ETV Bharat / city

Landslide in Manipur: তিনিদিনে সন্ধান নাই নলবাৰীৰ ৰাজু আলীৰ

author img

By

Published : Jul 2, 2022, 1:04 PM IST

Landslide in Manipur
তিনিদিনে সন্ধান নাই নলবাৰীৰ ৰাজু আলীৰ

মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনত সন্ধানহীন নলবাৰীৰ ঘগ্ৰাপাৰৰ শ্ৰমিক ৰাজু আলী(Massive landslide in Manipur) । ৰাজু আলীৰ মৃত্যুৰ সন্দেহ পৰিয়াল তথা ৰাইজৰ । ৰাজু আলীৰ শিবিৰটোৰ ওপৰতে বুধবাৰে নিশা হৈছিল ভূমিস্খলন ৷

নলবাৰী, ২ জুলাই: মণিপুৰৰ নোনি জিলাৰ টুপুলত বুধবাৰে নিশা সংঘটিত ভয়াৱহ ভূমিস্খলনৰ পাছৰে পৰা সন্ধানহীন হৈ আছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ এজন শ্ৰমিক ৷ সন্ধানহীন শ্ৰমিকজন ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বৰাজোলৰ ৰাজু আলী(৩৩) বুলি জানিব পৰা হৈছে(Construction worker of railway lines in Manipur) । বুধবাৰৰ নিশা ১০ বজাত পৰিয়াল আৰু আত্মীয়ৰ সৈতে শেষবাৰলৈ ফোনত যোগাযোগ হৈছিল ৰাজুৰ ৷ ইয়াৰ পিছৰে পৰা আজিপৰ্যন্ত তেওঁৰ ম'বাইল ফোন বন্ধ হৈ থকাত পৰিয়াল তথা ৰাইজে ৰাজু আলীৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

ৰাজু আলীৰ পত্নী

উল্লেখ্য যে, বৰাজোল গাঁৱৰ প্ৰয়াত হামিদ আলীৰ একমাত্ৰ পুত্ৰ ৰাজু আলীয়ে ভি এচ চি নামৰ কোম্পানীটোৰ স্বত্বাধিকাৰী মুহিত লাল দাসৰ অধীনত শ্ৰমিক হিচাপে কাম কৰাৰ উদ্দেশ্যৰে কুৰিদিন পূৰ্বে মণিপুৰলৈ গৈছিল । উক্ত কোম্পানীটোৱে নোনি জিলাৰ টুপুলত ৰেলপথ নিৰ্মাণত জড়িত হৈ আছিল(Construction of train station in Manipur) । ইয়াৰ অংশস্বৰূপে ৰেল লাইন স্থাপনৰ সা-সামগ্ৰী ৰক্ষা আৰু শ্ৰমিকসকলক থকাৰ সুবিধা কৰি দিয়াৰ উদ্দেশে ভি এচ চি কোম্পানীয়ে এটা বৃহৎ শিবিৰ স্থাপন কৰিছিল ।

Landslide in Manipur
ৰাজু আলীৰ আত্মীয়

উক্ত শিবিৰটোৰ ওপৰতে বুধবাৰে নিশা ভূমিস্খলন হোৱাত বৰাজোলৰ শ্ৰমিক ৰাজু আলীৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে । উল্লেখ্য যে, পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৰাজু আলীৰ অবৰ্তমানত মাতৃ, পত্নী আৰু এমাডিমা দুজন সন্তানে বিগত দুদিন ধৰি অনিশ্চয়তাৰে দিন পাৰ কৰিছে । সন্ধানহীন শ্ৰমিকজনক উদ্ধাৰৰ বাবে শীঘ্ৰে ব্যৱস্থা ল’বলৈ পৰিয়ালৰ লোক আৰু ৰাইজে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : Landslide in Manipur: বৰ্তমানেও সন্ধানহীন কেবাগৰাকীও সেনা জোৱানসহ সাধাৰণ নাগৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.