ETV Bharat / city

শহুৰৰ ঘৰলৈ আহি ড্ৰাগছসহ আৰক্ষীৰ জালত জোঁৱাই

author img

By

Published : May 25, 2022, 10:53 PM IST

heroin-seized-in-jorhat-and-tamulpur
ৰাজ্যৰ বিভিন্ন ঠাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী অভিযান

বুধবাৰে মৰিয়নিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই হেৰ’ইনসহ এজন লোকক আটক কৰে আৰক্ষীয়ে (Drugs peddler arrested by Police) ৷ তাৰ লগতে তামুলপুৰতো আৰক্ষীয়ে এক অভিযান চলাই এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে প্ৰায় 108 গ্ৰাম হেৰ’ইন জব্দ কৰে ৷

যোৰহাট, 25 মে’: ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs) । যোৰহাট জিলা আৰক্ষীয়েও বিভিন্ন স্থানত এই নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই আহিছে । তেনে এক অভিযানৰ মাজতে মৰিয়নিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই হেৰ’ইনসহ এজন লোকক আটক কৰে আৰক্ষীয়ে ৷

এক গোপন সূত্ৰৰ পম খেদি মৰিয়নিৰ শিলিখা চাহ বাগিচাৰ 11 নম্বৰ লাইনত মৰিয়নি আৰক্ষী তিতাবৰ আৰক্ষীৰ লগতে যোৰহাট আৰক্ষীৰ এটা দলে যুটীয়াভাবে অভিযান চলাই 22 গ্ৰাম হেৰ’ইন জব্দ কৰে (Heroin seized in Jorhat) ৷ লগতে গোলাঘাট জিলাৰ উৰীয়ামঘাটৰ বাসিন্দা অজিত ওৰাং নামৰ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে (Drugs peddler arrested by Police) ৷ ধৃত ওৰাং মৰিয়নী শিলিখা চাহ বাগিছালৈ শহুৰেকৰ ঘৰলৈ আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

ৰাজ্যৰ বিভিন্ন ঠাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী অভিযান

আনহাতে, ড্ৰাগছ বিৰোধী অভিযান সন্দৰ্ভত বিগত কিছুদিনৰপৰা মৰিয়নি নগৰ তথা ইয়াৰ উপকন্ঠ অঞ্চল সমূহত ড্ৰাগছৰ প্ৰচল বৃদ্ধি পোৱাৰ বাবে চিন্তিত হৈ পৰিছে বুলি বিধায়ক ৰূপজ্যোতি কুর্মীয়ে মন্তব্য কৰে ৷

ইফালে, তামুলপুৰ জিলাৰ খন্দিকৰত বুধবাৰে পুৱতি নিশা তামুলপুৰ আৰক্ষীয়ে এক অভিযান চলাই ৰিয়াজুল আলি(35) নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে প্ৰায় 108 গ্ৰাম হেৰ’ইন (Heroin seized in Tamulpur), নগদ 35,000 হাজাৰ টকা সহ এখন অল্টো, দুখন বাইক আৰু এখন ট্ৰেক্টৰ জব্দ কৰে ।

লগতে পঢ়ক: Rangia police raid against drugs : ৰঙিয়াত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.