ETV Bharat / city

ৰাজ্যৰ বিভিন্ন মণ্ডপত কুমাৰী পূজা সম্পন্ন

author img

By

Published : Oct 5, 2022, 12:57 PM IST

kumari-puja-celebrated-all-over-assam
ৰাজ্যৰ বিভিন্ন মণ্ডপত কুমাৰী পূজা সম্পন্ন

মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহানৱমী পূজাৰ লগত সংগতি ৰাখি পালন কৰা হয় কুমাৰী পূজা ৷ শিৱসাগৰ, ধেমাজি, নলবাৰী সকলোতে কুমাৰীক নৱৰূপা দুৰ্গাৰ ৰূপত সজাই পৰম্পৰাগতভাৱে পূজা অৰ্চনা আগবঢ়োৱা হয় (Kumari puja celebrated in Sivasagar) ।

নিউজ ডেস্ক, 5 অক্টোবৰ: মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহা নৱমীৰ সামন্তৰালকৈ পালন কৰা হৈছে কুমাৰী পূজা ৷ শিৱসাগৰতো 9 গৰাকী কুমাৰীক নৱৰূপা দুৰ্গাৰ ৰূপত সজাই পৰম্পৰাগতভাৱে পূজা অৰ্চনা আগবঢ়োৱা হয় (Kumari puja celebrated in Sivasagar) ।

ইফালে, নলবাৰী জিলাৰ মুকালমুৱাতো পৰম্পৰাগতভাৱে কুমাৰী পূজা পালন কৰা হয় ৷ উল্লেখ্য যে, মুকালমুৱাৰ আদাট্টাৰীস্থিত বৰক্ষেত্ৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰৰ প্ৰাংগণৰ পূজাস্থলীত মূৰ্তি অবিহনে দুৰ্গা পূজা উদযাপন কৰা হয় (Kumari puja celebrated in Nalbari) ৷

ৰাজ্যৰ বিভিন্ন মণ্ডপত কুমাৰী পূজা সম্পন্ন

ইয়াৰোপৰি, ধেমাজিতো 13 খন পূজা মণ্ডপতো আধ্যাত্মিকতাৰে দূৰ্গা পূজা উদযাপন কৰা হৈছে ৷ জিলাখনৰ তুলসীবাৰীৰ 34 BN , চি আৰ পি এফ বাহিনীৰ উদ্যোগত মহানৱমীৰ উপলক্ষে পূজাস্থলীত 9 গৰাকী কুমাৰীক উপাসনা কৰা হয় ৷

উল্লেখ্য যে, দেৱী দুৰ্গাই মহীষাসুৰ বধৰ সময়ত 9 টা ৰূপ ধাৰণ কৰিছিল (Kumari puja celebrated in Dhemaji) । সেয়েহে নৱৰূপা দেৱীৰ আৰাধনা কৰি আহিছে ভক্তসকলে । এই কন্যাকেইগৰাকী নৱমীৰ পূজাৰ বাবে সজাই পৰাই পুৰোহিতৰ মন্ত্ৰোচাৰণে পূজা কৰা হয় (Kumari Puja celebrated all over Assam) ।

লগতে পঢ়ক: বৰপেটা সত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মোৎসৱ পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.