20 দিনীয়াকৈ নৰেন্দ্ৰ মোদীৰ জন্মদিন পালন সম্পৰ্কত কি কয় ৰাণা গোস্বামীয়ে ?

author img

By

Published : Sep 18, 2021, 5:14 PM IST

apcc-working-president-reacts-on-20-days-long-celebration-of-pm-modis-birthday

বিতৰ্কত প্ৰধানমন্ত্ৰীৰ 20 দিনীয়া জন্মোৎসৱ পালন ৷ ২০ দিনীয়াকৈ জন্মোৎসৱ পালন কাৰ্যসূচীক ধিক্কাৰ দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷

যোৰহাট, 18 ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০ দিনীয়াকৈ জন্মোৎসৱ পালন কাৰ্যসূচীক ধিক্কাৰ দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মোৎসৱক লৈ সৰব হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী । ৰাজ্য চৰকাৰে নিমাতিঘাটৰ সকৰুণ মৃত্যুৰ বেদনা মাৰ নাযাওঁতেই এনেদৰে জন্মোৎসৱ পালন কৰি ৰাজ্যবাসীৰ আগত একপ্ৰকাৰৰ ঘৰিয়ালৰ চকু পানীহে তুকিছে বুলিও মন্তব্য কৰে তেওঁ ।

কৃষ্ণৰ জন্মোৎসৱ দুই- তিনিদিনীয়াকৈ পাতে, জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱো দুই, এদিনীয়াকৈ পালন কৰে ৰাইজে; কিন্তু অসমৰ বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০ দিনীয়াকৈ উপজা দিন পালনেৰে কি কৰিব বিচাৰে বুলিও প্ৰশ্ন কৰে তেওঁ । ৰাজ্যখনৰ উন্নয়নৰ কথা চিন্তা নকৰি বিজেপিয়ে এতিয়া উপজা দিনত ব্যস্ত বুলিও কয় তেওঁ ৷

20 দিনীয়াকৈ নৰেন্দ্ৰ মোদীৰ জন্মদিন পালন সম্পৰ্কত কি কয় ৰাণা গোস্বামীয়ে ?

বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰি যোৰহাট বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে কয় যে দেশত তিনিবাৰ যুদ্ধ হৈছিল ১৯৬২ চনত চীনৰ বিৰুদ্ধে, ১৯৬৫ চনত পাকিস্তানৰ বিৰুদ্ধে, ১৯৯৯ চনত কাৰ্গিলৰ যুদ্ধ ।

এনে যুদ্ধৰ সময়ত ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে ৰিজাৰ্ভ বেংকৰ পৰা এটা টকাও উলিয়াই অনা নাছিল, কিন্তু আজিৰ প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনত ৰিজাৰ্ভ বেংকৰ পৰা ১,৭৬,০০,০০০ কোটি টকা আৰু ২০২১ চনত ৯৯,১২২ কোটি উলিয়াই আনিছে । ''দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ দিনত গঢ়ি উঠা দেশৰ সম্পত্তি এতিয়া বিক্ৰী কৰি দেশখনক লাওলোৱা কৰিব বিচাৰিছে । ৬ লাখ কোটি টকাত বিক্ৰী কৰিব উলিয়াইছে দেশৰ সম্পত্তি ।'' এই বুলিও তেওঁ মন্তব্য কৰে ৷

ইয়াৰ ভিতৰত, ২৭ হাজাৰ কিলোমিটাৰ হাইৱে, ৬ হাজাৰ মেগাৱাট পাৱাৰ জেনেৰেটিং, ২৮ হাজাৰ কিলোমিটাৰ পাৱাৰ ট্ৰেন্সমিশ্যন লাইন, ৮ হাজাৰ কিলোমিটাৰ গেছ পাইপ লাইন, ২১০ লাখ মেট্ৰিক টন ফুড গ্যেইন ষ্টৰেজ, ২,৮৬ লাখ কিলোমিটাৰ টেলিকম ফাইবাৰ আৰু ১৫ হাজাৰ টেলিকম টাৱাৰ, ২৫ টা বিমানবন্দৰ, ৯ বন্দৰ, ৭৬১ টা মাইনিং ব্লক, ২ খনকৈ ৰাষ্ট্ৰীয় ষ্টেডিয়াম, ১.৫২ লাখ কোটি টকাৰ মূল্যৰ ৰেলৱে' থকাৰ কথা কৈ তেওঁ দেশৰ ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি দেশ খনৰ অৰ্থনীতি লাওলোৱা কৰাৰ অভিযোগ কৰে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ।

লগতে পঢ়ক : উপ নিৰ্বাচনৰ মিত্ৰতাৰ প্ৰসংগৰে চৰ্চাত বিৰোধী দল কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.