ETV Bharat / city

ৰাজ্যজুৰি অসম গণ পৰিষদৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

author img

By

Published : Oct 14, 2019, 8:50 PM IST

আঞ্চলিকতাবাদৰ ধ্বজাবাহী অসম গণ পৰিষদ দলৰ আজি ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ ৰাজ্যখনৰ কলিয়াবৰ, মৰিগাঁও, টিয়ক, হাইলাকান্দি, নাহৰকটীয়াত পালন অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস ৷

আজি ৰাজ্যজুৰি পালন অসম গণ পৰিষদ দলৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱস

নিউজ ডেস্ক, 14 অক্টোবৰঃ ছবছৰীয়া অসম আন্দোলনৰ ফলস্বৰূপে ৰাজ্যত গঠন হৈছিল অসম গণ পৰিষদ দলৰ ৷ 1985 চনৰ 14 অক্টোবৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু বৰ্তমানৰ অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গোলাঘাটত গঠন কৰা হৈছিল অসম গণ পৰিষদ দল ৷ কিন্তু দুবাৰকৈ প্ৰফুল্ল মহন্তৰ নেতৃত্বত চৰকাৰ গঠন কৰা এই দলটো বৰ্তমান অস্তিত্বৰ সংকটত ভূগিছে ৷ বৰ্তমান বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনৰ প্ৰধান অংশীদাৰ হ'লেও বহু ক্ষেত্ৰত দলীয়া আদৰ্শৰ সৈতে মতানৈক্য দেখা পোৱা যায় বিজেপিৰ লগত ৷

অসম গণ পৰিষদ দলৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱস
অসম গণ পৰিষদ দলৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱস

বৰ্তমানে অসমত সাংগঠনিক ভেঁটি সৱল কৰাৰ লক্ষ্যৰে যোৱা 15 চেপ্তেম্বৰত নৱ প্ৰজন্মৰ মাজত দলটোৰ ভাবমুৰ্তি উজ্জল কৰাৰ লক্ষৰে "অসমৰ বাবে, অগপৰ সৈতে" শীৰ্ষক এক সদস্য ভৰ্তি অভিযান আৰম্ভ কৰা হয় । এই অভিযানৰ নেতৃত্ব বহন কৰিছে প্ৰাক্তন ছাত্ৰ নেতা মণিমাধৱ মহন্তই । এই অভিযান কিমান সফল হয় তাৰ উত্তৰ পৰৱৰ্তী সময়ে দিব যদিও তাৰ উমান দেখা পোৱা গ’ল ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৷

কলিয়াবৰত দিনযোৰা কাৰ্য‍সূচীৰে পালন কৰা হয় 35 সংখ্যক প্ৰতিষ্ঠা দিৱস । য’ত অংশগ্ৰহণ কৰে আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে ৷ প্ৰতিজন অসমীয়াই ৰাষ্ট্ৰীয়বাদৰ কঠোৰ হাতৰ পৰা নিজকে মুক্ত কৰিবলৈ আঞ্চলিকতাবাদক শক্তিশালী কৰিবই লাগিব । অগপ দলেহে আঞ্চলিকতাবাদক শক্তিশালী কৰিব পাৰিব । সেয়ে জাতি-ধৰ্ম নিৰ্বিশেষে অসমৰ অস্তিত্ব ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'বলৈ অগপৰ মজিয়াৰ পৰাই একত্ৰিত হ'ব লাগিব । অগপ দলৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসতেই অসমক ভাল পোৱা অসমীয়া সকল সংকল্পবদ্ধ হওক বুলি উল্লেখ কৰে প্ৰশান্ত ৰাজগুৰুৱে ।

অসম গণ পৰিষদ দলৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱস

ইপিনে মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহতো উদযাপন কৰা হয় অসম গণ পৰিষদৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ অসম গণ পৰিষদক পুনৰ শক্তিশালী কৰাৰ শপত ল'লে মৰিগাঁৱৰ সহস্ৰাধিক অগপ কৰ্মীয়ে । ৰাজ্যৰ বিজেপি শাসনৰ অংশীদাৰ দল ৰূপে থাকি নিজৰ চৰিত্ৰ অক্ষত ৰখোৱা বাবে দলটোৰ সকলো কৰ্মীয়ে এইবাৰ কঁকালত টঙালি বান্ধি ওলাই অহা বুলি মন্তব্য কৰে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ তথা অসমীয়া কথাছবি পৰিচালক বাণী দাসে । বৰ্তমান ৰাজ্যখনত ভাষা, সংস্কৃতিলৈ সংকট নামি আহিছে । সেয়েহে ৰাজ্যৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমীয়া জাতিৰ ভেটি শক্তিশালী কৰিবলৈ হলে অসম গণ পৰিষদৰ বিকল্প নাই । ইতিমধ্যে অগপ দলত ১৬ লাখ কৰ্মী আছে । কোনো ৰাষ্ট্ৰীয় শক্তিৰ হেঁচাত নতশিৰ নহয় অসম গণ পৰিষদ দল । সেয়েহে সোমবাৰৰ এই প্ৰতিষ্ঠা দিৱসতে ৰাজ্যত পুনৰ শক্তিশালী কৰাৰ সংকল্পবদ্ধ হোৱা কথা উল্লেখ কৰে ।

