ETV Bharat / city

নিৰ্মাণৰ ৩০ বছৰৰ পাছতো মুকলি নহ'ল ৰহাৰ চাংচকীৰ চিকিৎসালয়

author img

By

Published : Jun 25, 2021, 10:26 AM IST

নিৰ্মাণৰ ৩০ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈ মুকলি নিহল ৰহা সমষ্টিৰ চাংচকীৰ ১৫ খন বিচনাযুক্ত চিকিৎসালয় খন ৷ ইফালে উক্ত চিকিৎসালয় খন বৃহস্পতিবাৰে পৰিদৰ্শন কৰে ৰহাৰ বিধায়ক শশীকান্ত দাসে ৷ অতি শীঘ্ৰেই চিকিৎসালয়খন মুকলি কৰাৰ আশ্বাস প্ৰদান কৰে স্থানীয় ৰাইজক ৷

Rahar Sanskey hospital not opened even after 30 years of construction!
নিৰ্মাণৰ ৩০ বছৰ অতিক্ৰম কৰাৰ পাছতো মুকলি নহ'ল ৰহাৰ চাংচকীৰ চিকিৎসালয় !

বঢ়মপুৰ, 25 জুন : ৰাজ্যৰ প্ৰায়ভাগ জিলাতে উন্নয়নৰ নামত এতিয়া তথৈবচ অৱস্থা ৷ দেশে স্বাধীনতাৰ 74 টা বছৰ অতিক্ৰম কৰিলে যদিও কি কংগ্ৰেছ, কি বিজেপি কোনো এখন চৰকাৰেই ৰাইজৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত সফল হ'ব পৰা নাই ৷ চৰকাৰে আঁচনিৰ নামৰ কোটি কোটি টকা খৰচ কৰে ঠিকেই কিন্তু সেই আঁচনিৰ পৰা উপকৃত নহয় ৰাইজ ৷ ইফালে দৈনন্দিন বিভিন্ন বাতৰিকাকত তথা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছে চৰকাৰী আঁচনিসমূহৰ ফোপোলা স্বৰূপৰ তথ্য ৷

নিৰ্মাণৰ ৩০ বছৰ অতিক্ৰম কৰাৰ পাছতো মুকলি নহ'ল ৰহাৰ চাংচকীৰ চিকিৎসালয় !

তেনে এক ঘটনা ঘটনা সংঘটিত হৈছে নগাঁও জিলা (Nagaon District)ৰ ৰহা সমষ্টিৰ চাংচকী গাঁৱত ৷ বিগত ৩০ বছৰ ধৰি মুকলি নহ’ল চাংচকী গাঁৱৰ এখন চিকিৎসালয় ৷ অগপ (AGP) চৰকাৰৰ কাৰ্যকালতে ৰহা সমষ্টিৰ চাংচকী গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে নিৰ্মান কৰিছিল চিকিৎসালয়খন ৷ কিন্তু নিৰ্মাণৰ ৩০ বছৰ উকলি যোৱাৰ পাছতো আজিকোপতি ৰাইজে চিকিৎসা সেৱা লাভ নকৰিলে চিকিৎসালয় খনৰ পৰা ৷ বৰ্তমান হাবি জংঘলেৰে ভৰি একপ্ৰকাৰ ভূত বাংলাত পৰিণত হৈছে চিকিৎসালয়খন ৷

বহু চৰকাৰ আহিল আৰু গ'ল, কিন্তু কাৰোৱে সময় নহ'ল চিকিৎসালয়খনত উপযুক্ত চিকিৎসা সেৱাৰ ব্যৱস্থা কৰি দিবলৈ ৷

Rahar Sanskey hospital not opened even after 30 years of construction!
নিৰ্মাণৰ ৩০ বছৰ অতিক্ৰম কৰাৰ পাছতো মুকলি নহ'ল ৰহাৰ চাংচকীৰ চিকিৎসালয় !

ইফালে বৃহস্পতিবাৰে ৰহাৰ বিধায়ক শশীকান্ত দাসে উক্ত চিকিৎসালয় খন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷ তাৰোপৰি বিধায়কগৰাকী স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰি পুনৰ চিকিৎসালয়খন মুকলি কৰাৰ আশ্বাস প্ৰদান কৰে স্থানীয় ৰাইজক ৷ লগতে ৰহা সমষ্টি (Raha Constituemcy) ৰ চাংচকী, গাৰুখুন্দা আৰু বকুলগুৰি পঞ্চায়তৰ কপিলীৰ গৰাখহনীয়া অঞ্চল পৰিভ্ৰমণ কৰি শীঘ্ৰে গৰাখহনীয়া ৰোধৰ বাবে স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷

ইয়াৰ উপৰিও সমষ্টিটোৰ বিভিন্ন দিশৰ ওপৰত স্থানীয় ৰাইজৰে মত বিনিময় কৰে বিধায়ক শশীকান্ত দাসে ৷ শীঘ্ৰেই সমষ্টিবাসীৰ অভাৱ অভিযোগ তথা সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে বিধায়ক শশীকান্ত দাসে ৷

লগতে পঢ়ক-Mother Old Age Home-ৰ দায়িত্ব ল’বলৈ সাজু ডাঃ বুদ্ধদেৱ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.