবাৰী যান-বাহন  আৰক্ষী ৷

Wholesalers in Nalbari disobeying Traffic rules
Wholesalers in Nalbari disobeying Traffic rules

নলবাৰী, 12 ছেপ্টেম্বৰ: নলবাৰীৰ ৰাজপথত এতিয়া বীৰত্ব প্ৰদৰ্শন চলিছে একাংশ পাইকাৰী ব্যৱসায়ীৰ ৷ যান-বাহন আইন উলংঘা কৰি একাংশ পাইকাৰী ব্যৱসায়ীয়ে নিজৰ খেয়াল খুচিমতে জিলা সদৰৰ ভকতপাৰা ৰোডত ১২ চকীয়া আলু ভৰ্ত্তি ট্ৰাক ৰখাই ৰাজপথত একপ্ৰকাৰ বীৰত্ব দেখুৱাইছে (Wholesalers in Nalbari disobeying Traffic rules) ৷ যাৰ ফলত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে সাধাৰণ নাগৰিকৰ (Heavy traffic in Nalbari)৷

অভিযোগ মতে, দৈনিক এনেদৰে ভকতপাৰা ৰোডৰ লগতে এন টি ৰোডত পুৱা প্ৰায় এঘাৰ বজালৈ সামগ্ৰী আনল’ড কৰাৰ নামত এনেদৰে ট্ৰাক ৰখাই থোৱা হয় (Violation of traffic rules in Nalbari) ৷ ফলত পথচাৰীৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট আহুকালৰ সৃষ্টি হোৱাৰ অভিযোগ উঠিছে ৷ আনকি উক্ত পথটোত পাইকাৰী ব্যৱসায়ী সকলৰ সামগ্ৰী আনল’ড কৰাৰ সময়ত একপ্ৰকাৰ পথ সমুহ বন্ধ হৈ পৰাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে চৰকাৰী কৰ্মচাৰী সকলে সময়ত কৰ্তব্যস্থলীলৈ গৈ নোপোৱাৰ অভিযোগ কৰে ৷

নলবাৰীত পথ বন্ধ ৰাখি বীৰত্ব প্ৰদৰ্শন একাংশ পাইকাৰী ব্যৱসায়ীৰ

ইপিনে যান-বাহন আইন অনুসৰি ৰাতিপুৱা আঠ বজাৰ পিছত চহৰৰ ভিতৰত কোনো ধৰণৰ ট্ৰাক সোমাই যান-জঁটৰ সৃষ্টি কৰিব নোৱাৰে ৷ কিন্তু যান-বাহন আইন উলংঘা কৰি নলবাৰীৰ একাংশ পাইকাৰী ব্যৱসায়ীয়ে এনেদৰে চলাই গৈছে বীৰত্ব ৷ তাৰ পিছতো নিৰৱ নলবাৰী যান-বাহন আৰক্ষী ৷

লগতে পঢ়ক: বিধানসভাৰ বাহিৰত কংগ্ৰেছ বিধায়িনী দলৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.