ETV Bharat / city

আজি অন্তিমটো নিযুক্তি পৰীক্ষা: কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্দ্ধত জাৰি ১৪৪ ধাৰা

author img

By

Published : Sep 11, 2022, 11:14 AM IST

তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ বিতৰ্ক (Assam Direct Recruitment Exam Controversy) সৃষ্টি হোৱাৰ মাজতে শনিবাৰে অনুষ্ঠিত হৈছে তৃতীয় বৰ্গৰ গাড়ী চালকৰ পৰীক্ষা । দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত এই পৰীক্ষা ৷

Section 144 Imposed Within 100 Metres Radius of  Exam center
নিযুক্তি পৰীক্ষাৰ বাবে 100 মিটাৰ দূৰত্বলৈ জাৰি ১৪৪ ধাৰা

গুৱাহাটী, ১১ ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ বিতৰ্ক (Assam Direct Recruitment Exam Controversy) সৃষ্টি হোৱাৰ মাজতে শনিবাৰে অনুষ্ঠিত হৈছে তৃতীয় বৰ্গৰ গাড়ী চালকৰ পৰীক্ষা । দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ তৃতীয় বৰ্গৰ (গাড়ীচালক) পদৰ বাবে দশম শ্ৰেণীত উত্তীর্ণ প্ৰাৰ্থীসকলৰ পৰীক্ষা (কাকত-৫) অনুষ্ঠিত হৈছে ৷ ৰাজ্যৰ ২৪ খন জিলাত ৮৭ টা কেন্দ্ৰত ৬৯,৪৫৩জন প্ৰার্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ।

নিযুক্তি পৰীক্ষাৰ বাবে 100 মিটাৰ দূৰত্বলৈ জাৰি ১৪৪ ধাৰা

উল্লেখ্য যে, কটকটীয়া নিৰাপত্তাৰ মাজতে ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ চাকৰিৰ বাছনি পৰীক্ষা (Exam for Grade III and IV) । পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়চোৱাত ১৪৪ ধাৰা বলৱৎ কৰা, ম'বাইল ইন্টাৰনেট সেৱা কৰ্তন কৰা আদি কঠোৰ নিৰীক্ষণ ব্যৱস্থাৰ মাজত অনুষ্ঠিত হৈ যায় এই পৰীক্ষা । তৃতীয় বৰ্গৰ পদৰ বাবে ২৫খন জিলাত ১৯০৩ কেন্দ্ৰত মুঠ আঠ লাখ ৫২ হেজাৰ ১৮১জন প্ৰার্থী পৰীক্ষাত অৱতীৰ্ণ হয় ।

আনহাতে বিগত ২৮ আগষ্টত ১০ বজাৰপৰা ১২ বজালৈ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে পৰীক্ষা (কাকত-৩) আৰু বিয়লি দুই বজাৰ পৰা চাৰি বজালৈ স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলৰ বাবে পৰীক্ষা (কাকত- ৪) অনুষ্ঠিত হ'য়। আনহাতে ২১ আগষ্টত ৰাজ্যৰ ২৪ খন জিলাত চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈ যায়।

সেইদিনাও পুৱা ১০ বজাৰ পৰা ১২ বজালৈ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ (কাকত ১) আৰু বিয়লি দুই বজাৰ পৰা ৪ বজালৈ অষ্টম শ্ৰেণীলৈকে পঢ়া প্ৰাৰ্থীসকলৰ পৰীক্ষা (কাকাত ২)অনুষ্ঠিত হয়। ৰাজ্যৰ ২৪ খন জিলাৰ মুঠ ১০৩৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয় ।

অৱশ্যে আজি অনুষ্ঠিত হোৱা পৰীক্ষাৰ সময়ছোৱাত ম'বাইল ইন্টাৰনেট সেৱা কৰ্তন কৰা হোৱা নাই যদিও পৰীক্ষা কেন্দ্ৰৰ পৰা 100 মিটাৰ নিলগলৈ ১৪৪ ধাৰা বলৱৎ কৰা হৈছে (Section 144 Imposed Within 100 Metres Radius of Exam center) ৷

লগতে পঢ়ক: গুৱাহাটীৰ ছয়মাইলত হৈছিল টকাৰ লেনদেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.