ETV Bharat / city

Covid in MNC Balika Bidyapith : ছাত্ৰী-শিক্ষয়ত্ৰীসহ তিনিগৰাকীৰ দেহত ক’ভিড

author img

By

Published : Dec 16, 2021, 1:36 PM IST

students-and-teachers-tested-covid-positive-in-mnc-balika-bidyapith-nalbari
ছাত্ৰী-শিক্ষয়ত্ৰীসহ এম এন চি বালিকা বিদ্যাপীঠত তিনিগৰাকীৰ দেহত ক’ভিড

ক'ভিডত আক্ৰান্ত হৈছে এম এন চি বালিকা বিদ্যাপীঠৰ ছাত্ৰীসহ শিক্ষয়ত্ৰী(Covid positive case in MNC Balika Bidyapith) ৷ মহাবিদ্যালয় খনৰ এগৰাকী ছাত্ৰী আৰু 2 গৰাকী শিক্ষয়ত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড ৷

নলবাৰী, 16 ডিচেম্বৰ : ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা (Covid cases increase in Assam) ৷ বিশেষকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানত অব্যাহত আছে ক'ভিড পজিটিভৰ আতংক । ফলত বন্ধ কৰি দিয়া হৈছে যথেষ্ট সংখ্যক বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠদান । সমান্তৰালভাৱে এইবাৰ নলবাৰী জিলাত ক'ৰোনাই সৃষ্টি কৰিছে আতংক(Covid cases in colleges of Nalbari) ৷

এইবাৰ ক'ভিড সংক্ৰমণ হৈছে নলবাৰীৰ স্ত্ৰী শিক্ষাৰ প্ৰাণকেন্দ্ৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী(MNC) বালিকা বিদ্যাপীঠত ৷ বিদ্যালয়খনৰ এগৰাকী ছাত্ৰী আৰু দুগৰাকী শিক্ষয়িত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড(Students and teachers tested covid positive in MNC Balika Bidyapith)। যাৰ বাবে 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰ অৰ্থাৎ 7 দিন পৰ্যন্ত বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বিদ্যালয় কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে জিলাখনৰ নলবাৰী চহৰত অৱস্থিত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো ক'ৰোনাৰ অৱস্থিতি ধৰা পৰিছিল ।

ইফালে কামৰূপ মহানগৰ জিলাৰো কেইবাখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত ছাত্ৰ-শিক্ষকৰ দেহত ধৰা পৰিছে ক’ভিড ৷ গুৱাহাটী বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, দিছপুৰ মহাবিদ্যালয়ত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী ক’ভিড আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে ৷

উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম)ৰ তথ্য অনুসৰি বুধবাৰৰ দিনটোত নলবাৰীত ক'ভিড আক্ৰান্তৰ সংখ্যা মুঠ 13 জন ৷ লগতে ৰাজ্যত মুঠ ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে 131 গৰাকী ৷ ইয়াৰে 55 গৰাকী কামৰূপ মহানগৰ জিলাৰ ৷ তাৰোপৰি বুধবাৰে ক’ভিডত মৃত্যু হৈছে দুগৰাকী ৰোগীৰ ৷ ৰাজ্যত বৰ্তমান মুঠ ক’ভিড ৰোগীৰ সংখ্যা হৈছে 1,074 গৰাকী ৷

লগতে পঢ়ক : Covid in Guwhati colleges : ছাত্ৰ-শিক্ষকসহ দিছপুৰ মহাবিদ্যালয়ৰ দহ গৰাকীৰ দেহত ক’ভিড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.