ETV Bharat / city

টেট উত্তীৰ্ণ শিক্ষাৰ্থীক শীঘ্ৰেই নিযুক্তি দিয়াৰ দাবীত চচলত গণ সমাৱেশ

author img

By

Published : Jun 4, 2022, 5:22 PM IST

টেট উত্তীৰ্ণ শিক্ষাৰ্থীক শীঘ্ৰেই নিযুক্তি দিয়াৰ দাবীত সমগ্ৰ অসমৰ টেট উত্তীৰ্ণ শিক্ষিত সমাজ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শনিবাৰে মহানগৰীৰ চচলৰ ধৰ্ণা স্থলীত এক গণ সমাৱেশৰ আয়োজন কৰা হয় (TET qualified candidates demand early appointment ) ।

tet-qualified-candidates-demand-early-appointment
টেট উত্তীৰ্ণ শিক্ষাৰ্থীক শীঘ্ৰেই নিযুক্তি দিয়াৰ দাবীত চচলত গণ সমাৱেশ

গুৱাহাটী,৪ জুন: টেট উত্তীৰ্ণ শিক্ষাৰ্থীক শীঘ্ৰেই নিযুক্তি দিয়াৰ দাবীত সমগ্ৰ অসমৰ টেট উত্তীৰ্ণ শিক্ষিত সমাজ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শনিবাৰে মহানগৰীৰ চচলৰ ধৰ্ণা স্থলীত এক গণ সমাৱেশৰ আয়োজন কৰা হয় (TET qualified candidates demand early appointment ) । সমাৱেশত ভাগ লোৱা ৰাজ্যৰ 33 খন জিলাৰ টেট উত্তীৰ্ণ শিক্ষাৰ্থী সকলে তেওঁলোকৰ সমস্যাৰ ওপৰত আলোকপাত কৰে ।

২০২১ চনত টেট উত্তীৰ্ণ শিক্ষাৰ্থী সকলক DEE আৰু SSA ত নিযুক্তি দিবলৈ সমাৱেশৰ জৰিয়তে চৰকাৰক আহ্বান জনায় । শিক্ষক নিযুক্তিৰ পৰা বঞ্চিত হোৱা প্ৰায় ৩০ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি দিবলৈ দাবী জনাই সমগ্ৰ অসমৰ টেট উত্তীৰ্ণ শিক্ষিত সমাজ কেন্দ্ৰীয় সমিতিয়ে । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা এক লাখ চাকৰিৰ ভিতৰত এই সকল টেট শিক্ষাৰ্থী সকলক নিযুক্তি দিলে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণ হ’ব বুলি টেট উত্তীৰ্ণ শিক্ষিত সমাজে ব্যক্ত কৰে ।

টেট উত্তীৰ্ণ শিক্ষাৰ্থীক শীঘ্ৰেই নিযুক্তি দিয়াৰ দাবীত চচলত গণ সমাৱেশ

টেট উত্তীৰ্ণ শিক্ষকসকলক নিযুক্তি দিলে শিক্ষাখণ্ডত আমোল পৰিৱৰ্তন হোৱাৰ লগতে দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিব বুলি আশা প্ৰকাশ কৰে সমগ্ৰ অসমৰ টেট উত্তীৰ্ণ শিক্ষিত সমাজ কেন্দ্ৰীয় সমিতিয়ে । গণ সমাৱেশৰ অন্তত সন্থাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে এইসকল টেট উত্তীৰ্ণই ।

অনুষ্ঠানত সমগ্ৰ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সত্য প্ৰকাশ নাথ, কাৰ্যকৰী সভানেত্ৰী মীনু ৰয় ,সাধাৰণ সম্পাদক অমৰজ্যোতি ৰয় আদিকে ধৰি বহু সংখ্যক টেট উত্তীৰ্ণ শিক্ষাৰ্থী উপস্থিত থাকে ।

লগতে পঢ়ক : মানিকপুৰত 104 বস্তা বাৰ্মিজ ছুপাৰী জ্বলালে আৰক্ষীয়ে

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.