টীয়ক সমষ্টিটো দিনযোৰা কাৰ্যসূচীৰে কাকজান কৃষ্টি কেন্দ্ৰত উদযাপন কৰা হয় ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস । টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা উপস্থিত থকা সভাখনত টীয়ক সমষ্টিৰ বহু বৰেণ্য ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় । ৰাজ্যৰ আন ঠাইৰ লগতে হাইলাকান্দি জিলাতো অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷

Intro:অসমৰ আঞ্চলিকতাবাদৰ ধ্বজাবাহী অসম গণ পৰিষদ দলৰ ৩৫ সংখ‍্যক প্ৰতিষ্ঠা দিৱস

কলিয়াবৰত দিনযোৰা কাৰ্য‍্যসূচীৰে বৰভগীয়া ৰংঘৰ প্ৰাঙ্গনত আয়োজন

দলীয় শীৰ্ষ বিষয়াবৰ্গৰ লগতে উপস্থিত "আমাৰ অসম" কাকতৰ সম্পাদক, বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুBody:ছবছৰীয়া অসম আন্দোলনৰ ফচল অসম গণ পৰিষদ দল প্ৰতিষ্ঠা হৈছিল ১৯৮৫ চনৰ ১৪ অক্টোবৰ গোলাঘাটত। আঞ্চলিকতাবাদৰ ধ্বজাবাহী দলটোৱে দুবাৰকৈ প্ৰফুল্ল মহন্তৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল। কিন্তু বৰ্তমান সময়ত দলটো অস্তিত্বৰ সংকটত ভূগিছে বুলি ক'লেও অত‍্যুক্তি কৰা নহ'ব। বৰ্তমান ভাজপা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰধান অংশীদাৰ হ'লেও বহু ক্ষেত্ৰত দলীয়া আদৰ্শৰ মতানক‍্য ভাজপাৰ লগত দেখা যায়।
তাৰ মাজতে দলটোৱে অসমত সাংগঠনিক ভেঁটি সৱল কৰাৰ লক্ষ‍্যৰে যোৱা ১৫ চেপ্তেম্বৰ তাৰিখৰ পৰা নৱ প্ৰজন্মৰ মাজত দলটোৰ ভাবমুৰ্তি উজ্জল কৰাৰ লক্ষৰে "অসমৰ বাবে, অগপৰ সৈতে" শীৰ্ষক এক সদস‍্য ভৰ্তি অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ নেতৃত্ব বহন কৰিছে প্ৰাক্তন ছাত্ৰ নেতা মণিমাধৱ মহন্তই। মণিমাধৱ মহন্তই এই অভিযানক গতিশীলতা দিয়াৰ লক্ষ‍্যৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দলীয় সদস‍্য ভৰ্তি কাৰ্য‍্যত ব্ৰতী হৈ আছে। এই অভিযানত কিমান সফল হয় তাৰ উত্তৰ পৰৱৰ্তী সময়ে দিব যদিও তাৰ উমান আজিৰ ৩৫ সংখ‍্যক প্ৰতিষ্ঠা দিৱসত পোৱা গ'ল।
৩৫ সংখ‍্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অগপই নিজৰ অস্তিত্বৰ প্ৰমান স্বৰূপে সমগ্ৰ অসমতে বিস্তৃত কাৰ্য‍্যসূচী হাতত লৈছে।
কলিয়াবৰতো কলিয়াবৰ অগপই বৰভগীয়া স্থিত ৰংঘৰত দিন যোৰা কাৰ্য‍্যসূচীৰে পালন কৰে। মুকলি সভাত অংশগ্ৰহণ কৰি আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে বৰ্তমান পৰিস্থিতিত অগপ দলৰ প্ৰাসঙ্গিকতাৰ ওপৰত আলোকপাত কৰে। প্ৰতিজন অসমীয়াই ৰাষ্ট্ৰীয়বাদৰ কঠোৰ হাতোৰাৰ পৰা নিজকে মুক্ত কৰিবলৈ আঞ্চলিকতাবাদক শক্তিশালী কৰিবই লাগিব। অগপ দলেহে আঞ্চলিকতাবাদক শক্তিশালী কৰিব পাৰিব। সেয়ে জাতি-ধৰ্ম নিৰ্বিশেষে অসমৰ অস্তিত্ব ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'বলৈ অগপৰ মজিয়াৰ পৰাই একত্ৰিত হ'ব লাগিব। অগপ দলৰ ৩৫ সংখ‍্যক প্ৰতিষ্ঠা দিৱসতেই অসমক ভাল পোৱা সকলো অসমীয়া সঙ্কল্পবদ্ধ হওক।
আজিৰ সভাত অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মণিমাধৱ মহন্তই "অসযৰ বাবে আগপৰ সৈতে" খোজত খোজ মিলাই অসমীয়া জাতিটোক আগবঢ়াই নিবলৈ আহ্বান জনাই।
প্ৰতিষ্ঠা দিৱসৰ লগত সঙ্গতি ৰাখি কলিয়াবৰৰ বিশিষ্ট ব‍্যক্তি, শিল্পী, সাহিত‍্যিক, ক্ৰীড়বিদ আৰু অগপ দলৰ প্ৰতিষ্ঠা কালৰ বয়োজ‍্যেষ্ঠ বিষয়-ববীয়া, সদস‍্যক সম্বৰ্দ্ধনা জনাই‌।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.