ETV Bharat / city

ড° নৰেন কলিতালৈ অসম সাহিত্য সভাৰ প্ৰজ্ঞাভূষণ সন্মান

author img

By

Published : Oct 14, 2021, 9:58 PM IST

ড° নৰেন কলিতালৈ অসম সাহিত্য সভাৰ প্ৰজ্ঞাভূষণ সন্মান প্ৰদান
ড° নৰেন কলিতালৈ অসম সাহিত্য সভাৰ প্ৰজ্ঞাভূষণ সন্মান প্ৰদান

বিশিষ্ট গৱেষক পণ্ডিত ড৹ নৰেন কলিতালৈ অসম সাহিত্য সভাৰ প্ৰজ্ঞাভূষণ সন্মান । তিলকচন্দ্ৰ মজুমদাৰক প্ৰদান কৰা হয় উত্তৰ আমেৰিকা শাখা সাহিত্য সভা ড৹ মাইলছ বন্সন বঁটা ।

নগাঁও, 14 অক্টোবৰ : বৃহস্পতিবাৰে নগাঁৱৰ কমলাদেৱী তোদী স্মৃতি ভৱনত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজাদিনৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠানত কেইবাটাও বঁটা প্ৰদান কৰা হয় । অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট গৱেষক পণ্ডিত ড৹ নৰেন কলিতাক অসম সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ বিশেষ সন্মান হিচাপে "প্ৰজ্ঞাভূষণ" সন্মান প্ৰদান কৰে অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই ।

ড° নৰেন কলিতালৈ অসম সাহিত্য সভাৰ প্ৰজ্ঞাভূষণ সন্মান প্ৰদান

এই বঁটাত আছে গামোচা, চেলেং, গ্ৰন্থৰ টোপোলা, স্মাৰক আৰু মানপত্ৰ । অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অসম সাহিত্য সভাৰ উত্তৰ আমেৰিকা শাখা সাহিত্য সভাৰ ড৹ মাইলছ বন্সন বঁটা ২০২০ প্ৰদান কৰা হয় শংকৰী সংস্কৃতিৰ বিশিষ্ট পণ্ডিত তিলকচন্দ্ৰ মজুমদাৰক । বঁটা প্ৰদান কৰে সভাপতি ড৹ কুলধৰ শইকীয়া, প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণকুমাৰ বৰুৱাই । এই বঁটাত আছে গামোচা ,চেলেং, গ্ৰন্থৰ টোপোলা, স্মাৰক, মানপত্ৰ আৰু দহ হাজাৰ টকাৰ এখন চেক ।

একেদৰে অনুষ্ঠানত গোলাঘাট জিলাৰ সাহিত্য সভাৰ বিষয়ববীয়া তথা সাংবাদিক দিগন্ত কুমাৰ ভূঞা, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ কুমাৰ ভাগৱতীক ২০১৮-২০ বৰ্ষৰ শ্ৰেষ্ঠ সংগঠকৰ বঁটা প্ৰদান কৰা হয় । লগতে হোজাই শাখা সাহিত্য সভা, ৰহাৰ সূৰ্যৱতী শাখা সাহিত্য সভা আৰু ছিপাঝাৰ শাখা সাহিত্য সভাক ২০১৮-২০ বৰ্ষৰ শ্ৰেষ্ঠ শাখাৰ বঁটা প্ৰদান কৰা হয় ।

উল্লেখযোগ্য যে, এই বঁটাসমূহ আছিল ২০১৮-২০ কাৰ্যকালৰ বঁটা । অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত এই বঁটা কেইটি ঘোষণা কৰা হৈছিল যদিও ক’ভিডৰ জটিল পৰিস্থিতিৰ কাৰণে প্ৰদান কৰিব পৰা নাছিল অসম সাহিত্য সভাই । আজি অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই এই বঁটা কেইটি প্ৰদান কৰে ।

লগতে পঢ়কঃ বৰপেটাত অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.