ETV Bharat / city

উপ-নিৰ্বাচনত বিৰোধীৰ ঐক্যক লৈ চলা চৰ্চাৰ অন্ত

author img

By

Published : Sep 18, 2021, 6:31 PM IST

উপ-নিৰ্বাচনত বিৰোধীৰ ঐক্যক লৈ চলা চৰ্চাৰ অন্ত
উপ-নিৰ্বাচনত বিৰোধীৰ ঐক্যক লৈ চলা চৰ্চাৰ অন্ত

উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰা অখিল গগৈয়ে প্ৰথমেই ঘোষণা কৰিলে থাওৰা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম । উপ নিৰ্বাচনত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দিতা কৰিব । ভৱানীপুৰ আৰু গোসাইগাঁৱত প্ৰাৰ্থী দিব এআইইউডিএফ দলে । থাওৰাত চিপিআই দলেও প্ৰতিদ্বন্দিতা কৰিব । এতিয়াও অস্পষ্ট অসম জাতীয় পৰিষদৰ ভূমিকা। বিৰোধীৰ ভোট বিভাজনে যে, প্ৰকান্তৰে বিজেপিক সহায় কৰিব সেয়া প্ৰায় নিশ্চিত ।

গুৱাহাটী,১৮ ছেপ্তেম্বৰঃ ৰাজ্যৰ ছটা সমষ্টিত অনুষ্ঠিত হ'ব লগীয়া উপ-নিৰ্বাচনৰ বাবে সকলো দলেই ইতিমধ্যে তৎপৰ হৈ পৰিছে । বিজেপি নেতৃত্বৰ মিত্ৰজোঁটে ইতিমধ্যেই নিৰ্বাচনী সমীকৰণৰে কাৰ্যতঃ প্ৰচাৰত নামি পৰিছে । ইফালে বিৰোধী দলসমূহে উপ-নিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ লক্ষ্যৰে পৰস্পৰে পৰস্পৰৰ লগত আলোচনাত মিলিত হৈছিল যদিও মূলতঃ কোনো ফলাফল নোলাল ।

উপ-নিৰ্বাচনত বিৰোধীৰ ঐক্যক লৈ চলা চৰ্চাৰ অন্ত
উপ-নিৰ্বাচনত বিৰোধীৰ ঐক্যক লৈ চলা চৰ্চাৰ অন্ত

উপ-নিৰ্বাচনত বিৰোধী দলসমূহৰ মাজত যে কোনোধৰণৰ বুজাবুজি নহয় সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিল । উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ জল্পনা-কল্পনাৰো অন্ত পৰিল । বিশেষকৈ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্ৱেই উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ কথা কোৱা বিধায়ক অখিল গগৈৰ নেতৃত্বৰ ৰাইজৰ দলে থাওৰা সমষ্টিৰ প্ৰাৰ্থী নাম ঘোষণা কৰিলে ।

উপ-নিৰ্বাচনত বিৰোধীৰ ঐক্যক লৈ চলা চৰ্চাৰ অন্ত
উপ-নিৰ্বাচনত বিৰোধীৰ ঐক্যক লৈ চলা চৰ্চাৰ অন্ত

লগতে পঢ়কঃ 20 দিনীয়াকৈ নৰেন্দ্ৰ মোদীৰ জন্মদিন পালন সম্পৰ্কত কি কয় ৰাণা গোস্বামীয়ে ?

ইয়াৰ তাৰ লগে লগে স্পষ্ট হৈ পৰিল যে, বিৰোধী দল সমূহৰ মাজত উপ-নিৰ্বাচনকেন্দ্ৰীক কোনো মিত্ৰতা নহয় । বাৰম্বাৰ উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰা অখিল গগৈয়ে নিজেই বিৰোধী ঐক্যলৈ পিঠি দি আগে-ভাগে ধৈর্য কোঁৱৰক থাওৰাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ।

আনহাতে ইতিমধ্যে কংগ্ৰেছে ঘোষণা কৰিছে যে, উপ-নিৰ্বাচনত দলটোৱে অকলে প্ৰতিদ্বন্দিতা কৰিব । বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটৰো এতিয়া অস্তিত্ব নাই । এ আই ইউ ডি এফ দলেও ভৱানীপুৰ আৰু গোসাইগাঁৱত প্ৰতিদ্ধন্দিতা কৰিবলৈ সাজু হৈছে । ইফালে থাওৰাত চিপিআই দলেও প্ৰতিদ্বন্দিতা কৰিব ।

