ETV Bharat / city

মোদীৰ জন্মদিন: বিজেপিয়ে পালন কৰিব সেৱা পষেক

author img

By

Published : Sep 16, 2022, 5:27 PM IST

Etv Bharatমোদীৰ জন্মদিন: বিজেপিয়ে পালন কৰিব সেৱা পষেক
Etv Bharatমোদীৰ জন্মদিন: বিজেপিয়ে পালন কৰিব সেৱা পষেক

হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ সংবাদমেল । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীকে ধৰি মহাত্মা গান্ধীলৈকে কেইবাগৰাকীও ব্যক্তিৰ জন্মদিন সেৱা পষেক হিচাপে পালন কৰা হ'ব । ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ সেৱা পষেকত ৰক্তদান, স্বাস্থ্য শিবিৰ, বৃক্ষৰোপণ আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন ।

গুৱাহাটী,১৬ ছেপ্টেম্বৰ: শনিবাৰৰ পৰা ২ অক্টোবৰলৈ সমগ্ৰ দেশৰ লগতে অসমতো বিজেপিয়ে পালন কৰিব 'সেৱা পষেক'। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীকে ধৰি মহাত্মা গান্ধীলৈকে কেইবাগৰাকীও ব্যক্তিৰ জন্মদিন সেৱা পষেক হিচাপে পালন কৰা হ'ব । আজি গুৱাহাটীৰ হেঙেৰাবাৰীস্থ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (BJP President Bhabesh Kalita)।

মোদীৰ জন্মদিন: বিজেপিয়ে পালন কৰিব সেৱা পষেক
মোদীৰ জন্মদিন: বিজেপিয়ে পালন কৰিব সেৱা পষেক

তেওঁ কয় যে সেৱা পষেকত ৰক্তদান, স্বাস্থ্য শিবিৰ, বৃক্ষৰোপণ আদি বিভিন্ন কাৰ্যসূচী পালন কৰা হ’ব । নৰেন্দ্ৰ মোদীৰ জন্মদিনত কেক নাকাটিবলৈ নাইবা মন্দিৰত নৈবদ্য আগনবঢ়াবলৈ বিজেপি কৰ্মকৰ্তাসকলক আহ্বান জনাই তেওঁ ৰাইজৰ সেৱা কৰিবলৈ কয় (Birthday of Narendra Modi) । তেওঁ বিজেপি কৰ্মকৰ্তাসকলক সেৱামূলক কাৰ্যসূচী ৰূপায়ন কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে ১৭ ছেপ্টেম্বৰত প্রত্যেকখন জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ’ব ।

সর্বাধিক ৰক্তদান কৰা ১০ খন জিলাক সন্মানিত কৰা হ'ব । ১৮ আৰু ১৯ ছেপ্টেম্বৰত স্বচ্ছতা অভিযান চলোৱা হ'ব । সকলো ৰাজহুৱা স্থান, ব্যক্তিগত স্থানত স্বচ্ছতা অভিযান অনুষ্ঠিত কৰা হ'ব । ২০ আৰু ২১ ছেপ্টেম্বৰত ক'ভিড টীকাকৰণ কেন্দ্ৰ তথা চিকিৎসালয়ত সেৱা কাৰ্যক্ৰম অনুষ্ঠিত কৰা হ'ব ।

এই কার্যসূচী বিজেপি সংখ্যালঘু মৰ্চাৰ উদ্যোগত সকলো জিলাতে অনুষ্ঠিত হ’ব (BJP minority Cell)। ২২, ২৩ আৰু ২৪ ছেপ্টেম্বৰত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হ'ব । ১০ খন শ্রেষ্ঠ আয়োজক জিলাক সন্মানিত কৰা হ'ব । আনহাতে ২৫ আৰু ২৬ ছেপ্টেম্বৰত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব ।

২৫ ছেপ্টেম্বৰত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিৱস উপলক্ষে প্ৰতিটো বুথতে তেওঁৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি অৰ্পন কৰা হ'ব (Pandit Dindayal Upadhyay birthday) । আলোকপাত কৰা হ'ব তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰ ওপৰত । ২৫ আৰু ২৬ ছেপ্টেম্বৰত দুদিনীয়া বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব । বৃক্ষৰোপণৰ লগতে ৰোপণ কৰা বৃক্ষৰ লালন পালন কৰাৰ দায়িত্বও ল’ব লাগিব । ২৭ আৰু ২৮ ছেপ্টেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্যক্তিত্ব আৰু কৃতিত্বৰ ওপৰত প্ৰদৰ্শনী অনুষ্ঠিত কৰা হ'ব ।

২৯ আৰু ৩০ ছেপ্টেম্বৰত প্রবুদ্ধ ব্যক্তি সন্মিলন প্রতিখন জিলাতে অনুষ্ঠিত কৰা হ'ব । আনহাতে ১ অক্টোবৰত জল সংৰক্ষণ সফল কৰাৰ বাবে অভিযান চলোৱা হ'ব । প্ৰতিখন মণ্ডলত জল সংৰক্ষণৰ বাবে ঘৰে ঘৰে সম্পৰ্ক অভিযান কৰা হ'ব । ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিৱস উপলক্ষে গান্ধীজীৰ লক্ষ্য, স্বদেশী, খাদী, সাধাৰণ জীৱন যাপন, স্বচ্ছতা আদি প্ৰচাৰৰ হেতু অভিযান চলোৱা হ'ব। স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে সজাগতা অভিযান চলোৱা হ'ব । সংবাদমেলত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাও উপস্থিত আছিল ।

লগতে পঢ়ক: হঠাতে জয়া কলিতা সন্দৰ্ভত নৰম বিজেপিৰ সভাপতি ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.