সৌন্দৰ্যবৰ্দ্ধনত আৰু এখোজ নগাঁও চহৰৰ

author img

By

Published : Aug 31, 2022, 5:30 PM IST

Ashok Singhal inaugurate 3 Parks in Nagaon
সৌন্দৰ্যবৰ্দ্ধনত আৰু এখোজ নগাঁও চহৰৰ ()

সৌন্দৰ্যবৰ্দ্ধনত আৰু এখোজ আগবাঢ়িল নগাঁও চহৰ । অমৃত কানন, ক্লক টাৱাৰৰ পাছত বুধবাৰে নগাঁও চহৰত মুকলি হ'ল তিনিখনকৈ আটকধুনীয়া উদ্যান । দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা উদ্যান তিনিখন প্ৰায় চাৰিকোটি টকা ব্যয়সাপেক্ষে পুনঃনিৰ্মাণ কৰা হৈছে ৷ উদ্যানকেইখন উদ্ধোধন কৰে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে(Ashok Singhal inaugurate 3 Parks in Nagaon) ।

নগাঁও, 31 আগষ্ট: নগাঁৱৰ বাবেই এটা ভাল খবৰ । নগাঁওবাসীৰ আমোদ প্ৰমোদৰ বাবে পুনৰ মুকলি মৃত্যুদিশে গতি কৰা তিনিখনকৈ উদ্যান । কলঙৰ বাকৰি নেহেৰুবালীৰ সমীপৰ প্ৰণৱ বৰুৱা উদ্যানেই আছিল নগাঁওবাসীৰ আমোদ প্ৰমোদৰ একমাত্ৰ উদ্যান(Pranab Baruah Children Parks at Nagaon town) । কিন্তু বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা উদ্যানখনে গতি কৰিছিল মৃত্যুৰ দিশে । বন্ধ হৈ পৰিছিল শিশুৰ পৰা যুৱক-যুৱতী সকলোৰে আপোন প্ৰণৱ বৰুৱা উদ্যান ।

সৌন্দৰ্যবৰ্দ্ধনত আৰু এখোজ নগাঁও চহৰৰ

কেৱল প্ৰণৱ বৰুৱা উদ্যানেই নহয়, নগাঁও চহৰৰ ব্যাপ্তিষ্ট মণ্ডলীৰ সমীপৰ মহেন্দ্ৰনাথ ডেকা ফুকন উদ্যান, সাৰদাকান্ত বৰদলৈ উদ্যানো বন্ধ হৈ পৰিছিল । কিন্তু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত পুনৰ প্ৰাণ পাই উঠিল নগাঁও চহৰৰ তিনিখনকৈ উদ্যান । চৰকাৰৰ অমৃত আঁচনিৰ অধীনত নগাঁও চহৰৰ এই তিনিখনকৈ উদ্যান আটকধুনীয়াকৈ পুনৰ নিৰ্মাণৰ পিছত বুধবাৰে মুকলি কৰা হয় নগাঁওবাসীৰ আমোদ প্ৰমোদৰ বাবে ।

বুধবাৰে কেইবাটাও কাৰ্যসূচী হাতত লৈ নগাঁৱত উপস্থিত হোৱা নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে উদ্বোধন কৰে প্ৰায় চাৰি কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা উদ্যান তিনিখন । প্ৰথমেই নগাঁও চহৰৰ ব্যাপ্তিষ্ট মণ্ডলীৰ সমীপৰ মহেন্দ্ৰনাথ ডেকা ফুকন পাৰ্কৰ উদ্ধোধন কৰাৰ পিছতেই বিধায়ক ৰূপক শৰ্মাৰ লগত সাৰদাকান্ত উদ্যান আৰু তাৰ পিছতেই নেহেৰুবালীৰ সমীপৰ প্ৰণৱ বৰুৱা উদ্যানৰ শুভাৰম্ভ কৰে মন্ত্ৰী সিংঘালে ।

এই তিনিখন উদ্যানৰ উপৰিও নগাঁও চহৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে আৰু কেইবাটাও আঁচনি হাতত লোৱাৰ কথা উল্লেখ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । উল্লেখযোগ্য যে, বুধবাৰে নগাঁৱত উপস্থিত হোৱা মন্ত্ৰী অশোক সিংঘালে গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত সখী এক্সপ্ৰেছ আঁচনিত মহিলাসকলৰ মাজত বিতৰণ কৰে স্কুটী । ইয়াৰোপৰিও অম্ৰূত (Amrut) পানী যোগান আঁচনি পৰিদৰ্শন, চৰকাৰী বিষয়াৰে পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : অসম চিকিৎসা সেৱা নিগমৰ জৰিয়তে সুলভ মূল্যত লাভ কৰিব ঔষধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.