উপ-নিৰ্বাচনত বিৰোধীৰ ঐক্যক লৈ চলা চৰ্চাৰ অন্ত
উপ-নিৰ্বাচনত বিৰোধীৰ ঐক্যক লৈ চলা চৰ্চাৰ অন্ত

অধিবক্তা তথা একালৰ অখিল গগৈৰ সহযোগী কৃষ্ণ গগৈ হ'ব সমষ্টিটোত চি পিআইৰ প্ৰাৰ্থী । আনহাতে উপ-নিৰ্বাচনত অসম জাতীয় পৰিষদৰ ভূমিকা কি হ'ব সেয়া আজিৰ তাৰিখতো অস্পষ্ট। বিধানসভা নিৰ্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম নোহোৱা অসম জাতীয় পৰিষদে উপ-নিৰ্বাচনত অকলে প্ৰতিদ্ধন্দিতা কৰাৰ সাহস কৰা নাই ।

লগতে পঢ়কঃ প্ৰমাণ প্ৰত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহ নকৰিবলৈ গাঁও প্ৰধানক সকীয়নি জয়ন্ত মল্ল বৰুৱাৰ

যাৰ বাবে দলটোৱে এতিয়াও নিজৰ স্থিতি স্পষ্ট কৰা নাই । অৱশ্যে মাজতে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা কৰিছিল । কংগ্ৰেছৰ সৈতে জাতীয় পৰিষদৰ এলানি আলোচনা হৈছিল । পৰৱর্তী সময়ত উপ নিৰ্বাচনকলৈ লৈ অসম জাতীয় পবিষদে ৰহস্যজনকভাৱে মৌনতা অবলম্বন কৰিছে । দলটোৱে এতিয়া নিৰ্বাচনত অবতীর্ণ হ'ব নে অন্য বিৰোধী দলক সমর্থন কৰিব সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই ।

উপ-নিৰ্বাচনত বিৰোধীৰ ঐক্যক লৈ চলা চৰ্চাৰ অন্ত
উপ-নিৰ্বাচনত বিৰোধীৰ ঐক্যক লৈ চলা চৰ্চাৰ অন্ত

বিৰোধী দলৰ ভিতৰত অসম জাতীয় পৰিষদে কংগ্ৰেছৰ, ৰাইজৰ দল নে অন্য দলৰ প্ৰাৰ্থীৰ প্ৰতি সমর্থন জনাব সেয়াও হৈ পৰিছে চর্চাৰ বিষয় । অৱশ্যে এআইইউডি এফ দলক কোনো কাৰণতে সমৰ্থন নকৰাৰ কথা অসম জাতীয় পৰিষদে পূৰ্বতেই সদৰি কৰিছিল । মূলতঃ মহাজোঁট ভংগৰ লগে লগে ইয়াৰ অংশীদাৰী দল সমূহে উপ- নিৰ্বাচনত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ উঠি-পৰি লাগিছে ।

সেইদৰে বিজেপিৰ বিৰুদ্ধে সততে সৰৱ হৈ থকা বিৰোধী দলকেইটাৰ মাজত যে, বিভিন্ন কাৰণত একলগ হোৱাত বাধা আছে সেয়াও ওলাই পৰিল । উপ-নিৰ্বাচনত একলগ হ'ব নোৱাৰা বিৰোধী দলকেইটাই আগন্তুক সময়ত ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পৰিষদীয়, পঞ্চায়ত নিৰ্বাচনৰ পৰা দেশৰ সাধাৰণ নিৰ্বাচনলৈ কিদৰে এখন মঞ্চত থিয় হ'ব তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে ।

বিৰোধীৰ অনৈক্যৰ বিপৰীতে বিজেপিয়ে মিত্ৰদলৰ সহযোগত উপ-নিৰ্বাচনত ৬ টা সমষ্টিতেই যুঁজত অবতীর্ণ হ'ব । বিৰোধীৰ ভোট বিভাজনে যে, প্ৰকান্তৰে বিজেপিক সহায় কৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়কঃ দেহৰক্ষীৰ উদাত্ত আগ্নেয়াস্ত্ৰ সহ মৰিয়নীত আবিৰ্ভাৱ গৰ্গমুনিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.