ETV Bharat / city

Operation against drugs : নগাঁৱত নিতৌ জব্দ হৈছে লাখ লাখ টকাৰ ড্ৰাগছ

author img

By

Published : Jan 26, 2022, 11:06 AM IST

নগাঁৱৰ চলচলি কাতিমাৰীৰ পৰা হেৰ'ইনসহ দুই ব্যৱসায়ীক আটক (Drugs paddler arrested in Nagaon)। জব্দ পাঁচ লক্ষাধিক টকাৰ হে'ৰইন ৷ দুয়ো সৰবৰাহকাৰীক জেৰা চলোৱাৰ পৰৱৰ্তী কালত অধিক ড্ৰাগছ ব্যৱসায়ী আটক কৰাৰ সম্ভাৱনা আছে ।

Operation against drugs
Operation against drugs

চামগুৰি, 26 জানুৱাৰী : মঙলবাৰে নগাঁও চহৰৰ সমীপৰ চলচলি কাতিমাৰীত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় সামগ্ৰী (Drugs seized by Nagaon Police)৷ হয়বৰগাঁও আৰক্ষী আৰু সদৰ আৰক্ষীৰ এটা যুটিয়া অভিযানকাৰী দলে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত চলচলি কাতিমাৰী পৰা ড্ৰাগছ সহ দুই ব্যৱসায়িক আটক কৰে(Drug paddler arrested in Nagaon)৷ এই অভিযানত পাঁচ লক্ষাধিক টকাৰ হে'ৰইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ।

উল্লেখ্য যে, ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা বহুকেইটা ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ কৰাৰ লগতে দুখন মটৰ চাইকেলো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । আৰক্ষীয়ে আটক কৰা হেৰ'ইন খিনিৰ বজাৰ মূল্য পাঁচ লক্ষাধিক হ'ব বুলি জানিব পৰা গৈছে । ধৃত ব্যৱসায়ী কেইটা ক্ৰমে ইক্ৰামুল হক আৰু জেহিৰুল ইছলাম । ইতিমধ্যে আৰক্ষীয়ে দুয়োকে মাৰাথন জেৰা অব্যাহত ৰাখিছে । পৰৱৰ্তী সময়ত আৰু অধিক ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।

নগাঁৱত নিতৌ জব্দ হৈছে লাখ লাখ টকাৰ ড্ৰাগছ
সোমবাৰেও নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ(IPS Anand Mishra) নেতৃত্বত চলা এক ড্ৰাগছ বিৰোধী অভিযানত জব্দ হৈছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় সামগ্ৰী (Anti drug operation by IPS Anand Mishra )৷ সোমবাৰে বিয়লি হয়বৰগাঁও আৰক্ষী চকীৰ অধীনৰ মোল্লাপট্টিত অভিযান চলায় নগাঁও আৰক্ষীৰ দলটোৱে ।

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে নগাঁৱৰ মোল্লাপট্টিৰ এটা ভাড়াঘৰৰ পৰা ড্ৰাগছভৰ্তি 74 টা কন্টেইনাৰ আৰু নগদ ধনসহ এজন সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় (Drug peddler arrested in Nagaon)। সৰবৰাহকাৰীটোৰ নাম ছাদ্দাম হুছেইন । নগাঁৱৰ জুৰীয়াৰ পৰা নগাঁও চহৰৰ এটা ভাড়াঘৰত থাকি ড্ৰাগছৰ সৰবৰাহ কৰি আছিল সৰবৰাহকাৰীটোৱে । সোমবাৰে নগাঁও আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পিছতেই অভিযান চলায় মোল্লাপট্টিৰ ভাড়াঘৰটোত ।

লগতে পঢ়ক : Anti Drug Mission in Nagaon: নগাঁৱত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.