বোন্দাত গোৰ্খা সম্প্ৰদায়ৰ দুদিনীয়া ভানু জয়ন্তী সমাৰোহ

author img

By

Published : Aug 20, 2022, 6:10 PM IST

Vanu Jayanti celebrations of Gorkha community at Bonda

দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা বোন্দাত আয়োজন কৰা হয় ৫১ সংখ্যক ভানু জয়ন্তী সমাৰোহ (Vanu Jayanti celebrations of Gorkha community at Bonda) ৷ এই সমাৰোহৰ পতাকা উত্তোলন কৰে ভানু জয়ন্তী সমাৰোহ সমিতিৰ সভানেত্ৰী লক্ষ্মী চুবেদীয়ে আৰু শ্বহীদ তৰ্পন কৰে বোন্দাৰ গাঁওবুঢ়া ভানা ৰাম লালুঙে ।

গুৱাহাটী, ২০ আগষ্ট : শনিবাৰৰ পৰা মহানগৰীৰ বোন্দাত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় ৫১ সংখ্যক ভানু জয়ন্তী সমাৰোহ (51st Vanu Jayanti) ৷ বোন্দাৰ জনজাতি ক্ৰীড়া আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ খেলপথাৰত দক্ষিণ পূৱ গুৱাহাটী ভানু জয়ন্তী সমাৰোহ সমিতিৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ (Vanu Jayanti celebrations of Gorkha community at Bonda) ৷

বোন্দাত গোৰ্খা সম্প্ৰদায়ৰ দুদিনীয়া ভানু জয়ন্তী সমাৰোহ

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি শনিবাৰে পুৱাৰ ভাগত সমাৰোহৰ পতাকা উত্তোলন কৰে ভানু জয়ন্তী সমাৰোহ সমিতিৰ সভানেত্ৰী লক্ষ্মী চুবেদীয়ে । লগতে শ্বহীদ তৰ্পন কৰে বোন্দাৰ গাঁওবুঢ়া ভানা ৰাম লালুঙে । ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নানা খেল-ধেমালি আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ।

শনিবাৰে দিনৰ ভাগত আয়োজিত হোৱা এই মুকলি সভাত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ।

উল্লেখ্য যে, ভানু জয়ন্তী সমাৰোহৰ মুকলি সভাত অসম গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক পীতাম্বৰ যোশী, দক্ষিণ পূৱ গুৱাহাটী ভানু জয়ন্তী সমাৰোহ সমিতিৰ সভানেত্ৰী লক্ষ্মী চুবেদী, মুখ্য উপদেষ্টা বিষ্ণু প্ৰসাদ সুবেদী, কাৰ্যকৰী সভাপতি সূৰ্য প্ৰসাদ শৰ্মা, মুখ্য সম্পাদক ৰাম নাৰায়ণ সুবেদীৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : গুৱাহাটীত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.