ETV Bharat / city

সৱল গণতন্ত্ৰৰ বাবে ভোটাৰৰ সাক্ষৰতা!

author img

By

Published : Jan 26, 2020, 12:53 AM IST

সমগ্ৰ দেশৰ লগতে অসমতো নিৰ্বাচন আয়োগৰ নিৰ্দেশক্ৰমে নৱপ্ৰজন্মৰ মাজত ভোটাৰৰ সাক্ষৰতা বৃদ্ধিৰ উদ্দেশ্য আৰম্ভ হৈছে সজাগতামুলক সমদল ৷ যোৰহাটত শুকুৰবাৰে নিৰ্বাচনী বিষয়াই সজাগতামূলক সমদল বাহিৰ কৰাৰ উপৰিও নলবাৰীতো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰে নলবাৰী জিলা নিৰ্বাচনী বিষয়াসকলে ৷

নিৰ্বাচন আয়োগ
সৱল গণতন্ত্ৰৰ বাবে ভোটাৰৰ সাক্ষৰতা!

যোৰহাট, 25 জানুৱাৰীঃ সৱল গণতন্ত্ৰৰ বাবে ভোটাৰৰ সাক্ষৰতা । এই শ্ল'গানেৰে যোৰহাটৰ ৰাজপথত নিৰ্বাচনী বিষয়াৰ সজাগতা মুলক সমদল । সমগ্ৰ দেশৰ লগতে যোৰহাট জিলা নিৰ্বাচন আয়োগৰ নিৰ্দেশ ক্ৰমে শুকুৰবাৰে এটা সজাগতামূলক সমদল বাহিৰ কৰে । জিলা নিৰ্বাচন বিষয়া কাৰ্যালয়ৰ পৰা চহৰখনৰ মাজৰে গতি কৰা সমদলটোৱো নৱপ্ৰজন্মৰ মাজত ভোটাৰৰ সাক্ষৰতা বৃদ্ধিৰ উদ্দেশ্য এই সজাগতামূলক সমদল বাহিৰ কৰে ।

নিৰ্বাচন আয়োগ
সৱল গণতন্ত্ৰৰ বাবে ভোটাৰৰ সাক্ষৰতা!
সৱল গণতন্ত্ৰৰ বাবে ভোটাৰৰ সাক্ষৰতা!

আনহাতে, নলবাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন । নলবাৰী জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত পালন কৰা হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । নলবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদ প্ৰাংগণত জিলা উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰীয়ে উপস্থিত ৰাইজ ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি গণতন্ত্ৰক অধিক শক্তিশালী কৰা কাৰ্যাত অংশ ল'বলৈ আহ্বান জনায় ৷ লগতে ভোটদানৰ সময়ত অপশক্তিৰ দ্বাৰা প্ৰলোভিত ন'হবলৈ আহ্বান জনায় ।

নিৰ্বাচন আয়োগ
সৱল গণতন্ত্ৰৰ বাবে ভোটাৰৰ সাক্ষৰতা!
সৱল গণতন্ত্ৰৰ বাবে ভোটাৰৰ সাক্ষৰতা!

তাৰোপৰি গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি নলবাৰী বতাহগিলা মৌজাৰ শতায়ু গৰাকী ভোটাৰ বক্কাছ আলীক উপায়ুক্তই সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে নতুনকৈ ভোটাৰ তালিকাত সন্নিৱিষ্ট কেইবাগৰাকী যুৱ ভোটাৰকো সম্বৰ্ধনা জ্ঞাপন কৰি গণতন্ত্ৰলৈ আদৰণি জনায় ।

আৰু পঢ়কঃ চৰকাৰী বিদ্যালয়ৰ পাঠ্যপুথিত বিকৃতকৰণ সূত সম্প্ৰদায়ৰ ইতিহাস !

Intro:সৱল গণতন্ত্ৰৰ বাবে ভোটাৰৰ সাক্ষৰতা।।
যোৰহাট জিলাটো সজাগতা মুলক সমদল।।


Body:সৱল গণতন্ত্ৰৰ বাবে ভোটাৰৰ সাক্ষৰতা।এই ছলগানৰে যোৰহাটৰ ৰাজপথত নিৰ্বাচন বিষয়াৰ সজাগতা মুলক সমদল।সমগ্র দেশৰ লগতে যোৰহাট জিলা নিৰ্বাচন আয়োগৰ নিৰ্দেশ ক্ৰমে এটি সজাগতা মূলক সমদল বাহিৰ কৰে।জিলা নিৰ্বাচন বিষয়া কায্যলয়ৰ পৰা চহৰখনৰ মাজৰে গতি কৰা সমদলটোৱো নৱপ্ৰজন্মৰ মাজত ভোটাৰৰ সাক্ষৰতা বৃদ্ধিৰ উদ্দেশ্য পালন কৰে।।



Conclusion:নিৰ্বাচন বিষয়া,পঞ্জীয়ন বিষয়া,ভোঠ গ্ৰহন পয্যায়ৰ বিষয়াৰ পয্যাবেক্ষক ভোট গ্ৰহণ বিষয়া আৰু যোৰহাট জিলা আৰক্ষী, যানবাহন আৰক্ষীয়ে সহযোগিতা কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.