ETV Bharat / city

ৰঙিয়াৰ ভোটকেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়াৰ

author img

By

Published : Mar 31, 2021, 1:44 PM IST

ৰঙিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা ভোটকেন্দ্ৰলৈ ৰাওনা হ’বলৈ ধৰিছে নিৰ্বাচনী বিষয়াসকল ৷ শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ ৰঙিয়া মহকুমাধিপতিয়ে লৈছে যাৱতীয় ব্যৱস্থা ৷

ৰঙিয়াৰপৰা ভোট কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া সকল
ৰঙিয়াৰপৰা ভোট কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া সকল

ৰঙিয়া,31 মাৰ্চ: ৰঙিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা ভোটকেন্দ্ৰলৈ ৰাওনা হ’বলৈ ধৰিছে নিৰ্বাচনী বিষয়াসকল ৷ ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টি আৰু ৫৬ নং কমলপুৰ বিধানসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ সমষ্টি দুটাৰ ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে নিৰ্বাচনত নিয়োজিত বিষয়াসকল ।

পহিলা এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে বুধবাৰে পুৱাৰ ভাগত প্ৰিজাইডিং বিষয়া, নিৰাপত্তাৰক্ষীসহ পুলিং বিষয়াসকল ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে । ৰঙিয়া মহকুমা প্ৰশাসনে দুয়োটা বিধানসভা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

ৰঙিয়াৰ ভোটকেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়াৰ

উল্লেখ্য যে, ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া বিধানসভা সমষ্টিত ২৭৭ টা ভোটকেন্দ্ৰত মুঠ ১,৯৫,৪৩৯ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰ ভিতৰত ৯৮,৬২৬ গৰাকী পুৰুষ আৰু ৯৬,৮১৩ গৰাকী মহিলা ভোটাৰ আছে ।

আনহাতে, কমলপুৰ বিধানসভা সমষ্টিত ২৫২ ভোটকেন্দ্ৰত মুঠ ১,৮০,৩০৯ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰ ভিতৰত আছে ৯১,১৫৮ গৰাকী পুৰুষ আৰু ৮৯,১৪৩ গৰাকী মহিলা ভোটাৰ ।

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ্য নিৰ্বাচন আয়ুক্তক অভিযোগ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.