ETV Bharat / city

ৰাজ্যত বৃদ্ধি পিয়াঁজৰ মূল্য

author img

By

Published : Sep 13, 2019, 11:23 PM IST

শুকুৰবাৰে নগাঁৱৰ পাইকাৰী বজাৰত ই টি ভি ভাৰতে চলোৱা এক অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে ৷ নগাঁৱৰ পাইকাৰী বজাৰত প্ৰতি কেজি পিয়াঁজ 35 - 37 টকাত বিক্ৰী কৰা বুলি মূল্য তালিকাত উল্লেখ আছে যদিও অধিক মূল্যত বিক্ৰী হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

ৰাজ্যত বৃদ্ধি পিয়াঁজৰ মূল্য

নগাঁও, 13 ছেপ্তেম্বৰ : ৰাজ্যত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ শুকুৰবাৰে নগাঁৱৰ পাইকাৰী বজাৰত ই টি ভি ভাৰতে চলোৱা এক অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে ৷ নগাঁৱৰ পাইকাৰী বজাৰত প্ৰতি কেজি পিয়াঁজ 35 - 37 টকাত বিক্ৰী কৰা বুলি মূল্য তালিকাত উল্লেখ আছে যদিও অধিক মূল্যত বিক্ৰী হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু একেটা স্থানতে আকৌ 40 টকাতো বিক্ৰী কৰা হৈছে পিয়াঁজ ৷

ৰাজ্যত বৃদ্ধি পিয়াঁজৰ মূল্য

একাধিক খুচুৰা দোকানত আকৌ 50 টকালৈকে প্ৰতি কেজি পিয়াঁজ বিক্ৰী হোৱাৰ অভিযোগো উত্থাপন হৈছে ৷ মুঠৰ ওপৰত যোগান বিভাগৰ নিয়ন্ত্ৰণ নোহোৱা হৈ পৰিছে বজাৰত । ইয়াৰোপৰি, একাংশ ব্যৱসায়ীয়ে গোপন স্থানত বৃহৎ পিয়াঁজ মজুত ৰাখি মূল্যবৃদ্ধি কৰাৰো অভিযোগ উত্থাপন হৈছে ৷

Intro:হুৰা হুৰে বাঢ়িছে পিয়াঁজৰ মূল্য। হাফ চেঞ্চুৰীৰ দিশত পিয়াঁজৰ মূল্য। বজাৰত নাই যোগান বিভাগৰ নিয়ন্ত্ৰণ।


Body:নিৰ্বাচনৰ সময়ত মূল্যবৃদ্ধিৰ ইছ্যু লৈ নিৰ্বাচনী বৈতৰণী পাৰ কৰা সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনতেই মূল্যবৃদ্ধিৰ মাধমাৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে এতিয়া জ্বলা কলা খুৱাইছে সাধাৰণ লোকক। শুক্ৰবাৰে নগাঁৱৰ পাইকাৰী বজাৰত চলিল ই টি ভি ভাৰতৰ এক অনুসন্ধান। বজাৰৰ একে স্থানতে পৃথক পৃথক মূল্যত বিক্ৰী হৈছে পিয়াঁজ। একেটা স্থানৰে পাইকাৰী বজাৰত প্ৰতি কেজি পিয়াঁজ ৩৫ -৩৭ টকাত বিক্ৰী কৰা বুলি মূল্য তালিকাত উল্লেখ কৰিছে যদিও অধিক মূল্যত বিক্ৰী হোৱাৰ অভিযোগ উঠিছে। একে স্থানতে আকৌ ৪০ (চল্লিছ ) টকা কেজিত বিক্ৰী হৈ আছে পিয়াঁজ। খুচুৰা একাধিক দোকানত ৫০ টকালৈকে প্ৰতি কেজি পিয়াঁজ বিক্ৰী হোৱাৰ অভিযোগ উত্থাপন হৈছে। মুঠৰ ওপৰত যোগান বিভাগৰ নিয়ন্ত্ৰণ নোহোৱা হৈছে বজাৰত। আনকি একাংশ ব্যৱসায়ীয়ে গোপন স্থানত বৃহৎ পিয়াঁজ মজুত কৰি ৰাখি মূল্য বৃদ্ধি কৰাৰো অভিযোগ আছে।
bite, ব্যৱসায়ী।
----------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৩-৯-১৯


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.