Jishnu Baruah in Titabar : ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীক প্ৰশাসনিক সেৱাৰ প্ৰতি আগ্ৰহী হোৱা আহ্বান জিষ্ণু বৰুৱাৰ

author img

By

Published : Aug 10, 2022, 2:16 PM IST

Jishnu Baruah in Titabar

ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় লোক সেৱা, অসম লোক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে অসমৰ ছাত্ৰ-ছাত্ৰীক উৎসাহ উদ্দীপনা প্ৰদান অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ (Assam Chief secretary advices students to prepare for civil service) ৷ তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক লোক সেৱাৰ দৰে সৰ্বোচ্চ পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে উদ্বুদ্ধ কৰিবলৈ কেতবোৰ বক্তব্য আৰু পৰামৰ্শ প্ৰদান কৰে জিষ্ণু বৰুৱাই ।

তিতাবৰ, 10 আগষ্ট: এদিনীয়া ভ্ৰমণ সূচীৰে তিতাবৰত উপস্থিত হৈ নষ্টালজিক হৈ পৰিল অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা (Chief secretary Jishnu Baruah in Titabar) । অৱসৰ গ্ৰহণৰ পিছতো তিতাবৰৰ বাবে উন্নয়নমূলক কাম কৰি যাব বুলি মন্তব্য কৰে মুখ্য সচিব গৰাকীয়ে । ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় লোক সেৱা, অসম লোক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে অসমৰ ছাত্ৰ-ছাত্ৰীক উৎসাহ উদ্দীপনা প্ৰদান কৰে অসম চৰকাৰৰ মুখ্য সচিব গৰাকীয়ে (Assam Chief secretary advices students to prepare for civil service)।

ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীক প্ৰশাসনিক সেৱাৰ প্ৰতি আগ্ৰহী হোৱা আহ্বান জিষ্ণু বৰুৱাৰ

তিতাবৰবাসী ৰাইজৰ মৰম আৰু চেনেহক কোনোদিনে পাহৰিব নোৱাৰি বুলি উল্লেখ কৰি তেওঁ কয় যে, যোৰহাট জিলাৰ উপায়ুক্ত হৈ থকা সময়ত বিভিন্ন চৰকাৰী কাম-কাজৰ বাবে আহোতে বৃহত্তৰ তিতাবৰ, বৰহোলা, বেকাজানৰ ৰাইজৰ লগত এক মধুৰ সম্পৰ্ক গঢ়ি লৈ উঠিছিল । মুখ্য সচিবগৰাকীয়ে কয়, ‘‘সেই আন্তৰিকতা আজিও জীয়াই আছে । সেয়ে আকৌ তিতাবৰ, বৰহোলা, বেকাজানলৈ আহিছোঁ’’ ।

চাকৰি কালৰ উপৰিও অৱসৰ গ্ৰহণ কৰাৰ পিছতো তিতাবৰ, বৰহোলা, বেকাজানৰ ৰাজহুৱা সমস্যাৰাজি সমাধানৰ লগতে উন্নয়নমূলক কাম-কাজ কৰি যাব বুলিও জিষ্ণু বৰুৱাই উল্লেখ কৰে । মুঠৰ ওপৰত দীর্ঘ সময়ৰ পিছত তিতাবৰ সমষ্টিত উপস্থিত হৈ একপ্ৰকাৰ নষ্টালজিক হৈ পৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব গৰাকী ।

অসম চৰকাৰৰ মুখ্য সচিব গৰাকী প্ৰথমে তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত উপস্থিত হয় । মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে এক বাৰ্তালাপত অংশগ্ৰহণ কৰে । ছাত্ৰ-ছাত্ৰী সকলক ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় লোক সেৱা আৰু অসম লোক সেৱাৰ দৰে সৰ্বোচ্চ পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে উদ্বুদ্ধ কৰিবলৈ কেতবোৰ বক্তব্য আৰু পৰামৰ্শ প্ৰদান কৰে জিষ্ণু বৰুৱাই । লগতে আগন্তুক ১৩-১৫ আগষ্টলৈ ৰূপায়িত হ'বলগা হৰ ঘৰ ত্ৰিৰংগা অনুষ্ঠানৰ সম্পৰ্কেও হাতত ত্ৰিৰংগা পতাকা লৈ সজাগতা সৃষ্টি কৰে (Assam Chief secretary Jishnu Baruah)।

তেওঁক বেকাজানত অঞ্চলবাসীয়ে বিপুলভাৱে আদৰণি জনায় । তেওঁ অসমৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰে লোৱা পদক্ষেপক আদৰণি জনাই প্ৰতিটো বিবাদ মীমাংসাৰ পোষকতা কৰে ।

মুখ্য সচিব গৰাকীক ভ্ৰমণ কালত যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, তিতাবৰ মহকুমাধিপতি গায়ত্ৰী দেৱী হ্যাইলিঙ, কাৰ্যবাহী দণ্ডাধীশ বেদাংগ কাশ্যপ দাস, ৰাজহ চক্ৰ বিষয়া জয়ন্ত বৰা, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, অধ্যক্ষ কুমুদ চন্দ্ৰ কছাৰী, সদস্য বিপুল কছাৰী, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, প্ৰাক্তন আয়ুক্ত সচিব ললিত গগৈ, নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ লিতুল বৰুৱা, সমাজকৰ্মী প্ৰদীপ গগৈ আদিয়ে সংগ দিয়ে ।

লগতে পঢ়ক : Assam Mizoram border dispute: হিমন্ত বিশ্ব শৰ্মাক দিল্লীত লগ কৰিবলৈ আগ্ৰহী জোৰামথাংগা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.