ETV Bharat / city

Raijor Dal react on Barshashree: বৰ্ষাশ্ৰীৰ ক্ষেত্ৰত যদি সংবিধান অৱমাননা হৈছে, সঞ্জয় কিষানৰ ক্ষেত্ৰত কি ?

author img

By

Published : Jul 14, 2022, 8:26 PM IST

বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ সমৰ্থনত এইবাৰ ৰাইজৰ দলৰ ভগ্নী সংগঠন জাতীয় নাৰী বাহিনী ৷ বৰ্ষাশ্ৰীক এনেদৰে কাৰাবন্দী কৰি ৰাখি চৰকাৰে চূড়ান্ত অপমান কৰাৰ অভিযোগ সংগঠনটোৰ সভানেত্ৰী ড৹ জ্ঞানশ্ৰী বৰাৰ ৷ বৰ্ষাশ্ৰীৰ পূৰ্বৰ কিবা ৰাষ্ট্ৰদ্ৰোহ গোচৰ আছে নেকি বুলি চৰকাৰলৈ প্ৰশ্ন নেত্ৰীগৰাকীৰ(Gyanashree Bora question to Government) ৷ বৰ্ষাশ্ৰীয়ে আলফালৈ যাবলৈ কি তৎপৰতা চলাইছিল সেয়া স্পষ্ট কৰিবলৈ অসম আৰক্ষীক আহ্বান জনায় ড৹ জ্ঞানশ্ৰী বৰাই ৷

Raijor Dal reaction on barshashree buragohain arrest
চৰকাৰলৈ প্ৰশ্ন জ্ঞানশ্ৰীৰ

গুৱাহাটী,১৪ জুলাই: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ শাসনভাৰ লৈ অসমত উত্তৰ প্ৰদেশৰ দৰে এক নতুন ট্ৰেণ্ড সৃষ্টি কৰিব বিচাৰিছে । টিয়কৰ মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ গ্ৰেপ্তাৰক লৈ এই মন্তব্য ৰাইজৰ দলৰ ভগ্নী সংগঠন জাতীয় নাৰী বাহিনীৰ সভানেত্ৰী ড৹ জ্ঞানশ্ৰী বৰাই ৷ বৃহস্পতিবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ড৹ জ্ঞানশ্ৰী বৰাই ৷

বৰ্ষাশ্ৰীৰ ক্ষেত্ৰত যদি সংবিধান অৱমাননা হৈছে, সঞ্জয় কিষানৰ ক্ষেত্ৰত কি ?

তেওঁ কয় য়ে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিনত পুলিচৰাজ চলিছে(Assam CM Himanta Biswa Sarma) । যাৰ বাবে আজি এনেদৰে মানুহৰ বাক স্বাধীনতা হৰণ কৰা হৈছে । তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লৈ উত্তৰ প্ৰদেশৰ দৰে এক নতুন ট্ৰেণ্ড অসমত সৃষ্টি কৰিব বিচাৰিছে । কবিতা লিখাৰ অপৰাধত জেলত বন্দী কৰি ৰখা বৰ্ষাশ্ৰীৰ পূৰ্বে কিবা ৰাষ্ট্ৰদ্ৰোহ গোচৰ আছে নেকি বুলি চৰকাৰলৈ প্ৰশ্ন কৰে ৰাইজৰ দলৰ নেত্ৰীগৰাকীয়ে(Gyanashree Bora question to Government) । সংবাদ মেলত ড৹ জ্ঞানশ্ৰী বৰাই চৰকাৰক পুনৰ প্ৰশ্ন কৰে যে বৰ্ষাশ্ৰীয়ে এনে কি ৰাষ্ট্ৰদ্ৰোহ কৰিছে যাৰ বাবে অসম পুলিচে ইমান ভয় খাবলগীয়া হ'ল ।

তেওঁ লগতে বৰ্ষাশ্ৰীয়ে আলফালৈ যাবলৈ কি তৎপৰতা চলাইছিল সেয়া স্পষ্ট কৰিবলৈ অসম আৰক্ষীক আহ্বান জনায়(Gyanashree Bora Urge to Assam Police) ৷ জ্ঞানশ্ৰীৰ প্ৰশ্ন, যদিহে বৰ্ষাশ্ৰীৰ ক্ষেত্ৰত সংবিধান অৱমাননা হৈছে, তেনেহ’লে শাসক দলৰ মন্ত্ৰী সঞ্জয় কিষানৰ ক্ষেত্ৰত সংবিধান অৱমাননা নহয় নেকি ? চৰকাৰে খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ মৰা নীতি লৈছে বুলি ব্যক্ত কৰে জাতীয় নাৰী বাহিনীৰ সভানেত্ৰীগৰাকীয়ে ।

তেওঁ লগতে সাধাৰণ মানুহক এনেদৰে অন্যায় আৰু হাৰাশাস্তি নকৰিবলৈ আহ্বান জনাই শীঘ্ৰেই বৰ্ষাশ্ৰীক মুক্তি দিবলৈ চৰকাৰক দাবী জনায় । ৰাইজৰ দলে বৰ্ষাশ্ৰীক জেলৰ পৰা মোকলাই অনাৰ বাবে পাৰ্যমানে আইনী সাহাৰ্য প্ৰদান কৰিব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : Barshashree Burhagohain Case : বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক শীঘ্ৰে মুক্তিৰ দাবী ছাত্র সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.