ETV Bharat / city

কলিয়াবৰত পথ দুৰ্ঘটনাত নিহত দুই ককাই-ভাই

author img

By

Published : Oct 25, 2020, 12:09 PM IST

Two Youth Died Road Accident in Kaliabor
কলিয়াবৰত পথ দুৰ্ঘটনাত নিহত দুই ককাই-ভাই

তীব্ৰবেগেই কাল হ'ল দুজন মটৰচাইকেল আৰোহীৰ ৷ ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰে দুই ককাই-ভাই ৷

কলিয়াবৰ, 25 অক্টোবৰঃ কলিয়াবৰৰ সৰু ভগীয়াত সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৩৭ নং ৰাষ্ট্ৰীয় পথত ৰখাই থোৱা এখন ট্ৰাকত পিছফালৰ পৰা তীব্ৰবেগী মটৰচাইকেলেৰে খুন্দা মাৰে । ফলত মটৰচাইকেলত অহা দুই আৰোহী থিতাতে নিহত হয় । কলিয়াবৰৰ সৰু ভগীয়াত যান্ত্ৰিক বিজুতিৰ বাবে ৰাখি থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত মটৰচাইকেলৰ চালক শঙ্কৰজ‍্যোতি ভূঞা থিতাতে নিহত হয় । আনজন আৰোহী অভিনৱ ভূঞা নামৰ যুৱকজনৰ চিকিৎসালয়ত নিশা মৃত‍্যু হয় । ভিঞাৰী গাঁৱৰ নিৱাসী শঙ্কৰ আৰু অভিনৱ সমন্ধত ভাই-ককাই বুলি জানিবলৈ পোৱা গৈছে । এই দুৰ্ঘটনাটোৰ বাবে এতিয়া শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত ।

Two Youth Died Road Accident in Kaliabor
কলিয়াবৰত পথ দুৰ্ঘটনাত নিহত দুই ককাই-ভাই

লগতে পঢ়ক- কলগাছিয়া চাৰিআলিত পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.