ETV Bharat / city

ছয়মাহৰ ভিতৰত মুকলি হ'ব নলবাৰীৰ তাৰকা গৃহ

author img

By

Published : Jul 2, 2021, 9:33 PM IST

Nalbari Planetarium Visited By MLA Jayanta malla Barua
ছয়মাহৰ ভিতৰত মুকলি কৰা হ'ব নলবাৰীৰ তাৰকা গৃহ: জয়ন্ত মল্ল বৰুৱা

নলবাৰী বাসীৰ বাবে সুখবৰ । আগন্তক ছয়মাহৰ ভিতৰত মুকলি কৰা হ'ব নলবাৰীৰ বহু আকাংশিত তাৰকাগৃহৰ লগতে হ'ব বিজ্ঞান যাদুঘৰ । শুকুৰবাৰে এই কথা সদৰি কৰিলে নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ।

নলবাৰী, 2 জুলাই : নলবাৰী জিলাৰ সৰিয়হতলিত ২০১২ চনতে তাৰকা গৃহ নিৰ্মাণ কৰাৰ বাবে স্থাপন কৰা হৈছিল আধাৰশিলা । তদানীন্তন স্বাস্থ্য আৰু অসম চুক্তি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিছিল তাৰকাগৃহৰ আধাৰশিলা । কিন্তু দুৰ্ভাগ্যজনকভাবে বিগত দহ বছৰ ধৰি মুকলি কৰাটো দূৰৰে কথা এৰাবাৰীত পৰিণত হৈ থাকিল এই তাৰকাগৃহটো ৷ নলবৰীয়া ৰাইজৰ বহু আকাংক্ষাৰ এই তাৰকাগৃহটো হাবি জংঘলে আবৰি ধৰে ।

এই তাৰকাগৃহ সম্পৰ্কত ইতিমধ্যে বিভিন্ন বাতৰি কাকত তথা সংবাদ মাধ্যমত কেইবা বাৰো প্ৰকাশ পোৱা দেখা গৈছিল ৷ উক্ত বাতৰিটো প্ৰকাশ পোৱাৰ পাছতেই বৃহস্পতিবাৰে নলবাৰীৰ স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই উপায়ুক্তৰ সৈতে তাৰকাগৃহৰ স্থানটো পৰিদৰ্শন কৰে । এইদৰে উপায়ুক্তৰ লগতে বিভাগীয় বিষয়াক লগত লৈ সৰিয়হতলিৰ তাৰকাগৃহ পৰিদৰ্শন কৰি বাকী থকা সকলো কাম অতি সোনকালেই কৰিবলৈ নিৰ্দেশ দিয়ে ।

ছয়মাহৰ ভিতৰত মুকলি কৰা হ'ব নলবাৰীৰ তাৰকা গৃহ: জয়ন্ত মল্ল বৰুৱা

বিধায়ক হিচাপে নিজৰ প্ৰথমটো কাৰ্যকালত নিৰ্মাণ কৰা তাৰকা গৃহটো মুকলি কৰিবলৈ তৎপৰ হৈ পৰে বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ।

তাৰকাগৃহ পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় যে, আগন্তুক ছয়মাহৰ ভিতৰত এই তাৰকাগৃহটো ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব । একেদৰে এই তাৰকা গৃহ চৌহদত পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে অত্যাধুনিক বিজ্ঞান যাদুঘৰ আৰু আকৰ্ষণীয় উদ্যান গঢ়ি তোলাৰ বাবেও দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই ।

ইফালে তাৰকা গৃহটোৰ বিভিন্ন যন্ত্ৰ পাতি আমেৰিকাৰ পৰা আনিবলৈ ইতিমধ্যে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ খুব কম দিনৰ ভিতৰতে তাৰকা গৃহটোৰ লাগতিয়াল যন্ত্ৰপাতি সমূহ আহি পাব ৷ যন্ত্ৰ পাতিসমূহ আহি পালেই যিখিনি কাম কৰি আধৰুৱা হৈ আছে যদিও শীঘ্ৰেই তাৰকা গৃহটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই ৷

লগতে পঢ়ক-আকৌ আন্দোলনৰ কথা কিয় ক’লে অখিল গগৈয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.