ETV Bharat / city

ডাঃ দেবেন দত্ত হত্যাকাণ্ড : যোৰহাট জিলা প্ৰশাসনৰ ৰাজহুৱা শুনানী

author img

By

Published : Sep 3, 2019, 5:05 PM IST

আৰক্ষীৰ জালত পৰিল ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত জড়িত আৰু 11 জন ৷

ডা: দেবেন দত্ত হত্যাকাণ্ড: যোৰহাট জিলা প্ৰশাসনৰ ৰাজহুৱা শুনানী

টীয়ক, 3 ছেপ্তেম্বৰ : ৰাজ্য কঁপাই যোৱা যোৰহাট জিলাৰ টিয়ক চাহ বাগিছাৰ চিকিৎসক ডাঃ দেবেন দত্ত হত্যাকাণ্ড সন্দৰ্ভত যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত টীয়কৰ ৰাজহ চক্ৰ বিষযা কাৰ্যালয়ত আজিৰ পৰা 5 ছেপ্তেম্বৰলৈকে অনুষ্ঠিত হৈছে ৰাজহুৱা শুনানি ৷ এই শুনানি গ্ৰহণ কৰিছে অতিৰিক্ত উপায়ুক্ত শোভন গোৱালাই ৷ মঙলবাৰে ঘটনা সন্দৰ্ভত মৃত শ্ৰমিক সমৰা মাঝিৰ পত্নীকে ধৰি টীয়ক চাহ বাগিচাৰ কেইবাগৰাকীও মহিলা,আটছাৰ টীয়ক উপ শাখাৰ বিষয়বীয়া,বাগিচাৰ কেইজনমান কৰ্মচাৰী, অন্যান দল সংগঠৰ প্ৰতিনিধিয়ে সাক্ষ্য প্ৰদান কৰে ৷

ডা: দেবেন দত্ত হত্যাকাণ্ড: যোৰহাট জিলা প্ৰশাসনৰ ৰাজহুৱা শুনানী


ইফালে চিকিৎসকজনৰ হত্যাকাণ্ডৰে জড়িত আৰু 11জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে ৷ আটকাধীন অভিযুক্ত সকল হ'ল-দেৱেশ্বৰ ৰাজোৱাৰ, কাৰ্তিক ভূমিজ,ৰামদেৱ মাঝি, কালচিৰণ মাহিলী, ৰামেশ্বৰ ভূমিজ,বিজিত মাহিলী,সঞ্জয় ৰাজোৱাৰ, ৰাহুল ৰাজোৱাৰ, জিন্টু মাঝি আৰু পিংকু মাঝি আৰু শিৱ মাহলী ৷ এই পৰ্যন্ত ঘটনাৰে জড়িত মুঠ ৩৭ জন অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে ৷

Intro:Body:টীয়কৰ ডা:দেবেন দত্ত হত্যাকাণ্ডৰ লগত জড়িত আৰু ১১জনক আটক
TEOK:ডা: দেবেন দত্ত হত্যাকাণ্ডৰ লগত জড়িত আজি আটক কৰা ১১ অভিযুক্ত----দেৱেশ্বৰ ৰাজোৱাৰ, কাৰ্তিক ভূমিজ,ৰামদেৱ মাঝি, কালচিৰণ মাহিলী, ৰামেশ্বৰ ভূমিজ,বিজিত মাহিলী,সঞ্জয় ৰাজোৱাৰ, ৰাহুল ৰাজোৱাৰ, জিন্টু মাঝি আৰু পিঙ্কু মাঝি, শিৱ মাহলী।এই পৰ্যন্ত ঘটনাৰ সৈতে জড়িত মুঠ ৩৭ জনক আটক কৰিছে আৰক্ষীয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.