ETV Bharat / city

বন্যহস্তীৰ উপদ্ৰৱত উজাগৰী নিশা কটাইছে চামগুৰিবাসীয়ে

author img

By

Published : Dec 21, 2020, 3:39 PM IST

চামগুৰিৰ বিভিন্ন স্থানত এতিয়াও বন্যহস্তীয়ে চলাই আছে উপদ্ৰৱ ৷ যাৰ বাবে শংকাৰ মাজেৰে দিন অতিবাহিত কৰিব লগীয়া হৈছে চামগুৰিৰ বিভিন্ন অঞ্চলৰ লোকে ৷

বন্যহস্তীৰ উপদ্ৰৱত উজাগৰী নিশা কটাইছে চামগুৰিবাসীয়ে
বন্যহস্তীৰ উপদ্ৰৱত উজাগৰী নিশা কটাইছে চামগুৰিবাসীয়ে

চামগুৰি, 21 ডিচেম্বৰ : ৰাজ্যত হাতী-মানুহৰ মাজত চলি থকা সংঘাত এক সাধাৰণ ঘটনাত পৰিণত হৈছে ৷ কিয়নো বছৰৰ ভিন্ন সময়ত জনাঞ্চলত আহি বিচৰণ কৰিবলৈ লৈছে বন্যহস্তীয়ে । বন্যহস্তীৰ তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন উপায় অৱলম্বন কৰিও এতিয়া ভাগৰি পৰিছে ভুক্তভোগী ৰাইজ ৷ নগাঁও জিলাৰো কেতবোৰ অঞ্চলত প্ৰায়েই এনে ঘটনা সংঘটিত হ’বলৈ ধৰিছে ৷ জিলাখনৰ চামগুৰিৰ হাঁহচৰা, বৰালী গাঁও, গেন্ধালি মাজৰ-আটি, ভকত গাঁও, আদৰ্শ গাঁও, কেঁকোৰাচুক আদি অঞ্চলত নিশাতো বাদেই, দিন দুপৰতে বন্যহস্তীয়ে বিচৰণ কৰিবলৈ ধৰিছে বন্যহস্তীয়ে ৷

চামগুৰিৰ শিঙীয়া ভকতগাঁও-মাজৰআটিৰ এডৰা হাবিৰ কাষত তিনিজনীয়া হাতীৰ এটা জাকে ৰংমনেৰে কেলি কৰি থকাৰ এক নান্দনিক দৃশ্য দেখিবলৈ পালে স্থানীয় ৰাইজে । নিজৰ মাজতে ৰংমনেৰে খেলি থকা এক দৃশ্য বন্দী হয় আমাৰ কেমেৰাত । যি দৃশ্য চাবলৈ সমাগম ঘটে অসংখ্য লোকৰ । অৱশ্যে ইয়াৰ পিছতেই শনিবাৰে মাজ নিশালৈ বাস্তৱত পৰিণত হ'ল স্থানীয় ৰাইজৰ শংকা ।

চামগুৰিৰ শিঙীয়া ভকতগাওঁ-মাজৰআটিত বন্যহস্তীৰ উপদ্ৰৱ

নিশালৈ বন্যহস্তীৰ জাকটোৱে হাঁহচৰা বৰালী গাঁৱত উপদ্ৰৱ চলোৱাৰ সমান্তৰালভাৱে চামগুৰি মাজৰ-আটিতো দুটাকৈ স্থান দুটা বাসগৃহ লণ্ডভণ্ড কৰি বিস্তৰ ক্ষতি সাধন কৰে, তহিলং কৰে ঘৰৰ প্ৰায়সমূহ বস্তু । ইফালে নিশাই বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ দীৰ্ঘদিন বৃহত্তৰ অঞ্চলটোত উপদ্ৰৱ চলাই থকা হাতী তিনিটা খেদাৰ চেষ্টা কৰিও ব্যৰ্থ হোৱাত সংশ্লিষ্ট বিভাগটোৰ বিৰুদ্ধে চৰম অসন্তুষ্টি প্ৰকাশ কৰা দেখা গ'ল মাজৰ-আটি, ভকত গাঁও, হাঁহচৰা বৰালী গাঁৱৰ স্থানীয় ৰাইজে ।

লগতে পঢ়ক : খেতি কৰিয়েই লক্ষাধিক টকা উপাৰ্জন নাওবৈচাৰ উদ্যমী যুৱ কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.