ETV Bharat / city

Guwahati water supply scandal : ষড়যন্ত্ৰৰ আঁৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল !

author img

By

Published : Nov 28, 2021, 7:10 PM IST

গুৱাহাটীবাসীক 24 ঘণ্টাই খোৱাপানী যোগান ধৰাৰ বাবে বিগত 8/9 বছৰ পূৰ্বে চাৰিটাকৈ পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল যদিও বৰ্তমানলৈকে সম্পূৰ্ণ হৈ উঠা নাই এই প্ৰকল্পৰ কাম ৷ এই পানী যোগান আঁচনিৰ নামত সময়ে সময়ে ব্যাপক কেলেংকাৰী(Guwahati water supply scandal) সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ শনিবাৰে এই কেলেংকাৰীৰ আৰত জড়িত থকা লোকৰ এটা ভিডিঅ’ ৰাজহুৱা কৰে সংগ্ৰামী কৃষক শ্ৰমিক সংঘই (Audio viral of Guwahati water supply scam) ৷

Guwahati water supply scandal
ষড়যন্ত্ৰৰ আঁৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল

গুৱাহাটী, 28 নৱেম্বৰ : গুৱাহাটীত পানী যোগানৰ ঠিকাৰ নামত কমিছন সংগ্ৰহৰ অভিযোগ । 80 কোটিৰ ঠিকাৰ বিপৰীতে 10% কমিছন । জল আয়োগৰ পৰিচালন সঞ্চালকৰ কাৰ্যালয়ত বহিয়েই কমিছনৰ দৰদাম বহিৰাগত দালাল পিতা-পুত্ৰ ৰাজকুমাৰ খাকলিয়া আৰু ৰাঘৱ খাকলিয়াৰ । সমগ্ৰ ঘটনাৰ আঁৰত আছে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল (Minister Ashok Singhal name has been raised in corruption) ৷ এই অভিযোগ সংগ্ৰামী কৃষক শ্ৰমিক সংঘ অসমৰ ।

গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে এক সংবাদমেল সম্বোধন কৰি সংঘৰ সাধাৰণ সম্পাদক দীনেশ দাসে উত্থাপন কৰে এই অভিযোগ ৷ দাসে সংবাদমেলত সদৰি কৰা অনুসৰি বৃহত্তৰ গুৱাহাটীত খোৱাপানী যোগান(Guwahati water supply project)ৰ বাবে সৰ্বমুঠ চাৰিটা প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল যদিও আজিলৈ সম্পূৰ্ণ নহ’ল এই প্ৰকল্পৰ কাম । গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীবাসীৰ জনস্বাস্থ্যৰ অধিকাৰৰ পানীটুপি যোগানৰ বাবে তৎপৰতা দেখুওৱাৰ পৰিৱৰ্তে আঁচনিখন ধোৱাচাঙত পৰিণত কৰাৰহে ষড়যন্ত্ৰত লিপ্ত হৈছে ।

ষড়যন্ত্ৰৰ আঁৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল

তেওঁ লগতে কয় যে, বিভাগীয় মন্ত্ৰীৰ অধীনস্থ জল ব’ৰ্ডৰ পৰিচালন সঞ্চালক সম্পটে নিজ কাৰ্যালয়ত ৰাজকুমাৰ খাকলিয়া আৰু ৰাঘৱ খাকলিয়া নামৰ দুই দালালৰ হতুৱাই থলুৱা ঠিকাদাৰৰ পৰা 10% কমিছন দাবী কৰিছে তাৰ ভিডিঅ’ আছে । সংগ্ৰামী কৃষক শ্ৰমিক সংঘই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহলক মন্ত্ৰীত্বৰ পৰা অপসাৰণৰ দাবী জনায় ৷

তেওঁলোকে লগতে পৰিচালন সঞ্চালক সম্পট আৰু দুই দালাল ৰাজকুমাৰ খাকলিয়া আৰু ৰাঘৱ খাকলিয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনায় । ইয়াৰ লগতে মহানগৰবাসীক অতি শীঘ্ৰে পানী যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনায় সংঘই । সংগ্ৰামী কৃষক শ্ৰমিক সংঘই অন্যথা ৰাইজৰ লগত লগ হৈ চৰকাৰৰ এই কেলেংকাৰীৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক : জলজীৱন মিছন : প্রতিদিনে খৰচ হোৱা পানীৰ হিচাব ল’ব ৰণজিৎ কুমাৰ দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.