ETV Bharat / city

তিনি দিনত মহানগৰীৰ তিনিখন থানাৰ পৰা পলাল তিনি আচামী

author img

By

Published : Jul 3, 2022, 7:07 PM IST

Three accused persons escape from police station in Guwahati
মহানগৰীৰ তিনিখন থানাৰ পৰা পলাল তিনি আচামী

আৰক্ষীৰ চকুত ধূলি দি আচামীৰ পলায়ন (Three escape from police station) । তিনিদিনত মহানগৰীৰ তিনিখন থানাৰ পৰা পলাল তিনি আচামী ৷ আৰক্ষীৰ সন্মুখতেই আৰক্ষী চকীৰ পৰা আচামীয়ে পলায়ন কৰা ঘটনাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

গুৱাহাটী, ৩ জুলাই : আৰক্ষীৰ চকুত ধূলি দি আচামীৰ পলায়ন (Three escape from police station) । তিনিদিনত মহানগৰীৰ তিনিখন থানাৰ পৰা পলাল তিনি আচামী । দিছপুৰ, চানমাৰি আৰু হাতীগাঁও থানাৰ পৰা পলাল তিনি আচামী (Three accused persons escape from police station) ।

হাতীগাঁৱৰ থানা পৰা পলাল ট্ৰাক চুৰি গোচৰত অভিযুক্ত এজন আচামী । ইফালে শুকুৰবাৰে দিছপুৰ থানাৰ পৰা পলাল মাকন কাকতি নামৰ এগৰাকী মহিলা আচামী (Woman accused escape from Dispur police station) । ছয়মাইলৰ এটা মাৰপিটৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল মহিলাগৰাকী । স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসাললৈ নিয়াৰ সময়তে আৰক্ষীৰ চকুত ধুলি দি পলাল মহিলা আচামীগৰাকী ।

মহানগৰীৰ তিনিখন থানাৰ পৰা পলাল তিনি আচামী

আনহাতে, শনিবাৰে পুৱা চানমাৰি থানাৰ পৰা পলাল ড্ৰাগছৰ গোচৰত অভিযুক্ত জনি আলী নামৰ এগৰাকী আচামী (One accused escape from Chandmari Police Station) । পূৰ্বেও নুনমাটি এটা হত্যাকাণ্ডৰে জড়িত আছিল জনি আলী । উপ আৰক্ষী আয়ুক্ত সুধাকৰ সিঙে জনোৱা অনুসৰি দেওবাৰে পুৱা ৯.৩০ বজাত লক-আপৰ ভিতৰত বেমাৰৰ ভাও জুৰিছিল জনীয়ে । লক-আপৰ বাহিৰৰ বেঞ্চত আৰক্ষীয়ে বহিবলৈ দিয়া জনীয়ে চানমাৰী আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে ৷

ইপিনে, শনিবাৰেই হাতীগাঁও থানাৰ পৰা ট্ৰাক চুৰি গোচৰত অভিযুক্ত এজন আচামী পলোৱা বুলি জানিব পৰা গৈছে (One accused escape from Hatigaon Police Station) । উল্লেখ্য যে দিছপুৰ আৰক্ষী থানাৰ পৰা আচামী পলোৱা সন্দৰ্ভত দিছপুৰ থানাত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । আৰক্ষীৰ সন্মুখতেই আৰক্ষী চকীৰ পৰা আচামীয়ে পলায়ন কৰা ঘটনাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আৰক্ষীৰ গাফিলতিৰ বাবেই সংঘটিত হৈছে নেকি এই ঘটনা ৷ সেয়া তদন্তৰ শেষতহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক: Encounter in Kachar: কাছাৰত আৰক্ষীৰ গুলীত নিহত দুই ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.