ETV Bharat / city

নগাঁৱত আৰম্ভ 'পোষণ অন হুইল' অভিযান

author img

By

Published : Sep 7, 2021, 4:55 PM IST

observed national poshan month at kaliabor
নগাঁৱত আৰম্ভ 'পোষণ অন হুইল' অভিযান

কলিয়াবৰত ৰাষ্ট্ৰীয় পোষণ মাহৰ সজাগতা অভিযান ৷ সোমবাৰে আয়োজন কৰা এই অভিযানত অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

কলিয়াবৰ,7 ছেপ্তেম্বৰ: 1 ছেপ্তেম্বৰ অৰ্থাৎ বুধবাৰৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ । দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হৈছে । ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ কলিয়াবৰটো সোমবাৰে আৰম্ভ কৰা হয় 'পোষণ অন হুইল' অভিযান ৷

কলিয়াবৰত ‘পোষণ অন হুইল' অভিযানৰ এক বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ এই অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, কলিয়াবৰ মহকুমাৰ অংগনৱাড়ী কৰ্মীসকল আৰু স্থানীয় ৰাইজ ৷ অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত অধিক উৎসাহিত হৈ পৰে অংগনৱাড়ী কৰ্মী সকল ৷

অভিযানটোত অংগনৱাড়ী কৰ্মী তথা সহায়িকাসকলে মাতৃ আৰু গৰ্ভৱতী মহিলাৰ পোষণৰ সজাগতাৰ উদ্দেশ্যে কেইবাটাও অনুষ্ঠান পৰিৱেশন কৰে । 'পোষণ অন হুইল' অভিযানৰ অংশস্বৰূপে এখন বিশেষ বাহন আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা হয়, যাৰ জৰিয়তে গৰ্ভৱতী মহিলা তথা মাতৃসকলৰ মাজত পোষণৰ সজাগতা আনিব পাৰে ৷

বুধবাৰৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ

লগতে পঢ়ক: আমিনগাঁৱত পোষণ মাহৰ কাৰ্যসূচীত ভাগ লৈ কি আশ্বাস দিলে বিত্তমন্ত্ৰীয়ে ?

উল্লেখ্য যে, দেশত ৰক্তহীনতাৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে ৷ এক সমীক্ষাৰ জৰিয়তে লাভ কৰা হৈছে এই তথ্য ৷ সেয়ে পুষ্টিহীনতাৰ সমস্যা সমাধানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ২০১৮ চনতে আৰম্ভ কৰিছিল পোষণ অভিযান । তেতিয়াৰে পৰা প্ৰতিবছৰে ছেপ্তেম্বৰ মাহটো পোষণ মাহ হিচাপে পালন কৰি অহা হৈছে ৷

আনহাতে, এইবেলি সামগ্ৰিক পৰিপুষ্টি বিকাশৰ উদ্দেশ্যে পালন কৰিবলগীয়া পোষণ মাহটো সাপ্তাহিক বিষয় বস্তুৰ আধাৰত কেইবাটাও ভাগত ভাগ কৰা হৈছে । মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সহযোগত এই মাহটোত এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ অধীনত বুধবাৰৰ পৰা ৭ ছেপ্তেম্বৰলৈ গ্ৰহণ কৰিবলগীয়া কাৰ্যসূচীসমূহৰ বিষয়বস্তু হৈছে পোষণ ৱাটিকা শীৰ্ষক গছপুলি ৰোপন কাৰ্যসূচী ।

observed national poshan month at kaliabor
কলিয়াবৰত উদযাপন ৰাষ্ট্ৰীয় পোষণ মাহ

সেইদৰে ৮ ছেপ্তেম্বৰৰ পৰা ১৫ ছেপ্তেম্বৰলৈ দ্বিতীয় সপ্তাহটোৰ বিষয়বস্তু হৈছে পৰিপুষ্টিৰ বাবে যোগ আৰু আয়ুষ । আনহাতে, তৃতীয় সপ্তাহৰ বিষয়বস্তু হৈছে অপৰিপুষ্টিৰ জিলাসমূহৰ অংগনবাড়ী হিতাধিকাৰীসকলক আঞ্চলিক পৰিপুষ্টি সঁজুলি বিতৰণ আৰু চতুৰ্থ সপ্তাহৰ বিষয়বস্তু হৈছে অধিক অপৰিপুষ্টি সমস্যাৰ শিশুসকলৰ চিনাক্তকৰণ তথা তেওঁলোকৰ বাবে পুষ্টিকৰ আহাৰ বিতৰণ । পোষণ অভিযান হৈছে শিশু, কিশোৰী, গৰ্ভৱতী মহিলা তথা দুগ্ধপান কৰাই থকা মহিলাসকলৰ পৰিপুষ্টি বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা এক অন্যতম ধ্বজাবাহী আঁচনি ।

observed national poshan month at kaliabor
নগাঁৱত আৰম্ভ 'পোষণ অন হুইল' অভিযান

লগতে পঢ়ক: মাণিকপুৰত উদযাপন ৰাষ্ট্ৰীয় পোষণ মাহ

২০১৮ চনৰ ৮ মাৰ্চত ৰাজস্থানৰ ঝুন ঝুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল । পোষণ অভিযানৰ লক্ষ্যৰ দিশত গুৰুত্ব আৰোপ কৰি চৰকাৰে ২০২১-২২ বৰ্ষৰ বাজেটত দ্বিতীয় পোষণ অভিযানৰ কথা ঘোষণা কৰিছিল । মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে পুষ্টিকৰ খাদ্যৰ যোগান স্থানীয়ভাৱে সহজলভ্য কৰি তোলাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে ।

পোষণ মাহৰ আৰম্ভণি উপলক্ষে নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুবেৰ্দ প্ৰতিষ্ঠানত আয়োজিত এক অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত বৰ্তমানলৈ গৰ্ভৱতী মহিলা আৰু প্ৰসূতিসকলৰ বেংক একাউণ্টলৈ ৮ হেজাৰ ৮০০ কোটি টকাৰো অধিক পৰিমাণৰ পুঁজি মোকলাই দিয়া হৈছে ।

লগতে পঢ়ক: তিনিচুকীয়াত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.