ETV Bharat / city

টীয়কত পথ মেৰামতিৰ দাবীঃ অন্যথা নিৰ্বাচন বৰ্জনৰ হুংকাৰ

author img

By

Published : Sep 2, 2020, 6:34 PM IST

টীয়কত পথ মেৰামতিৰ দাবীত এদল সচেতন মহিলাৰ প্ৰতিবাদ ৷ বুধবাৰে প্ৰখৰ ৰ'দকো নেওচি টীয়কৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী মহিলাসকলৰ ।

Around hundred Women's Protest for road repair at Teok
Around hundred Women's Protest for road repair at Teok

টীয়ক, 2 ছেপ্তেম্বৰ: টীয়কৰ অন্যতম সদাব্যস্ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মাজগাঁও কাৱৈমাৰী, জাঁজীমুখকে ধৰি প্ৰায় 30 খন গাঁৱৰ একমাত্ৰ পথৰ দুৰৱস্থাই এতিয়া জলাকলা খুৱাইছে স্থানীয় ৰাইজক । পথৰ মাজতেই সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত ।

উক্ত পথছোৱা পুনৰ নিৰ্মাণ বা মেৰামতিৰ বাবে বিভিন্ন সময়ত ৰাইজে উৰ্ধতম কৰ্তৃপক্ষক আহ্বান জনাই আহিছে যদিও ৰাইজৰ দাবীৰ প্ৰতি কোনো কেৰেপেই কৰা নাই জন প্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষই । সেয়ে বুধবাৰে প্ৰায় অৰ্ধ শতাধিক মহিলাই হাতে-হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

পথ মেৰামতিৰ দাবী,টীয়কত নিৰ্বাচন বৰ্জনৰ হুংকাৰ

আনহাতে আগন্তুক 21ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পথ মেৰামতি কৰি দিবলৈ দাবী জনায় অন্যথা ভোট বৰ্জন কৰিব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী মহিলা সকলে ৷ লগতে টীয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে ।

লগতে চাওক-ৰাজ্য চৰকাৰ দ্বাৰা অৱহেলিত অসম আন্দোলনৰ নিৰ্যাতিত ভবেন চন্দ্ৰ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.