ETV Bharat / city

ৰঙিয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা

author img

By

Published : Mar 29, 2021, 9:07 AM IST

Updated : Mar 29, 2021, 1:56 PM IST

ৰঙিয়াৰ কণিহাত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷ জালুকবাৰী সমষ্টিৰ ইভিএম লক্ষীমপুৰ গৈ পোৱা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷

ৰঙিয়াৰ কণিহাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা
ৰঙিয়াৰ কণিহাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা

ৰঙিয়া,29 মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰঙিয়াত তীব্ৰতৰ হৈ উঠিছে প্ৰচাৰ অভিযান । প্ৰচাৰৰ বাবে উপস্থিত হৈছে বিভিন্ন ৰাজনৈতিক দলৰ ৰথী-মহাৰথী । এইবাৰ মহাজোঁটৰ হৈ প্ৰচাৰ চলাবলৈ ৰঙিয়াৰ কণিহাত উপস্থিত হ’ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ।

নিৰ্বাচনী সভাখনত ভাষণ প্ৰসংগত বৰাই বিজেপিয়ে কংগ্ৰেছৰ দিনৰ আঁচনিসমূহ চলাই আছে বুলি মন্তব্য কৰে । তেওঁ কয় যে, প্ৰতিখন আঁচনিৰ দ্বাৰা বিজেপিয়ে আগৰ হিতাধিকাৰীক সুবিধা প্ৰদান কৰি আছে । বিজেপিক কটাক্ষ কৰি কয় যে, বিজেপিয়ে সন্মুখেৰে পাঁচশ টকা দিছে কিন্তু মূল্যবৃদ্ধিৰে এহাজাৰ টকা কাঢ়ি লৈ গৈছে ।

ৰঙিয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা

আনহাতে জালুকবাৰী সমষ্টিৰ ইভিএম লক্ষীমপুৰ গৈ পোৱা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে, এই ঘটনাৰ আঁৰত মাষ্টাৰ মাইণ্ড আছে । আৰু সেইজন কোন সেয়া সকলোৰে জ্ঞাত ৷ লগতে 'কা' সন্দৰ্ভত মন্তব্য কৰি কয় যে, সকলো 'কা' বিৰোধী ভোট কংগ্ৰেছেই পাব । অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিব নোৱাৰে ।

লগতে পঢ়কঃ ভোটগ্ৰহণকাৰী বিষয়াক কৃতজ্ঞতা বিশ্বনাথ জিলা প্ৰশাসনৰ

Last Updated : Mar 29, 2021, 1:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.