ETV Bharat / city

বিধায়ক অশোক শৰ্মাক কাষত লৈ মনোনয়ন দাখিল জয়ন্ত মল্ল বৰুৱাৰ

author img

By

Published : Mar 10, 2021, 7:48 PM IST

বিধায়ক অশোক শৰ্মাক কাষত লৈ নলবাৰী উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ ৷ এই মনোনয়নৰ পূৰ্বে অনুষ্ঠিত এক সভাত মঞ্চ ভাঙি পৰাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

বিধায়ক অশোক শৰ্মাক কাষত লৈ মনোনয়ন দাখিল জয়ন্ত মল্ল বৰুৱাৰ
বিধায়ক অশোক শৰ্মাক কাষত লৈ মনোনয়ন দাখিল জয়ন্ত মল্ল বৰুৱাৰ

নলবাৰী,10 মাৰ্চ: 1 এপ্ৰিলত অনুষ্ঠিত হ'বলগা দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে নলবাৰী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাই আজি মনোনয়ন দাখিল কৰে । ইফালে মনোনয়নৰ পূৰ্বে নলবাৰী মহাবিদ্যালয়ত এখন সভা অনুষ্ঠিত হয় । সভাত অংশগ্ৰহণ কৰে নেডাৰ আহ্বায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও নেতাই ।

বিধায়ক অশোক শৰ্মাক কাষত লৈ মনোনয়ন দাখিল জয়ন্ত মল্ল বৰুৱাৰ

ইফালে সভাত হিমন্ত বিশ্ব শৰ্মাই এইবেলি নিৰ্বাচনত জয়ন্ত মল্ল বৰুৱাই নলবাৰীত প্ৰায় এক লাখ বিশ হাজাৰ ভোটত জয়ী হ'ব বুলি মন্তব্য কৰে । আজিৰ এই সভাত যথেষ্ট সংখ্যক সমৰ্থক উপস্থিত থাকে । ইফালে সকলো মঞ্চত উপৱিষ্ট হৈ থকাৰ সময়তে মঞ্চ ভাঙি পৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

লগতে পঢ়ক : পদুলিয়ে পদুলিয়ে নহয় ৰাইজৰ হৃদয়লৈ যাব বিজেপি: হিমন্ত বিশ্ব শৰ্মা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.