ETV Bharat / city

এচ বি আইৰ ৰজাআলি গ্ৰাহক সুৰক্ষা কেন্দ্ৰত গ্ৰাহকক প্ৰৱঞ্চনা

author img

By

Published : Mar 28, 2019, 3:58 PM IST

ধন বিচাৰি গলে কৰ্মচাৰীয়ে অশ্লীল গালি গালাজ কৰাৰ অভিযোগ একাংশ গ্ৰাহকৰ

ৰজাআলি গ্ৰাহক সুৰক্ষা কেন্দ্ৰত গ্ৰাহকক প্ৰৱঞ্চনা

নগাঁও, 28 মাৰ্চঃভাৰতীয় ষ্টেট বেংকৰ কামপুৰ শাখাৰ অন্তৰ্গত ৰজাআলিৰ গ্ৰাহক সুৰক্ষা কেন্দ্ৰত জালিয়াতিৰে গ্ৰাহকৰ পৰা কৰ্মচাৰীয়ে ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন একাংশ গ্ৰাহকৰ ৷ দীৰ্ঘদিন ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈ অহা কেন্দ্ৰটোৰ বিৰুদ্ধে শেহতীয়াকৈ এই অভিযোগ আনিছে একাংশ গ্ৰাহকে । অভিযোগ অনুসৰি, মাইনুল হকৰ নামত থকা সেৱা কেন্দ্ৰটোত একাংশ গ্ৰাহকে চৰকাৰী আঁচনিৰ ধন উলিয়াবলৈ গ'লে গ্ৰাহকসকলক তেওঁলোকৰ একাউণ্ট অচল হৈ থকা বুলি কোৱাৰ লগতে পুনৰ এটা একাউণ্ট খোলাৰ বাবে পৰাৰ্মশ দিয়ে কৰ্তৃপক্ষই ৷

ৰজাআলি গ্ৰাহক সুৰক্ষা কেন্দ্ৰত গ্ৰাহকক প্ৰৱঞ্চনা

ইপিনে গ্ৰাহকৰ নিজা আঙুলিৰ চাপেৰে নহয় মালিক মাইনুল হকৰ আঙুলিৰ চাপ দিলেহে তেওঁলোকৰ একাউণ্ট খোল খাই বুলি অভিযোগ গ্ৰাহকসকলৰ ৷ আনহাতে কৰ্তৃপক্ষৰ পৰামৰ্শ অনুসৰি গ্ৰাহকসকলে নতুনকৈ একাউণ্ট খুলে যদিও নতুন একাউণ্টত টকা দেখা নাপাই হতভম্ভ হৈ পৰে তেওঁলোক । এই বিষয়ত গ্ৰাহকসকলে কেন্দ্ৰটোৰ কৰ্তৃপক্ষৰ পৰা জানিব বিচাৰে যদিও কোনো সুফল নোপোৱাত কামপুৰ শাখাত গ্ৰাহকসকলে যোগাযোগ কৰে যদিও ইয়াতো কোনো সুফল নাপাই ক্ষুণ্ণ হৈ পৰে গ্ৰাহকসকল । উল্লেখ্য যে, ইয়াৰ পাচতে গ্ৰাহকসকলক ধন আদায় নোৱাৰি বিগত প্ৰায় দহ দিন ধৰি কেন্দ্ৰটো বন্ধ ৰাখি মাইনুল হকে পলায়ন কৰিছে বুলিও অভিযোগ তোলে গ্ৰাহকসকলে ৷

Intro:

Anchor=নগাঁৱৰ কামপুৰ এচ বি আই শাখাৰ ৰজাআলি গ্ৰাহক সুৰক্ষা কেন্দ্ৰত বৃহৎ জালিয়াতিৰে গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ।দীাৰ্ঘদিন ধৰি বিভিন্ন অভিযোগ উঠি অহা কেন্দ্ৰটোৰ শেহতীয়া জালিয়াতিৰ এই অভিযোগ আনিছে একাংশ গ্ৰাহকে ।ইফালে গ্ৰাহক সেৱা কেন্দ্ৰটোত নিজৰ ধন বিচাৰি গলে বিভিন্ন অকথ্য ভাষাৰে গালি গালাজ কৰাৰো অভিযোগ উঠিছে ।গ্ৰাহকৰ ধন ঘুৰাই দিব নোৱাৰি কেন্দ্ৰটোৰ মালিক মানুল হকৰ পলায়ন ।Body:ষ্টেট বেংক অফ ইণ্ডিয়াৰ "কামপুৰ শাখাৰ অন্তৰ্গত ৰজাআলি গ্ৰাহক সুৰক্ষা কেন্দ্ৰত জালিয়াতিৰ অভিযোগ আনিছে কেন্দ্ৰটোৰ একাংশ গ্ৰাহকে ।অভিযোগ অনুসৰি মাইনুল হক নামৰ লোক জনৰ নামত থকা সেৱা কেন্দ্ৰটোৰ কিছু গ্ৰাহকৰ বেংক একাউণ্টত চৰকাৰী আচনিৰ ধন সোমাৱা বুলি জ্ঞাত হৈ সেই ধন উলিয়াবৰ বাবে গ্ৰাহক সেৱা কেন্দ্ৰটোলৈ যায় যদিও গ্ৰাহক সকলক তেওঁলোকৰ একাউণ্টটো অচল হোৱা বুলি কৈ পুনৰ এটা একাউণ্ট খুলাৰ বাবে পৰাৰ্মশ দিয়ে কতৃপক্ষই ।গ্ৰাহক সকলৰ মতে গ্ৰাহকৰ নিজা আঙুলিৰ চাপ নহয় মালিক মাইনুল হকৰ আঙুলিৰ চাপ দিলেহে তেওঁলোকৰ একাউণ্ট খোল খায়
গ্ৰাহক সকলেও নতুনকৈ এটা একাউণ্ট খুলে যদিও নতুন একাউণ্টত টকা দেখা নাপাই হতম্ভৱ হৈ পৰে ।এই বিষয়ত সেৱা গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰা জানিব বিচাৰে যদিও কোনো সুফল নোপোৱাত কামপুৰ শাখাটো যোগাযোগ কৰে গ্ৰাহকে ।ইয়াতো কোনো সুফল নাপায় ক্ষুণ্ণ হৈ পৰিছে গ্ৰাহক সকল।গ্ৰাহক সকলৰ মতে বিগত প্ৰায় দহ দিন ধৰি কেন্দ্ৰটো বন্ধ ৰাখি পলায়ণ কৰিছে মাইনুল হকে ।

Byte=গ্ৰাহক
Conclusion:উল্লেখ্য যে ধন হেৰুৱাই নিৰুপাই হৈ পৰা গ্ৰাহক সকলে সমগ্ৰ বিষয়টোৰ ওপৰত এক তদন্ত দাবী কৰিছে

## বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam ##
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.