ETV Bharat / city

চুক্তিভংগ: 'অইল'ক ভয়ংকৰ সকীয়নি পৰেশ বৰুৱাৰ

author img

By

Published : Mar 10, 2022, 3:11 PM IST

ulfa-chief-paresh-barua-warns-oil
চুক্তিভংগ: 'অইল'ক ভয়ংকৰ সকীয়নি পৰেশ বৰুৱাৰ

পৰেশ বৰুৱাই নিজে স্বাক্ষৰ কৰি সংবাদ মাধ্যমলৈ পঠিয়াইছে বিবৃতি । এই বিবৃতিটোত প্ৰতিশ্ৰুতি আৰু চুক্তিভংগৰ অভিযোগত আলফা (স্বা)ই অভিযুক্ত কৰিছে অইল ইণ্ডিয়া লিমিটেডক (ULFA I blames OIL for breaking promise) । সবিশেষ জানো আহক ৷

গুৱাহাটী, ১০ মাৰ্চ: এইবাৰ কোনো প্ৰচাৰ বিভাগৰ সদস্য স্বাক্ষৰিক বিবৃতি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা নাই আলফা(স্বা)ই । বৃহস্পতিবাৰে স্বয়ং বিদ্ৰোহী সংগঠনটোৰ উচ্চতম পৰিষদৰ সভাপতি হিচাপে পৰেশ বৰুৱাই নিজে স্বাক্ষৰ কৰি সংবাদ মাধ্যমলৈ পঠিয়াইছে বিবৃতি । কিয়নো বিষয়টো গুৰুতৰ । আজিৰ এই বিবৃতিটোত প্ৰতিশ্ৰুতি আৰু চুক্তিভংগৰ অভিযোগত আলফা (স্বা)ই অভিযুক্ত কৰিছে অইল ইণ্ডিয়া লিমিটেডক (ULFA I blames OIL for breaking promise) ।

মূলতঃ অইল ইণ্ডিয়া লিমিটেডে শেহতীয়াকৈ প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পদত ডঃ ৰঞ্জিৎ ৰথ নামৰ এজন বিষয়াক নিযুক্তি দিয়াক কেন্দ্ৰ কৰিয়েই আৰম্ভ হৈছে এই সংঘাত । ক্ষুব্ধ হৈ পৰিছে পৰেশ বৰুৱা । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত পৰেশ বৰুৱাই কয়- " আমি আলফা (স্বা) ই অইল ইণ্ডিয়া লিমিটেড, অ' এন জি চি, ভাৰত চৰকাৰ আৰু অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী গৰাকীক জনাব বিচাৰো যে, যোৱা বছৰৰ ১৪ মে'ত আলফা (স্বা)ৰ তৰফৰ পৰা জাৰি কৰা জাননী নম cs-y-02s/s-2021ৰ সাতটা চৰ্তৰ দুই নং চৰ্ত অনুসৰি অসমত থকা তৈল প্ৰতিষ্ঠান সমূহৰ CMD পদ অসমৰ যোগ্য ব্যক্তিৰ বাবে সংৰক্ষণ কৰা ৷

সেই মৰ্মে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সম্পূৰ্ণ দায়িত্ব মুৰ পাতি লৈ সংগঠনৰ দ্বাৰা বান্ধি দিয়া সাতোটা‌ চৰ্ত পূৰণ কৰিব পৰা যাব আৰু উক্ত সমস্যা সমূহ সমাধান কৰিম বুলি আলফা (স্বা) আৰু ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বুলিও সদৰি কৰিছে আলফা(স্বা)ৰ সভাপতি গৰাকীয়ে ।

তেওঁ পুনৰ কয়, '' কিন্তু মুখ্যমন্ত্ৰী গৰাকীৰ সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণ নস্যাৎ কৰি যোৱা ৯ মাৰ্চত অইল ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰকাশ কৰা জাননীত প্ৰতিষ্ঠানটোৰ CMD পদত ডঃ ৰঞ্জিৎ ৰথ নামৰ এজন বহিৰাগত ব্যক্তিক অধিষ্ঠিত কৰা হৈছে, যিটো অসমৰ থলগিৰি জনগনৰ স্বাৰ্থৰ পৰিপন্থী । অইল ইণ্ডিয়াৰ এনে অসম বিৰোধী কাৰ্যক অসমৰ থলগিৰি সংগ্ৰামী জনগনৰ লগতে আলফা (স্বা) য়ো কোনো কাৰণতে সমৰ্থন কৰিব নোৱাৰে । ''

ইয়াৰ লগতে তেওঁ কয়, '' গতিকে আমি অইল ইণ্ডিয়া লিমিটেডক স্পষ্ট কৰি দিও যে এই নিযুক্তি অতি শীঘ্ৰে বাতিল কৰি সেই স্থানত থলগিৰি যোগ্য ব্যক্তিক নিযুক্তি প্ৰদান কৰক । অন্যথা অইল ইণ্ডিয়াৰ বিৰুদ্ধে যিকোনো প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আলফা (স্বা) বদ্ধপৰিকৰ (ULFA chief Paresh barua warns OIL) । "

এইদৰে অইল ইণ্ডিয়াক সকীয়নি দি বিবৃতিটোত পৰেশ বৰুৱাই আৰু কয় - " অসমৰ থলগিৰিৰ প্ৰতি দিল্লীৰ প্ৰতাৰণা এয়াই প্ৰথম নহয় যদিও আমি অসমৰ জনগন আৰু কিমান দিনলৈ শোষিত-বঞ্চিত হৈ জীয়াই থাকিম ? সেয়েহে আমি তৈল প্ৰতিষ্ঠান সমূহত কৰ্মৰত বিষয়া-কৰ্মচাৰী, অসম চিৰকাল অসমীয়াৰ বুলি জাহিৰ কৰা আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটাছু, বীৰ লাচিত সেনা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মটক ছাত্ৰ সন্থা, টাইপাকে আদি কৰি বিভিন্ন দল-সংগঠন আৰু সাধাৰণ জনতাক অইল ইণ্ডিয়াৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনালো । "

লগতে পঢ়ক : Majuli by election : মাজুলীৰ আকাশত উৰিছে গেৰুৱা দলৰ পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.