ETV Bharat / city

কলিয়াবৰৰ বৰালি গাঁৱৰ দুৰ্ঘটনাত নিহত মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা

author img

By

Published : May 30, 2019, 3:38 AM IST

কলিয়াবৰৰ বৰালি গাঁৱৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত মহিলাগৰাকী ৷ এতিয়াও জানিব পৰা নাই মৃত মহিলাগৰাকীৰ পৰিচয় ৷

ETV BHARAT

কলিয়াবৰ, 30 মে’: বুধবাৰে সন্ধিয়া কলিয়াবৰৰ বৰালিগাঁৱৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা ৷ এখন দ্ৰুতবেগী ট্ৰাকে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় এগৰাকী মহিলা ৷ ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখন ৷ নিহত মহিলাগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ লগতে কয় যে, বৰালিগাঁও অঞ্চলতে নিতৌ দেখা পোৱা যায় মহিলাগৰাকীক ৷


বৰালিগাঁৱৰ বালিবাটত ৰাস্তা পাৰ হ’বলৈ লওঁতেই মিছা দিশৰ পৰা কলিয়াবৰ তিনিআলি অভিমুখি এখন দ্ৰুতবেগী ট্ৰাকে মহিলা গৰাকীক খুন্দিয়াই থৈ যায় ৷ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ কলিয়াবৰৰ মিছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পূৰ্ণকুমাৰ নাথে মহিলাগৰাকীক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ ইফালে, এতিয়াও মহিলা গৰাকীৰ প্ৰকৃত পৰিচয় লাভ কৰা নাই আৰক্ষীয়ে ৷ সেয়ে, নিহত মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত ৭২ ঘণ্টাৰ বাবে পৰিয়ালৰ লোকৰ বাবে মৃতদেহটো নগাঁও অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে মিছা আৰক্ষীয়ে ।

Intro:কলিয়াবৰৰ বৰালি গাঁৱৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন
দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহতBody:বুধবাৰে সন্ধ্যা প্ৰায় আঠ মান বজাত কলিয়াবৰৰ বৰালিগাঁও ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন দ্ৰুতবেগী ট্ৰাকে এজনী মানসিক বিকাৰ গ্ৰস্ত মহিলাক খুন্দিয়াই ঘটনাস্থলীৰ পৰা ট্ৰাকখন পলায়ন কৰে। অৱশ্যে দুৰ্ঘটনাটোৰ ফলত মহিলা গৰাকী থিতাতে নিহত হয়।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে উক্ত মানসিক বিকাৰগ্ৰস্ত মহিলা গৰাকী কলিয়াবৰৰ বৰালি গাঁও অঞ্চলত নিতৌ পিঠিত এটা টোপোলা লৈ ঘূৰি ফুৰে। সেইদৰে বুধবাৰে ঘূৰি ফুৰোতে বৰালি গাঁৱৰ বালিবাটত সন্ধ্যা ৭মান বজাত ৰাস্তা পাৰ হ'বলৈ লওতেই মিছা দিশৰ পৰা কলিয়াবৰ তিনিআলি অভিমুখী এখন দ্ৰুতবেগী ট্ৰাকে মহিলা গৰাকীক খুন্দিয়াই থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
কলিয়াবৰৰ মিছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পূৰ্ণকুমাৰ নাথে দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মহিলা গৰাকীক মৃত বুলি ঘোষণা কৰে। ফলত আৰক্ষীয়ে মৃত মহিলা গৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে লগতে মহিলা গৰাকী যিহেতু মানসিক বিকাৰগ্ৰস্ত আছিল সেয়ে তেওঁৰ পৰিচয় বৰ্তমানে আৰক্ষীয়ে লাভ কৰা নাই সেয়ে মহিলা গৰাকীক মৰণোত্তৰ পৰীক্ষাৰ অন্তত ৭২ ঘণ্টাৰ বাবে পৰিয়ালৰ লোকৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে।Conclusion:photos
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.